এ টেল অৱ এ হৰৰ কেট

ভূত চতুৰ্দশীৰ পিছদিনাৰ ঘটনা। চৈধ্যগচ চাকি জ্বলাই ভূত খেদাইছিলো যদিও ভূতে মোৰ লগ নেৰিলে। কোনোমতে মোৰ প্ৰাণটো ৰক্ষা কৰিলোঁ ভূতৰ পৰা…। কাহিনীটো এনেকুৱা আছিল–
‘অ হ’ল’
‘কি হ’ল?’
‘এইয়া চোৱাহি’
‘অ কোনে কেনেকৈ?’
‘মই কি জানো কোনে কেনেকৈ?’
‘কেনেকৈ হ’ব পাৰে বাৰু!’
‘আমি শুবলৈ যোৱালৈকে ঠিকেই আছিলতো।’
আগদিনা ইমান কষ্ট কৰি বনোৱা আল্পনাটোৰ আধা ভাঙি ৰঙবোৰে দাঁত নিকটাই পকাখনত চেদেলি-ভেদেলি হৈ পৰি আছে। তাকে দেখি মোৰ ‘অ হ’ল’ শব্দটো লগাতকৈ বেছি ডাঙৰকৈয়ে ওলাল। মোৰ চিঞৰত বন্ধ উদযাপন কৰি দেৰিলৈকে শুই থাকিম বুলি আৰামত বাগৰ সলোৱা পতিদেৱো একেজাপে কাষ পালেহি। বহুত সময় ভাবি-চিন্তি উলিয়াব নোৱাৰিলোঁ ‘কেচটো কি?’ গোটেই দুৱাৰ-খিৰিকীবোৰ বন্ধ হৈ থাকিলে পুৱা উঠি কিবা ভেকেটাভেকেট গোন্ধ পাওঁ সেয়ে বেলকণীৰ শ্লাইডবোৰৰ অকণমান খুলি ৰাখোঁ সদায়। শ্লাইডবোৰ খোলা থাকিলেও বেলকণীখন নেটৰে বন্ধ হৈ থকা বাবে বাহিৰৰপৰা মেকুৰী জাতীয় একো সোমাবও নোৱাৰে। সেয়ে শ্লাইডকেইখন খুলি থ’বলৈ ভয় নালাগে। কিন্তু কথাটো হ’ল কি যদি মেকুৰী সোমাবই নোৱাৰে তেতিয়া হ’লে সন্ধিয়া বনোৱা আল্পনাটো কেনেকৈ ভাঙি থাকিব। যদি মেকুৰী সোমাইছে কথাটো বৰ ভাল হোৱা নাই। আজি আল্পনাটো দেখিলোঁ বুলিহে নহ’লেতো ৰাতি চাগে সদায় সিজনা আহি দৰ্শন দি থৈ যাইহি। মেকুৰী সোমোৱা কথাটো মোৰ একেবাৰে পচন্দ নহ’ল।এনেই এই প্ৰাণীবিধক চকু পাৰি দেখিব নোৱাৰোঁ তাতে আকৌ ৰাতি মনে মনে আহি বা ক’ত ক’ত মুখ লগাই থৈ যায়হি। মাছ-পুঠি কিবা থাকিলে বাৰু সাধাৰণতে বাহিৰত উলিয়াই থোৱা নহয় কিন্তু এইমখাৰ ওপৰত ভৰসা কৰিব পাৰি নে! চোৰ চোৰেই মানুহেই হওক আন কিবা বোলে জন্তুৱেই হওক।
মেকুৰী কেনেকৈ সোমাব গোটেই দেখোন বেলকণীখন বন্ধই হৈ থাকে। আৰু নেটৰ যিকেইটা ফুটা সেইফালে নিগনি এটাও সৰকিব নোৱাৰে। ঠিক নাই যিহে টেঙৰ প্ৰাণীটো কিবা এটা বুদ্ধি লগাবই চুৰি কৰিবলৈ। মই মেকুৰী বুলি সন্দেহ কৰি থাকোঁতে পতিদেৱে মাত দিলে ‘নহয় মেকুৰী বুজিছা, নিগনিও হ’ব পাৰে। চোৱাচোন ভঙা জেগাখিনি ভালকৈ। তাৰ ওপৰেদি নিগনিও দৌৰিব পাৰে’।
‘কি কি কি নিগনি?’ নিগনিৰ নাম শুনাৰ লগে লগে মই চিৰিয়েলত দেখোৱাৰ দৰে তিনি বাৰ ‘কি কি কি’ বুলি জাপ মাৰি উঠিলোঁ ‘নিগনি যদি হয় মই মৰিলো। মই আগতে মোৰ কাপোৰখিনি ঠিকে আছে নে নাই চাই আহোঁ পিছত আল্পনাৰ কথা ভাবিম। কাপোৰসোপাকে কুটিব লাগিলে মই কি লৈ জিয়াই থাকিম হয়নে’ বুলি ৱাৰ্ড্ৰৱটোৰ ওচৰ পালোহি। তেতিয়াই মনটোত কিবা এটাই গোন্ধালে ‘বোলো পতিদেৱেই ভাঙি থোৱা নাইতো! এনেও ৰাতি টোপনি নাহিলে উঠি অহা স্বভাৱটো আছে। যোৱা ৰাতিও চাগে টোপনি নহাত আন্ধাৰে-মুন্ধাৰে উঠি আহোঁতে চাগে ভৰি গৈ আল্পনাত উঠিলগৈ।’ মনটো কেনেবা লগাত কথাটো এনেই উলিয়াবলৈ তেওঁৰ ওচৰ পালোহি।
তেওঁৰ কাষলৈ আহোঁতেই মোৰ চকুত পৰিল বগা মজিয়াখনত মেকুৰী খোজৰ নিচিনা বেঙুনীয়া ৰঙৰ সৰু সৰু খোজ কেইটামান। হয় হয় মোৰ সন্দেহেই ঠিক আছিল এইটো মেকুৰীৰে কাম হ’ব। চাল্লা চুৰ কৰিবলৈ আহিবলৈ জেগা বিচাৰি নেপালি। হেৰৌ ৰাতি এনেকৈ অহাতকৈ দিনত আহচোন তোৰ যদি ঠেং মই ভাঙিব নোৱাৰোঁ। ‘হেৰা এইফালে আহা মই নকৈছিলো নে তোমাক মেকুৰী সোমাইছে আমাৰ ঘৰত।’ চিঞৰ-বাখৰত য’ৰ আল্পনা তাতেই এৰি তেওঁ মোৰ কাষ পালেহি। আহিয়ে ভালকৈ খোজকেইটা লক্ষ্য কৰি নিশ্চিত হ’ল যে এইকেইটা খোজ মেকুৰীৰে হ’ব। কিন্তু খোজকেইটা যেতিয়া ভালকৈ অনুসৰণ কৰিলোঁ দেখিলোঁ যে খোজকেইটা আল্পনাৰ ওচৰৰপৰা বাথৰূমৰ ওচৰলৈকেহে আছে। তাৰপিছত আৰু নাই। আচৰিত কথা! বাথৰূমৰ পৰাটো বেলেগকৈ ওলাই যোৱাৰ ৰাস্তা একো নাই। আনকি সৰু-সুৰা ফুটাও নাই, চাৰিওফালে বন্ধ। ওলাই যাবলৈ হ’লে মেকুৰী পুনৰ বাথৰূমৰ পৰা ওলাই আহি একেই ৰাস্তাৰে ওলাব লাগিব। কিন্তু উভতি যোৱাৰো একো চিন-মুকাম নাই আৰু মেকুৰী বাথৰূমটো নাই। কাণ্ডটো দেখি মোৰ ডাইৰেক্ট হৰৰ মুভিকেইখনলৈ মনত পৰিল। কেনেবাকৈ ভূত চূত সোমোৱা নাইতো। হে হৰি ভূতৰ কথা মনত পৰাৰ লগে লগে গাটো শিয়ৰি উঠিল। কেতিয়াবা এওঁ অফিচৰপৰা অহা বহুত দেৰি হয় সেইখিনি সময় টিভিটোকে সাৰথি কৰি মই অকলে থাকো। এতিয়া মই এই ঘৰটোত কেনেকৈ থাকিম। মাজে মাজেতো শব্দ কিছুমান শুনো অকণমান সাহিয়াল দেখুৱাই গুৰুত্ব নিদিওঁ বুলিহে।
‘হেৰা তুমি বিশ্বাস নকৰা নাই, মই কিন্তু বিশ্বাস কৰোঁ।’
‘কি বিশ্বাস কৰা নকৰা কথা কৈ আছা মই বুজা নাই।’
‘যিটো হৰৰ মুভিবিলাকত দেখাই যে’
‘হৌৰা কিহে পালে ঔ তোমাক। হৰৰ মুভিৰ কথা ইয়াত কেনেকৈ। ওলাবলৈ পালে? ‘
‘নাই এইটো নিশ্চয় হৰৰ কেটেই হ’ব মানে ভূত’
‘ৰ’বাচোন মেকুৰীৰ খোজৰপৰা তুমি ভূত কেনেকৈ পালাহে?’
‘দেখা নাই খোজকেইটা আল্পনাটোৰ ওচৰৰপৰা বাথৰূমৰ ওচৰলৈকে আছে তাৰপিছত খোজৰো চিন মোকাম নাই আৰু মেকুৰীৰো। যদি সি সঁচাকৈয়ে মেকুৰী হ’লহেঁতেন উভতি অহাৰ খোজো থাকিলহেঁতেন। গতিকে এইটো সেইটোৱেই হ’ব। সি চাগে বাথৰূমৰ ওচৰৰপৰা তাৰ ঐশ্বৰিক শক্তিৰ বলত নোহোৱা হৈ গ’ল। মানে বতাহত যে ধোঁৱা হৈ উৰি যায়। ইফালে কালি ভূত চতুৰ্দশীও আছিল।’
মোৰ কথা শুনি পতিদেৱ ৰৈ থাকিব নোৱাৰিলে ‘হেৰা কিনো গছত গৰু উঠা কথা কৈ আছা ঔ। আজিৰ দিনতনো এইবোৰ কথা কোনোবাই কয় নে। মানুহে শুনিলে হাঁহিব অ। হ’ব যোৱা তোমাৰ মেকুৰীয়ে চাগে ৰঙ লগা ভৰিকেইখন বাথৰূমত গৈ ধুই ওলাই আহিছিল সেইকাৰণে উভতি যাওঁতে ভৰিৰ চিন ক’তো নবহিল। এতিয়া যোৱা কালিৰ আল্পনাটো ঠিক কৰা যদি কৰা নহ’লে মেইডজনী আহিলে সাৰি চাফা কৰি দিবলৈ ক’বা। যাহা তাহা কথা ভাবি দিনটো নষ্ট কৰিব নালাগে’
তেওঁৰ কথাখিনি শুনি মোৰ একেবাৰে ভাল নালাগিল। এতিয়াহে মোৰ কথা নুশুন বেটা, পিছত কিবা এটা হ’লে নিজেই ক’বি মোৰ কথাই সঁচা। মই মেকুৰী বুলি কওঁতেও বিশ্বাস কৰা নাছিল পিছত খোজকেইটা দেখিহে মানি ল’লে। তেনেকৈ এদিন ভূতৰ কথাটোও সঁচা বুলি মানি ল’ব বুলি মনটোক সান্তনা দিলোঁ। তথাপিও মনটোত কিবা এটা অশান্তি লাগি থাকিল কেনেকৈ কিয়? আগতেও চাগে ৰাতি ঘৰটোত কিবা সোমাই পিতপিতাই ফুৰে কিন্তু গম নাপাওঁ চাগে। আজি আল্পনাটোত খোজ পৰিল বুলিহে গম পালোঁ। হে ভগৱান কিবা অশৰিৰী বস্তুৱে ঘৰটোত বাহ লোৱা নাইতো! কেতিয়াবা অৱশ্যে ৰাতি ৰাতি বাথৰূমৰপৰা অহা কিছুমান শব্দ শুনো। পতিদেৱক ক’লে কয় ওপৰৰ ঘৰৰ কোনোবাই চাগে বাথৰূমত টেপ খুলিছে। কথা হ’ল নেকি ওপৰৰ ঘৰত কোনোবাই টেপ খুলিব আৰু আমাৰ বাথৰূমত শব্দ হ’ব।আচলতে মই ভবাবিধেই হয়। কথাবোৰ ভাবি আৰু ভয়তে হাত-ভৰি লুকাইছে দেখোন।
আল্পনা ভঙাৰ ৰহস্য ভেদ কৰি থাকোঁতে পাহৰিয়ে গৈছিলোঁ যে মোৰ ঘৰত আগদিনা ৰাতি আলহী এগৰাকী আছে। তাই যদি ৰাতি ভয় খাইছে। কথাটো সুধিবলৈ যাওঁতে তাই মাত লগালে ‘বৌ উঠিলা’
‘অ উঠিলোঁ, জানানে?’
‘অ জানো বৌ তুমি আল্পনাটোৰ কথাই সুধিবা।’
‘অ তুমিও মানে দেখিলা ভঙা আল্পনাটো। ৰাতি কিবা শব্দ শুনিছিলা নেকি? নাজানো আৰু ঘৰখনত কি সোমাইছিল কেতিয়াও নোহোৱা নোপোজা ঘটনা‌ ভয়হে লাগিছে ভূত চূতে বাহ লোৱা নাইতো!’
‘ধেই বৌ কি যে কৈছা। শুনাচোন আচলতে আল্পনাটো মোৰ ভৰি লাগিয়ে ভাঙিলে। কালি তোমালোকতকৈ আগতেই শুবলৈ গ’লো যদিও কাম এটা মনত পৰাত ৰাতি আন্ধাৰে-মুন্ধাৰে আহি ভৰিটো আল্পনাতে পৰিলহি।’
‘কিন্তু খোজকেইটা দেখোন মেকুৰীৰ নিচিনা’
‘ অ ৰঙ লাগি মজিয়াখন লেতেৰা হয় বুলি মই সাৱধানে দুটামান আঙুলি পেলাই বাথৰূমত সোমাই ভৰিকেইখন ধুই ৰূমলৈ গ’লো।’
কৃষ্ণ মানে মোৰ আল্পনা ভঙা মেকুৰীজনী তাইয়ে। মেকুৰীও মেকুৰী একেবাৰে দুঠেঙীয়া সুন্দৰী মেকুৰী। তাই হাঁহি হাঁহি কৈ থকা কথাখিনি শুনি আৰু মোৰ কাণত নুসুমাল। ইতিমধ্যে ভূতৰ ভয় গৈ আল্পনা ভঙা দুখলৈ পৰিৱৰ্তন হৈছে লাহেকৈ। ইফালে পতিদেৱেও গেলাতে টেঙা লগাবলৈ বিশ্ব জয়ৰ হাঁহি মাৰি ঠাট্টাৰ সুৰেৰে ক’লেহি ‘শুনিলা এতিয়া তোমাৰ হৰৰ কেটৰ সাধুকথা। ভাবিব কিন্তু সাংঘাতিক পাৰা হে ‘

Rimjhim is a writer for multiple blogs including this one. She loves to travel, write, read and savior exquisite delicacies. She is into digital marketing, seo, literature.

SHARE ON:

Leave a comment

Your email address will not be published. Required fields are marked *