আমাৰ মাহঁতৰ কমন ডায়লগ/গালি

  1. ক’ত যাৱ দেউতাৰক সুধি যা, মোৰ মূৰটো চোবাই নাথাকিবি।
  2. তহঁতে খাই লচোন, মোৰ মন যোৱা নাই খাবলৈ (মানে আজি ভাত বনাওঁতে অলপ কম হ’ল।)
  3. লোকৰ ল’ৰা-ছোৱালীক গলিয়াই থাকিলেও নাখায়, আমাৰ আকৌ এইকেইটাৰ খাওঁ খাওঁ মূৰ্তি।
  4. মাৰজনী আছে যে চব কৰি দিবই, কিহৰ চিন্তা।
  5. এইমখাৰ পৰা হ’বলা মোৰ শান্তি আছে! ক’তো যাব নোৱাৰোৱেই লগতে ওলাব।
  6. এইমখাৰ পৰা একো এটা খোৱা বস্তু নাথাকে, আলহী আহিলে মইহে লাজ পাওঁ।
  7. তহঁতৰ বয়সত দেখোন আমি এনেকুৱা নাছিলোঁ।
  8. লোকৰ ল’ৰা-ছোৱালী ইমান ভদ্ৰ, আমাৰকেইটাহে ক’ৰপৰা আহিল জানোঁ!
  9. পইচা গছত লগা নাই খুজিলেই দিবলৈ।
  10. বাজে কথাত নালাগি পঢ়াত মন দে।
  11. মই আগতে এনেকুৱা নাছিলোঁ, তহঁতৰ লগত লাগি লাগি মোৰ মুখখন চোকা হ’ল, মাতটোও ডাঙৰ হ’ল।
  12. যি কোনো কাম এটা কৰা ৰ আগতে ঘৰখনৰ সন্মান কথা ভাবি চিন্তি চাবি।
  13. মাৰৰ ঘৰত এহে বন তেহে নকৰ, পিছত দেখিম নহয় শাহুৱেৰে কেনেকৈ সজায় থয়।
  14. নপঢ় নাই…পিছত শাহুৱেৰে কথা শুনালে এহাতে চকুপানী টুকি থাকিবি।

মায়ে আমাক বহুত দেৰি বকি থকাৰ পিছত দেউতাৰ ডায়লগ

  1. ইহঁতক চাইহে আছোঁ, যিদিনা ধৰিম বাঘে ধৰাদি ধৰিম / যিদিনা ধৰিম পিঠি দৰাদৰ কৰিম।
  2. চাইহে আছোঁ ইহঁত বৰ বাঢ়িছে। মই ধৰিলেই কথাটো বেয়া হ’ব, সেইকাৰণে বহুত ধৈৰ্য ধৰি আছোঁ।

এই দুটাই আমাৰ দেউতাৰ কমন ডায়লগ। তাৰপিছত আৰু মাত-বোল নাই। মায়েহে আকৌ মনত পেলাই উচতাই দিয়ে ‘এজনেটো চাই থাকোঁতেই দিন গৈছে।’

Rimjhim is a writer for multiple blogs including this one. She loves to travel, write, read and savior exquisite delicacies. She is into digital marketing, seo, literature.

SHARE ON:

Leave a comment

Your email address will not be published. Required fields are marked *