অনলাইন চপিং

ৰাতিপুৱা শুই থাকোঁতেই হাজবেণ্ডলৈ ফোন আহিল এমাজনৰ পৰা ‘আপোনাৰ পাৰ্ছেল এটা আছিল।’ বিছনাতে থকা পতিদেৱে কথাটো শুনিয়েই ‘নাই নাই, মই একো অৰ্ডাৰ কৰাই নাই। ৰং নাম্বাৰ।’ ডেলিভাৰী বয় ‘আছে আপোনাৰ এড্ৰেছতে আহিছে মেবিলিনৰ এটা নেইল পলিছ।’ ইফালে হাজবেণ্ডে কথাটো কোনোমতে মানি নলয় তৰ্ক কৰাত লাগিছে। মইও সিহঁতৰ তৰ্ক বিতৰ্ক শুনি লাহেকৈ মাত দিলোঁ ‘আহিবলৈ দিয়া

আমাৰ মাহঁতৰ কমন ডায়লগ/গালি

ক’ত যাৱ দেউতাৰক সুধি যা, মোৰ মূৰটো চোবাই নাথাকিবি। তহঁতে খাই লচোন, মোৰ মন যোৱা নাই খাবলৈ (মানে আজি ভাত বনাওঁতে অলপ কম হ’ল।) লোকৰ ল’ৰা-ছোৱালীক গলিয়াই থাকিলেও নাখায়, আমাৰ আকৌ এইকেইটাৰ খাওঁ খাওঁ মূৰ্তি। মাৰজনী আছে যে চব কৰি দিবই, কিহৰ চিন্তা। এইমখাৰ পৰা হ’বলা মোৰ শান্তি আছে! ক’তো যাব নোৱাৰোৱেই লগতে ওলাব। এইমখাৰ

কইনা ঘৰৰ পদূলিত গোৱা নাম

সংগ্ৰহ কৰোতাঁ – নীতুমণি দেৱী ১) এলেং  সৰু সুঁতাৰ, চেলেংখনি, নিয়ৰে তিতালে গোটেইখনি। কি কৰা শাহুৱাই ভিতৰ সোমাই, নিয়ৰে তিতালে তোমাৰ জোঁৱাইক। ২) শিৱ গোঁসাই আহিছে, ডম্বৰু বজাইছে, শহুৰৰ পদূলিত কইনা ভিক্ষা মাগিছে। দৰা আদৰাৰ নাম ১) এটা বাটিতে লাৰু পৰমান্ন ঐ ৰাম, এটা বাটিতে  দৈ হে, জোঁৱাই আদৰিব আহিছে শাহুআই ঐ ৰাম, হাতে গন্ধে

ছাতি

আজিও আনদিনাৰ দৰে হৰিপ্ৰিয়া মাষ্টৰণী উধামুধাকৈ স্কুললৈ আহিছে। তেওঁ খেলপথাৰখন পাইহি মানে ইতিমধ্যে প্ৰাৰ্থনাৰ বেল পৰিছেই। এটা হাতে ছাতিটো ধৰি আনটো হাতেৰে ফিচিকি যোৱা মেখেলাখন সকলোৱে দেখাকৈ ওলাই গৈছে নেকি পৰীক্ষা কৰি যিমান পাৰে দীঘলকৈ খোজকেইটা দিলে। আজি শেষৰ দিনটোত প্ৰাৰ্থনা সভাখন নাপালে বেয়া লাগিব। সোনকালে স্কুল আহি খেলি থকা ল’ৰা-ছোৱালীকেইটা বেলৰ শব্দ শুনি প্ৰাৰ্থনা

এ টেল অৱ এ হৰৰ কেট

ভূত চতুৰ্দশীৰ পিছদিনাৰ ঘটনা। চৈধ্যগচ চাকি জ্বলাই ভূত খেদাইছিলো যদিও ভূতে মোৰ লগ নেৰিলে। কোনোমতে মোৰ প্ৰাণটো ৰক্ষা কৰিলোঁ ভূতৰ পৰা…। কাহিনীটো এনেকুৱা আছিল– ‘অ হ’ল’ ‘কি হ’ল?’ ‘এইয়া চোৱাহি’ ‘অ কোনে কেনেকৈ?’ ‘মই কি জানো কোনে কেনেকৈ?’ ‘কেনেকৈ হ’ব পাৰে বাৰু!’ ‘আমি শুবলৈ যোৱালৈকে ঠিকেই আছিলতো।’ আগদিনা ইমান কষ্ট কৰি বনোৱা আল্পনাটোৰ আধা ভাঙি

ফেচবুক

বৰুৱানী: হেৰি আজি আবেলি গজা দুটামান, কেক দুপিচমান আৰু নিমকি দুখনমান লৈ আহিবাচোন। বৰুৱা: কিয় কিবা পাতিছা নেকি? বৰুৱানী: এনেই শৰ্মা-শৰ্মানীকো মাতিছো আবেলি চাহ একাপ খাবলৈ। বৰুৱানীৰ কথাই বৰুৱাক ভবাই তুলিলে অলপ সময়ৰ কাৰণে। তেওঁ কেনেবাকৈ কিবা উইছ কৰিবলৈ পাহৰা নাইতো। এনেইতো শৰ্মানীক চাহ খাবলৈ মতাৰ প্ৰশ্নই নুঠে। মনৰ ভিতৰতে গুণা-গথা কৰি লৈ বৰুৱা নিশ্চিত

আচৰিত

‘ মই তাইক মাৰি পেলালোঁ। এইয়া চা, এই দুখন হাতেৰে মই তাইক মাৰি পেলালোঁ। মই কিয় মাৰিলোঁ বাৰু তাইক? মাত্ৰ এটা সৰু কথাতে মই তাইক মাৰি পেলালোঁ মানুহে মানুহক এনেকৈও মাৰি পেলাব পাৰে নে ৰাজীৱ?’  কনিষ্ঠ আৰু মধ্যমা আঙুলিৰ সোমাজত সোমাই থকা চিগাৰেটটো চেন্টাৰ টেবুলখনত থকা এষ্ট্ৰেটোত থৈ অভিনৱে দুয়োখন হাতেৰে নিজৰ মুখখন ঢাকি হুকহুকাই

লক্ষী

‘মা দেউতাই লক্ষীক কিয় ইমান ধুনীয়াকৈ উলিয়াই আছে? আজি তাইক কোনোবাই লৈ যাব নেকি?’ স্কুলীয়া চাৰ্টটো পেন্টটোত খুচি খুচি বাবুৱে বহুত দেৰিৰপৰা দেউতাকক লক্ষীৰ ওচৰত ৰৈ থকা খিড়িকীখনেদি দেখি মাকক সুধিলে। ‘সদায় দেখোন দেউতাৰে লক্ষীক এনেকৈয়ে মৰম কৰে। তঁহত এতিয়া স্কুললৈ যা।’ বাবুৰ মাকেও ককালৰ খুচনিৰপৰা ওলাই যোৱা চাদৰখন আকৌ এবাৰ খুচি বাবুক আৰু মাইনাক

টুটকীয়া

ছয়বছৰীয়া পুতেকে মাকৰ কিছুমান কথাত অতীষ্ঠ হৈ পৰিছে। চব কথাতে ইমান চকু দি থাকে মাকজনীয়ে আৰু সি যি কৰে চব কথা দেউতাকক লগাই দিয়ে। পুতেক: মা কথা এটা সুধোনে? মাক: সোধা বেটা। পুতেক: তুমি টুটকীয়া ন মানে কথা লগোৱা মানুহ ন। মাক (আচৰিত হৈ): কিয় মই কাৰ কথা ক’ত লগালো অ? পুতেক: মোৰ কথা আকৌ।

ৰাণী এলিজাবেথৰ চুলি আৰু নগেনৰ চিন্তা!

নগেন: মই কথা এটা ভাবিছোঁ। খগেন: কি কথা মোকো ক? নগেন: ৰাণী এলিজাবেথৰ চুটি চুলিৰ আঁৰৰ কথা। খগেন: কি অ মোকো কছোন নগেন: ৰাণী এলিজাবেথৰ যে চুলিখিনি চুটি কিয় কচোন? খগেন: মই কেনেকৈ জানিম লোকৰ মানুহৰ চুলিৰ কথা। তইয়ে কছোন। নগেন: ধেই এইটো ইমান সৰু কথাটোও নাজাননে। তই ভাতত এডাল দুডাল চুলি পাৱনে নাই কেতিয়াবা।