আলহী

ৰাতিপুৱা বহুত দেৰিলৈকে শুই থকা গিৰিয়েকক দেখি ঘৈণীয়েকে মাত লগালে ‘হেৰি, ইমান দেৰিলৈকে শুইয়েই থাকিব নে? উঠি ঘৰৰ দুই এটা বজাৰ কৰি আনিবগৈ?

ঘৈণীয়েকে মতাৰ বহুত সময়লৈকে গিৰিয়েকৰ সাৰ-সুৰ নাই। এইবাৰ ঘৈণীয়েকৰ আৰু সহ্য নহ’ল। অলপ ডাঙৰকৈয়ে ক’লে ‘হেৰি আপুনি আজি উঠিবনে?’

ঘৈণীয়েকৰ মাতত এইবাৰ গিৰিয়েকৰ গা লৰিল। চকুকেইটা মেলি লাহেকৈ মাত দিলে ‘ কিয় চিঞৰি আছা অ?এটা কথা কোৱাচোন তুমি কেতিয়াবা তোমাৰ ঘৰলৈ অহা আলহীক নিজেই খেদি পঠিয়াইছা নেকি হে? টোপনিও একেই আলহীৰ নিচিনা, নিজেই আহিছে যেতিয়া নোযোৱালৈকে মই কেনেকৈ খেদাই দিওঁ হে?’

Rimjhim is a writer for multiple blogs including this one. She loves to travel, write, read and savior exquisite delicacies. She is into digital marketing, seo, literature.

SHARE ON:

Leave a comment

Your email address will not be published. Required fields are marked *