আচৰিত

‘ মই তাইক মাৰি পেলালোঁ। এইয়া চা, এই দুখন হাতেৰে মই তাইক মাৰি পেলালোঁ। মই কিয় মাৰিলোঁ বাৰু তাইক? মাত্ৰ এটা সৰু কথাতে মই তাইক মাৰি পেলালোঁ মানুহে মানুহক এনেকৈও মাৰি পেলাব পাৰে নে ৰাজীৱ?’  কনিষ্ঠ আৰু মধ্যমা আঙুলিৰ সোমাজত সোমাই থকা চিগাৰেটটো চেন্টাৰ টেবুলখনত থকা এষ্ট্ৰেটোত থৈ অভিনৱে দুয়োখন হাতেৰে নিজৰ মুখখন ঢাকি হুকহুকাই কান্দি উঠিল।
অলপ সময়ৰ আগতে তাৰ ৰূম আহি পাইছো মই। কালি ৰাতিৰপৰা কেইবাবাৰো ফোন কৰি নাপাই অলপ আগতে নিজেই তাৰ ৰূমলৈ বুলি পোনাই দিলোঁ। তাৰ কথা মই জানোঁ সেয়ে দিনটোত খবৰ এটা নাপালে শান্তি নাপাওঁ। আগৰকেইদিন ফেচবুক, হুৱাটচএপত অনলাইন দেখি আছিলোঁ কাৰণে চিন্তা কৰা নাছিলোঁ। কিন্তু কালি দিনটো নেদেখি চিন্তাত পৰি ৰাতিলে ফোন লগালো। ফোনটো নাপাইহে চিন্তা বাঢ়ি গৈছিল। আহি পায়েই তাৰ ঘৰৰ অৱস্থা, তাৰ নিজৰ অৱস্থা দেখি কি কৰিম ভাবি পোৱা নাই। সোমাই আহিয়ে ৰূমটোত থকা চকীখনত বহি লৈ তাক এই অৱস্থাৰ কথা কুটুৰি কুটুৰি সুধি থকাৰ পিছত এসময়ত সি মোক আচৰিত কৰি স্বাগতাক মাৰি পেলোৱাৰ কথা কান্দি কান্দি কয়। তাৰ কথাবোৰ শুনি মোৰ ভৰিৰ তলৰপৰা মাটিখিনি হঠাতে নোহোৱা হৈ যোৱা যেন লাগিল। কিনো নোহোৱা নোপোজা কথা কৈছ বুলি তাক দুথাপৰ লগাবলৈও মন গ’ল।
আজি এই এসপ্তাহতে ল’ৰাটো দেখোন সাংঘাটিক সলনি হৈ গ’ল। মদ খাই খাই ৰঙা হৈ উখহি পৰা চকু , কেইবাদিনৰো নকটা দাড়ি, জধলা চুলি হয়তো গাটো নুধুৱাও এসপ্তাহমানেই হৈ গ’ল কিজানি। তাক এই অৱস্থাত দেখিলে কোনে ক’ব এখন কলেজৰ সি যে পদাৰ্থ বিজ্ঞানৰ এজন লেকচাৰাৰ। কি যে কৰি পেলাইছে নিজকে। কাষৰ ৰূমটোলৈ যাবই নোৱাৰি মদৰ বটলৰ ভেকেটাভেকেট গোন্ধ  লগতে কেইবাদিনৰো আগৰ পিজ্জা আৰু তন্দুৰী চিকেনৰ টুকুৰাবোৰ। সেইকেইটা সেইদিনা চাগে মই থাকোতেই অৰ্ডাৰ কৰি অনা শেষৰখিনি। এইবোৰকে লৈ ঘৰটোত থকা নিগনি, পৰুৱা, পইতাচোৰাবোৰে ৰাজভোগ কৰিছে।
এতিয়া আমি যিটো আন্ধাৰ মুন্ধাৰ কোঠাত বহি আছোঁ তাত থকা চেন্টাৰ টেবুলখনত কেইবাটাও খালী গল্ড ফ্লেকৰ বাকচ আৰু এষ্ট্ৰেটোত জমা হৈ পৰা আধা পুৰি পেলাই থোৱা চিগাৰেটৰ টুকুৰাবোৰ। আজি এসপ্তাহৰ মূৰত মই অভিনৱৰ ৰূমলৈ আহিছোঁ। আহিয়েই তাৰ এই অৱস্থা দেখি আচৰিত হোৱাৰ লগতে দুখো লাগিছে। মইতো তাক ডাক্তৰৰ ওচৰলৈ লৈ যোৱালৈকে ঠিকেই আছিল। কি, ক’ত, কেতিয়া, কেনেকৈ হৈ গ’ল একো গম পোৱা নাই। আগৰেপৰা তাৰ মদৰ প্ৰতি থকা দুৰ্বলতাৰ কথা গম পাওঁ। দুসপ্তাহৰ আগতে লগ পাই তাৰ যে মদে অৱস্থা বেয়া কৰি পেলাইছে সেইটোও গম পাইছিলোঁ। সেয়ে তাক জোৰ কৰিয়েই গুৱাহাটীৰে ভালৰো ভাল চাইক্ৰেটিয়েৰিছ এজনৰ ওচৰলৈ এসপ্তাহৰ আগতে লৈ গৈ দেখুৱাই আনিলোঁ। ইমানদিনে তাৰ মুখত শুনি অহা স্বাগতা তাৰ প্ৰেয়সীৰ কথাও ডাক্তৰৰ আগত অভিনৱে নিজেই ব্যক্ত কৰে। এইটোও কয় যে স্বাগতাৰ প্ৰেমেহে বোলে তাক মদৰ প্ৰতি বেছি আসক্ত কৰালে। যিদিনাই সি তাইৰ মৰমৰ পৰা বঞ্চিত হয় সেইদিনাই সি মদৰ গিলাচ হাতত তুলি লয়। ডাক্তৰে আৰু তাৰ লগত কি কথা পাতিছিল মই একো গম নাপালোঁ। কাৰণ তেওঁ অভিনৱৰ লগত অলপ সময় অকলে কটোৱাৰ কথা কৈছিল।
অভিনৱৰ কথা শুনি মই বহি থকা চকীখনৰপৰা উঠি আহি মেইন দুৱাৰখনৰ ওচৰলৈ আহি সুধিলোঁ ‘কি কৈ আছ ভালকৈ কচোন।’
তাৰ নিজৰ মুখৰপৰাও একো ওলোৱা নাই সেই কেইটা কথা বাদ দি। ৰূমটোত আকৌ এবাৰ চকু ফুৰাই দেখোঁ কৰ্ণাৰ টেবুলখনৰ ওপৰতে আধা শেষ হোৱা অ’ল্ড মংকৰ বটল এটা। তাৰ সাঁফৰখন খুলি মজিয়াত পৰি আছে আৰু কাষতে আইনাৰ গিলাছ এটা বেকা হৈ পৰি আছে।
সাঁফৰখন তুলি বটলটোত লগাবলৈ উঠি যাওঁতে অভিনৱে মাত লগালে ‘নাযাবি ৰাজীব, সেই চুকটোলৈ নাযাবি তাতে মই তাইক মাৰি পেলালোঁ। তাই মোক কৈছিল মদ কিয় খোৱা। মই তাইক বুজাবলৈ ধৰিছিলো এইবোৰ কেতিয়াবা এদিন খালে একো নহয়। কিন্তু মোৰ কথা শুনি তাই মোক বহুত গালি পাৰিলে। আৰু মই তাইক….’ উশাহ নোলোৱাকৈ কৈ আধাতে ৰৈ যোৱা তাৰ কথা শুনি এইবাৰ মই সঁচাই আচৰিত নহৈ নোৱাৰিলোঁ।
‘তোৰ হৈছে কি অভিনৱ? তই কাক মাৰিলি? মদে তোৰ ব্ৰেইনটো শেষ কৰি পেলালে।’
মই যেন কিবা নক’বলগীয়া কথা এটাহে ক’লো। সি যিটো আটাহ মাৰি বেকাবেকি খোজেৰে উঠি আহি মোৰ চাৰ্টৰ কলাৰত ধৰিলেহি। সেই মূহুৰ্ততে মোৰ জীৱ ওলাই যোৱাৰ দৰে অৱস্থা হ’ল। ‘চা, বিশ্বাস নকৰ নহয় মই এনেকৈয়ে স্বাগতাক টেটু চেপি মাৰ্ডাৰ কৰিলোঁ।’ কথাকেইটা কৈয়ে চাৰ্টৰ কলাৰটো থেকেচা মাৰি থৈ সি পুনৰ বহি থকা বিচনাখনলৈ আগবাঢ়ি গৈ বহি পৰিল। অলপ আগতে টেবুলখনত আগটো ঠেকেচা মাৰি নুমুৱাই থৈ দিয়া চিগাৰেটটো আকৌ এবাৰ চেন্টাৰ টেবুলখনৰ কাষতে লাং খাই পৰি থকা লাইটাৰটো উঠাই জ্বলাই ল’লে। হঠাৎ ইমান হিংস্ৰ হৈ পৰিল সি মই একো তৰকিবই নোৱাৰিলোঁ।
কি যে হৈ গৈছে দিনে দিনে অভিনৱটো। স্বাগতাৰ প্ৰেমৰ নিচাই আৰু মদৰ নিচাই তাক একেবাৰে শেষ কৰি পেলাইছে। আজিকালি কলেজলৈ যোৱাও বাদ দিছে। কলেজৰপৰাও বহুত নটিছ জাৰী কৰিছে কিন্তু তাৰ সেইবোৰৰ প্ৰতি কোনো ভ্ৰূক্ষেপেই নাই।
তাৰ লগত মোৰ বন্ধুত্ব বহুদিনীয়া বুলিয়েই ক’ব পাৰি। যদিও কলেজকেইখন বেলেগ বেলেগ আছিল আমি আছিলোঁ একেলগে। হায়াৰ ছেকেণ্ডাৰীত একেটা হোষ্টেলত থাকি পিছত ডিগ্ৰীৰ সময়ত একেলগে গুৱাহাটীৰ শিলপুখুৰীত ভাড়াঘৰ লৈছিলোঁ আমি দুয়োটাই একেলগে। মই বি বৰুৱাৰ গণিত বিভাগৰ ছাত্র আৰু সি কটনৰ পদাৰ্থ বিজ্ঞানৰ ছাত্র আছিল। আমাৰ মাজত যিমান মিল আছিল এতিয়াও আছে সেইবোৰ দেখি সকলোৱে কেতিয়াবা আমাক বাল্যকালৰ বন্ধু বুলি ভুলেই কৰিছিল। মদ খোৱা অভ্যাসটোও তাৰ তেতিয়াৰে, খালী পৰিমাণটো কম আছিল। মানে হাতত পইচা কম আছিল। যেতিয়াৰপৰা হাতলৈ পইচা আহিবলৈ ধৰিলে সুৰাপাণৰ পৰিমাণো বাঢ়ি গ’ল। বহুত চেষ্টা কৰিছিলোঁ এৰুৱাবলৈ কিন্তু নেৰিলে সি। বৰঞ্চ মোৰপৰা চিগাৰেট খোৱা অভ্যাসটোহে ল’লে। এতিয়াও আমাৰ বন্ধুত্ব আগৰ দৰেই আছে খালী থাকো আমি বেলেগে বেলেগে। আচলতে কৰ্মজীৱনে বহুত সলনি কৰি দিলে। মোৰ বেংকৰ চাকৰিটোৰ কাৰণে অকলে থাকিবলৈ সুবিধা। ৰাতি ঘৰ সোমাওঁতে প্ৰায়ে দেৰি হয় কাৰোবাৰ লগত থাকিলে এইবোৰ ক্ষেত্ৰত অলপ সমস্যাৰ সৃষ্টি হয়।
কলেজীয়া দিনত দেখাই-শুনাই সুঠাম সুন্দৰ অভিনৱক হিয়াখন দিবলৈ বহুত ছোৱালীয়ে হেতা-ওপৰা লগাইছিল। আৰু সকলোবোৰৰে পিয়ন হ’বলগীয়া হৈছিল মই ওৰফে অভিনৱৰ চামচা। যিটো নামেৰে মই এসময়ত জনাজাত হৈ পৰিছিলোঁ। কিন্তু কোনো ছোৱালীকে কেৰাহিকৈও নোচোৱা অভিনৱ আজি স্বাগতাৰ প্ৰেমত হাবুদুবু খাই এই অৱস্থা।
‘ৰাজীৱ, ৰাজীৱ প্লিজ দুৱাৰখন নুখুলিবি। মোক বচা তই প্লিজ। মোক পুলিচে লৈ যাব এতিয়া প্লিজ দুৱাৰ নুখুলিবি।’ ৰূমটোলৈ অলপ বতাহ সোমাওক বুলিয়েই দুৱাৰখনৰ লগতে খিড়িকীবোৰো খুলি দিওঁ বুলি উঠি যাওঁতেই বিছনাত বহি থকা অভিনৱে চিঞৰি উঠিল। তাৰ চিঞৰত মই উচপ খাই উঠিলোঁ। কি কথা কয় ই!
‘তোৰ হৈছে কি? তই যদি তাইক মাৰি পেলালি তাইৰ ডেডব’ডীটো এতিয়া থৈছ ক’ত? উত্তৰ দে অভি।’ মই দুৱাৰ মুখৰপৰা উভতি আহি তাৰ গাত ধৰি জোকাৰি দিলোঁ। মোৰ কথা শুনি সি মোক সাৱতি ধৰি সৰু ল’ৰাৰ দৰে ফেঁকুৰি উঠিল।
‘স্বাগতাই মোক মানা কৰিছিল মদ খাবলৈ। মই বোলে মদ খাই থাকিলে তাই মোক এৰি থৈ গুচি যাব। মই বোলে খুউব বেয়া। অকল নিজৰ কথা চিন্তা কৰা মানুহ মই। তাই মোক কৈছিল যে মোতকৈ তাই বহুত ভাল ল’ৰা পাব। মোৰ লগত থাকি তাইৰ জীৱনটো নষ্ট কৰিবলৈ মন নাই। সেইবোৰ কথা শুনি মোৰ খং দুগুণে বাঢ়ি গৈ আছিল।’
‘তাৰপিছত তই কি কৰিলি?’
‘মই খঙত একো নাই হৈ আৰু মাত মাতিব নোৱাৰাকৈ তাইৰ টেটুত বহুত সময় চেপা মাৰি ধৰি আছিলোঁ। ভবাই নাছিলোঁ তাই যে মৰি থাকিব।’
তাৰ কথাবোৰ শুনি মই কঁপি উঠিছিলোঁ। মূহুৰ্ততে মোৰ হাতটো মোৰ চাৰ্টৰ কলাৰটোলৈ গ’ল। এনেকুৱা লাগিছে মই এতিয়া যদি কিবা এটা কওঁ সি মোক অথনি ধৰাৰ দৰে চেপা মাৰি ধৰিব। কিন্তু অভিয়ে কথাবোৰ যেনেদৰে কৈ গৈ আছিল কাৰোবাক মাৰি পেলোৱাটো যেন খুব সাধাৰণ কথা। অভি ইমান শান্ত প্ৰকৃতিৰ ল’ৰাটোৱে কেনেকৈ এই কাম কৰিব পাৰিব। অৱশ্যে তাৰ এতিয়া যিটো ৰূপ হৈ আছে সেই ৰূপ দেখিলে মানুহে তাৰ কথা বিশ্বাস নকৰাকৈ নাথাকিব।
মোক সাৱতি ধৰি থকা অভিনৱৰ হাতখন মই লাহেকৈ এৰুৱাই দি তাক বিছনাখনত শুৱাই দিলোঁ। পানীৰ বটল এটা বিচাৰি পাকঘৰলৈ গৈ ফ্ৰীজৰ দুৱাৰখন খুলি দিওঁতে তীব্ৰ অকটা গোন্ধ এটা আহি মোৰ নাকটো সোপা মাৰি ধৰিলেহি। লগে লগে দুৱাৰখন বন্ধ কৰি দি কোনোমতে মুখেৰে ওলাই আহিবলৈ ধৰা ওকালিটো ৰখাই তাৰ ওচৰলৈ লৰালৰিকৈ আহিলোঁ।
‘তই মোক আজি ক অনুভৱ কোন এই স্বাগতা? তিনিমাহমানৰপৰা তোৰ মুখত শুনি আহিছোঁ। কিন্তু সুধিলে অকল তোৰ গাৰ্লফ্ৰেইণ্ড বুলি কৈ থৈ দিয়াৰ বাদে বাকী একো নকৱ। আজি তই ক’বই লাগিব অভি।’ বুলি শুই থকা অভিনৱক টানি একেচাটে উঠাই দিলোঁ।
‘চাওঁ তাইৰ ফটো মোক দেখুৱা। ফটো দেখুৱালেহে তোক পুলিচৰপৰা বচাব পাৰিম।’ শোৱাৰপৰা উঠি বিছনাত বহি পৰা অভিনৱক আকৌ এবাৰ গাত ধৰি জোকাৰি দিলোঁ। মোৰ কথা শুনি সি উচুপি উঠিল ‘মোৰ হাতত তাইৰ ফটো নাই। তাই মোৰ লগত ফটো উঠি বেয়া পাইছিল। দুখনমান আছিল কাজিয়া লাগোতে তাই ডিলিট কৰি দিলে মোবাইলৰপৰা কিন্তু মই যে তাইক মাৰি পেলালোঁ এতিয়া কি হ’ব?’
এইবাৰ তাৰ কথা শুনি মই অকণো আচৰিত নহ’লো। বৰঞ্চ দুখহে লাগিল। কি অভিনৱ কি হৈ গ’ল। সেইদিনা ডাক্তৰৰ ওচৰলৈ লৈ যোৱা অভিনৱক ডাক্তৰে কথা পাতি ঠিকেই গম পাইছিল। সেয়ে মোকো এই বিষয়ে অলপ জ্ঞান দি থৈছিল। কিন্তু মোৰ ডাক্তৰৰ সকলোবোৰ কথা বিশ্বাস কৰিবলৈ টান লাগিছিল। কাৰণ কেতিয়াও কোনো ছোৱালীক নমতা, কাৰো প্ৰেমত নপৰা চিৰিয়াছ ল’ৰাটো যেতিয়া কোনো ছোৱালীৰ প্ৰেমত পৰি প্ৰতাৰণা হ’লে এনেকুৱা হ’ব পাৰে। কিন্তু ডাক্তৰে কোৱাৰ দৰে স্বাগতা নামৰ কোনো ছোৱালী নথকা কথাটোত আচৰিত হৈছিলোঁ। ডাক্তৰে অভিনৱৰ লগত গোটেই দিনটো কি কথা পাতিলে নাজানোঁ কিন্তু অভিনৱৰ প্ৰতি দিয়া মন্তব্যত মই সমূলি সুখী নাছিলোঁ।
অভিনৱে স্বাগতাৰ কথা যিদৰে মোক কৈছিল তাইক এবাৰৰ হ’লেও লগ পাবলৈ মোৰো মন গৈছিল। যেতিয়া তাক সেই কথা কওঁ সময়ত লগ কৰাই দিম বুলি কথাটো সিমানতে সামৰি থৈ দিয়ে। মইও বৰ বিশেষ চিন্তা নকৰোঁ। অভিনৱৰ মুখত স্নাগতাৰ কথা শুনি মই তাইক নেদেখিলেও তাইৰ সকলো কথাই গম পোৱা হৈ গৈছিলোঁ। আইচক্ৰীম  ভালপোৱা ছোৱালীজনী, বৰষুণত ভিজি, আইনা চাই ভালপোৱা ছোৱালীজনীৰ কথা শুনি মনতে ভাবিছিলোঁ যি হ’লেও অভিনৱে অৱশেষত ভাল ছোৱালী এজনী পালে। অহা বহাগতে বিয়া পাতিম বুলি কোৱা অভিনৱৰ সুখৰ কাৰণে ভগৱানৰ ওচৰতো ভাবিছিলো। কিন্তু আজি মোক নিজকে পাগল পাগল লাগিছে ইমান দিনে শুনি থকা সাধুকথাবোৰ মনত পৰি। ডাক্তৰে কোৱাৰ দৰে অভিনৱৰ যদি মাল্টিপল পাৰ্ছনেলিটী ডিচ’ৰডাৰ আছে! যাৰ কাৰণে স্বাগতাক তাৰ প্ৰেমিকা বুলি আজি তিনিমাহৰপৰা ভাবি আহিছে। যাৰ প্ৰেমত সি উটি-ভাঁহি গৈছে। স্বাগতাজনী মানে তাৰ কল্পনাৰহে প্ৰেমিকা। তাইৰ লগতে ইমানদিনে সি কথা পাতে। পৰিকল্পনা কৰে ভৱিষ্যতৰ সেইবোৰ কৈ আকৌ মোৰ লগত হাঁহি ধেমালি কৰে। তাৰ স্বাগতাৰ কথা কৈ সি শেষ কৰিব নোৱাৰে। যেতিয়াই লগ পাওঁ মাথো তাইৰ কথাকে কয়। আজি আকৌ বোলে অভিনৱে স্বাগতাক মাৰি পেলালে টেটু চেপি। সি নিজৰ কল্পনাৰ শক্তিয়ে যি দেখে তাকেই মানে ইমানদিনে মোক শুনাই আছিল। এনেকুৱা বেমাৰো থাকিব পাৰে নে! কথাবোৰ ভাবি মই উচপ খাই উঠিলোঁ। মোৰ সৰ্বশৰীৰ কঁপি উঠিল।
হঠাৎ দৌৰ মাৰি পাকঘৰ পালোগৈ। তাৰ দুৱাৰ-খিড়িকীবোৰ খুলি দি মোৰ ঘৰত কাম কৰা মানুহজনীক মাতিবলৈ ফোনটো লগালো। ঘৰটোৰ যি অৱস্থা কৰি থৈছে সেইয়া যে মই অকলে চাফা কৰিব নোৱাৰোঁ সেইটো খাটাং। পাকঘৰৰপৰা ওলাই আহি দেখিলোঁ অভিনৱ আকৌ শুই আছে। এইবাৰ পূৰা টোপনি। চেগ বুজি তাৰ মোবাইলটো চেক কৰিলোঁ। ক’তো স্বাগতাৰ মেছেজ অথবা কল লগত ফোন কৰা চিন নেদেখিলো। এইবাৰ ফোন লিষ্ট চালোঁ তাত দেখিলোঁ স্বাগতাৰ নামটো, লগে লগে নম্বৰটো চাই দেখিলোঁ তিনিটা নম্বৰৰ এটা ইনভেলিড নাম্বাৰ। এইবাৰ গেলেৰী গ’লো ফটো উঠি বেয়া পোৱা ল’ৰাটোৰ গেলাৰী খালী। ৱাটছএপচত অহা ফটোবোৰ বাদ দি। মানে কথাটো সঁচা ডাক্তৰে কোৱাৰ দৰেই। তাৰ ঘৰটো গোটেই পিতপিতাই ঘূৰিলো কিন্তু স্বাগতা নামৰ ছোৱালীৰ কোনো ক্লু নাপালোঁ।
হে ভগৱান, আঠবছৰ একেলগে থকা ল’ৰা এটা যে এনেকুৱা হ’ব পাৰে ভাবিবলৈকে টান লাগিছে। সি আগৰপলাই গহীন গম্ভীৰ বাকীবোৰতকৈ অলপ বেলেগ ধৰণৰ। কিন্তু এনেকুৱা হ’ব বুলি কোনে ভাবিব পাৰে। মোৰ।বুকুখন মোচৰ খাই গ’ল। কথাবোৰ তাৰ ঘৰত জনোৱাটো উচিত হ’ব নে নাই ভাবি পোৱা নাই। তাৰ ঘৰত মই ডাইৰেক্ট ক’ব নোৱাৰিম কিন্তু মইতো মোৰ মাৰ আগত ক’ব পাৰিম। মাক ক’লে অন্তত মায়ে ৰাজীৱক মাকক কিবা এটা কৰি ক’ব পাৰিব। দুইঘৰৰে আগতে চিনাকি নাছিল যদিও আমাৰ বন্ধুত্বৰ পৰাই ঘৰ দুখনৰো চিনাকি হ’ল। চকুকেইটা মোহাৰি মোৰ পকেটৰপৰা মোবাইলটো উলিয়াই মোৰ মাক ফোন কৰিবলৈ ধৰোঁতেই মাৰ ফোন আহিল
‘হেল্ল, মা’
‘অ বাবা, ক’ত আছা?’
‘মই মা তোমাক ফোন কৰিবলৈ ল’বলৈ ওলাইছিলোৱেই। শুনাচোন অভিনৱৰ গা অত্যন্ত বেয়া হৈ আহিছে দিনে দিনে। মই এতিয়া তাৰ ঘৰতে আছোঁ।
‘কোন অভিনৱ বাবা? তুমি আকৌ দৰৱ খোৱা বন্ধ কৰিলা নেকি বাবা?’
মাৰ কথাত আচৰিত হৈ গ’লো মই আকৌ কিয় দৰৱ খাব লাগে। মোৰতো একো হোৱা নাই অভিনৱৰহে গা বেয়া। মই মাক বুজাবলৈ লওঁতেই মায়ে ক’লে
‘বাবা দেউতা আৰু মই গৈ আছোঁ। তুমি এতিয়া ক’তো ওলাই নাযাবা। তিনি চাৰিঘণ্টাত আমি পামগৈয়ে। প্লিজ আমাৰ কথা শুনিবা।’
মাৰ কথাত মোৰ মূৰটো আচন্দ্ৰাই গ’ল। মায়ে কি কথা কৈছে এইবোৰ। দৌৰ মাৰি অভিনৱৰ ওচৰলৈ যাব নোৱাৰিলোঁ দেখোন। গাটো ইমান গধুৰ আৰু ভৰিকেইটাও অচল হৈ পৰা যেন লাগিছে। মোৰ কি হৈছে একো ধৰিব পৰা নাই। কোনোমতে পাকঘৰৰপৰা ওলাই আহি অভিনৱ শুই থকা বিছনাখনতে শুই পৰিলোঁ। কিমান সময় শুলো গম নাপাওঁ। কোনোবা মানুহৰ গুণগুণতিতহে সাৰ পালোঁ। তাকো গাটো ইমান গধুৰ লাগিছে উঠি আহোঁ বুলিও উঠি আহিব নোৱাৰিলোঁ। চকুকেইটা কোনোমতে মেলি দেখিলোঁ ইটো ৰূমত মা, দেউতা আৰু লগত মানুহ এজন। মানুহজনক কৰবাত দেখা যেন লাগিছে কিন্তু ক’ত দেখিছিলোঁ মনত পেলাব পৰা নাই। মাৰ মুখখন চিন্তাত ক’লা পৰি থকা যেন লাগিছে। দেউতাইও চিৰিয়াছ হৈ মানুহজনৰ লগত কিবা কথা পাতি আছে। ইঁহত আহিল কেতিয়া! কিনো কথা পাতিছে অলপ উঠি আহি দুৱাৰখনৰ ওচৰতে ৰৈ দিলোঁ। দেউতাই মানুহজনক কিবা সুধিছিল নেকি গম নাপাওঁ। তেওঁ দেউতাক বুজাই আছে
‘চাওক আপোনালোকক মই এই বেমাৰটোৰ কথা আগতেই কৈছিলোঁ সেয়ে দিল্লীলৈ লৈ যোৱাৰ কথা কৈছিলো। কিন্তু আপোনালোকে গুৰুত্বই নিদিলে মোৰ কথাত। আৰু ৰাখিছেও এনে বেমাৰী এজনক অকলে। এতিয়া গম পালে নহয় অভিনৱ, স্বাগতা বুলি কোনো নাই। এইবোৰ তেওঁৰ ইমাজিনেৰী কেৰেক্টাৰ হয়। সোনকালে তেওঁক লৈ যোৱাৰ ব্যৱস্থা কৰক, নহ’লে এই বেমাৰ বেছি হৈ গ’লে দিগদাৰ হ’ব। মাল্টিপল পাৰ্ছনেলিটী ডিজৰডাৰ বুলি মই আপোনালোকক আগতেই কৈছিলোঁ আৰু এইটোও কৈছিলোঁ যে এই বেমাৰ সম্পূৰ্ণৰূপে কিউৰ নহয়। কিন্তু আপোনালোকে মোক বিশ্বাসত নল’লে। ৰাজীৱৰ কথাতহে বিশ্বাস কৰিলে।….’
মানে মানুহজন ডাক্তৰ। তেওঁ আৰু কি কৈ আছিল মোৰ মূৰত নোসোমাল। মোৰ কেনেকৈ এইটো বেমাৰ হ’ব। মোৰ বন্ধু অভিনৱৰহে আছে। কথাবোৰে কিবা মোক পাগল কৰি তুলিলে, আচৰিত হ’লো ডাক্তৰৰ কথাত। এনেকুৱা লাগিছে মই যেন এতিয়াই পলাই কৰবালৈ গুচি যাম।

Rimjhim is a writer for multiple blogs including this one. She loves to travel, write, read and savior exquisite delicacies. She is into digital marketing, seo, literature.

SHARE ON:

Leave a comment

Your email address will not be published. Required fields are marked *