চি এম চাৰৰ হেলিকপ্টাৰ

ৰ ৰ আজি মোৰ একেবাৰে সময় নাই।

কি মোৰ হ’বলা সময় আছে। ইহ, কথা কয় চোৱা। তেওঁৱেইহে যেন অকল চাবলৈ যাব। আমিও যাম হেৰৌ।

হ’ব হ’ব। কোন ক’ত যায় নাজানো, এতিয়া সদ্যহতে মোৰ ৰাস্তাৰ পৰা গুচ।

কেৰকণক দম এটা দি ভোলা কাইটি চাইকেলখনৰ টিলিঙা বজাই বজাই গ’লগৈ। কেৰিয়াৰতে টুল এখনো বান্ধি লৈছে। আচলতে ভঙা ৰাস্তাটোৰ গাঁতবোৰত চাইকেলৰ চকাটো পৰি পিছফালৰ টুলখন ঠেকেচা খাই যিহে শব্দ হৈছে, টিলিঙাৰ প্ৰয়োজনেই নাই। পকা ৰাস্তা বুলিবলৈ মাটিৰ ওপৰত শিল দুটামান আৰু মস্ত মস্ত খায়ৈ সদৃশ গাঁত কিছুমান। চাৰিবছৰৰ আগতেই কোনোবা এটা দিনত বালি, চিমেন্টৰে পিছ্ দিছিল। কিন্তু হ’লে হ’ব কি এই ৰাস্তাৰো কণ্ট্ৰেক্টৰ আছিল ৰমেণহে।

ভোলা কাইটি যোৱাৰ ফালে কেৰকণে অলপ সময় তভক মাৰিলে। এই কথাই কথা নহয় সিও আচলতে সোনকালে গৈ জেগা ৰাখিবহে লাগে। ইফালে ঘৈণীয়েক পুতুলীয়ে চাহৰ দোকান দিয়াৰ কথাও। তাইকো সোনকালে উলিয়াই পঠিয়াব গৈ লাগে। যিটো কায়দাত মানুহ যোৱা দেখিছে, এনেকৈ হ’লে দোকান কি ভৰি থ’বলৈও জেগা নাপাব।

কেৰকণে আঠুগুৰিলৈকে কোচাই মিনি স্কাৰ্ট কৰি থোৱা ধূতিখনৰ খোঁচনিত ভৰাই থোৱা চাধা টেমাটো উলিয়াই এফালৰ পৰা চাধা অকণ আনফালৰ পৰা বগা অকণ উলিয়াই মৰাত লাগিল। চাধাকণ মলি মলি ইফালে সিফালে চাই দেখিলে ঘৰলৈ খোজ ল’বলৈ ধৰোঁতেই দেখিলে সিফালৰ পৰা ৰহিলাকে ধৰি বহাগী, বগী আৰু দুজনীমান মেখেলাৰ পাতলি ছিঙি যোৱাৰ খোজেৰে উধা-মুধাকৈ আহি আছে। সিহঁতক দেখি তাৰ বুজিবলৈ বাকী নাথাকিল লক্ষ্যস্থান যে ভোলা কাইটিৰ সৈতে একেই। এপাকত হাতৰ টিপত থকা চাধাকণ ঠেলি ঠেলি ওপৰৰ ওঁঠখনৰ কোণলৈ ভৰাই থুৱাই থুৱাই ৰহিলাহঁত আহি পোৱালৈ ৰৈ থাকিল।

‘অই তই যে এতিয়াও ইয়াত, নাযাৱ নেকি অই কেৰকণ? আৰু পুতুলী একা?’ তাক তেনেকৈ ৰৈ থকা দেখি ৰহিলাই আঁতৰৰ পৰাই চিঞৰি চিঞৰি আহিল।

”যাবলৈ ওলাইছিলোঁৱেই, তহঁতক দেখিহে ৰৈ গ’লোঁ।”

”হেৰৌ এনেকৈ লেং লেংকৈ আঁঠুকেইটা উলিয়াই যাবি নে? পুতুলীজনীকো ওলাবলৈ ক গৈ যা”

”হ’ব দে, এনেকৈয়ে যায় চাৰে কিবা মোক চাব নে? আমিহে চাৰক চাম। ব’ল গৈ থাকোঁ এতিয়া। অ’ হেৰি নহয় তহঁত গৈ থাক মই পুতুলীক একেবাৰে লৈ যাওঁ ঘৰত সোমাই।”

আচলতে কেৰকণহঁতৰ গাঁৱত প্ৰত্যেক চাৰিবছৰৰ মূৰত এইটো উৎসৱ হৈয়েই। মানুহবোৰৰ ৰাতিপুৱাৰ পৰা ৰক্ষাই নাথাকে। এই উৎসৱটোৰ নাম ‘চি এম চাৰৰ প্ৰতিশ্ৰুতি’ নতুবা ‘হেলিকপ্টাৰ চোৱা’ উৎসৱ বুলিবও পাৰি।

চি এম চাৰ চাৰিবছৰৰ মূৰত এবাৰ এই ঠাইলৈ আহে। গতিকে সেই বিশেষ দিনটো একেবাৰে উৎসৱৰ দৰে হৈ পৰে। ৰাতিপুৱাই সকলোৱে নিজৰ নিজৰ যাৱতীয় কামবোৰ কৰি চাৰ অহালৈ সেই জেগাটোত পুৱাৰে পৰা পৰ দিয়ে। চাৰ যদি অহাৰ কথা দুই বজাত ৰাইজ আহি হাজিৰ হয় ন বজাতে। আগতীয়াকৈ আহি ধুনীয়া চাই ছাঁ পৰা জেগা এটুকুৰা চাই ৰাইজ এনেকুৱাকৈ বহি লয় যাতে সাত গোৰ মাৰিলেও তেওঁলোকক কোনোৱে উঠোৱাৰ সাধ্য নাই। কোনোবা কোনোবাই ঘৰ চকী, টুল যি আছে সৱ লৈ আহে। আজিও একেই গাঁওখনত উখল মাখল পৰিৱেশ। যেন কইনাৰ ঘৰলৈ দৰাহে আহিব।

কোনোবাই যদি আগতীয়াকৈ গৈ চিট ৰাখিছে, কোনোবাই দোকান দিছে। কোনোবাই আকৌ এবাৰ আহে, আকৌ এবাৰ ঘৰলৈ যায়। ঘৰৰ কামো এৰিব নোৱাৰে, ইফালে চি এম চাৰক চোৱাৰ মোহো এৰিব নোৱাৰে। ক’তনো এৰিব পাৰিব চাৰিবছৰৰ মূৰত এবাৰহে স্বচক্ষুৰে দেখা পায়, যেতিয়া মানুহৰ মন ভুলাবলৈ কেতিয়াও নেদেখা নুশুনা ‘প্ৰতিশ্ৰুতি’জনীৰ কথা ক’বলৈ আহে। বাকী দিনকেইটাতটো তেওঁক টিভিয়ে পেপাৰেহে দেখা আৰু। এদিন আহিয়েই এটা ভাষণত ৰাইজৰ সকলো সমস্যাৰ ওৰ পেলাব বুলি কথা দিয়া মানুহজনৰ আকৌ পিছৰ ইলেকচনলৈহে সেইখন গাঁৱত দিয়া কথাবোৰ মনত পৰে। অৱশ্যেই মনত পৰিবৰে কথা, এক ভোট কি কিমত যদি চাৰে আহি নিজেই নুবুজাই আৰু তাতকৈ ভালকৈ বুজাব কোনে?

আজিও চি এম চাৰ অহাৰ কথা পুৱাৰ এঘাৰ বজাত। ৰাইজ গৈ হাজিৰ আঠটা বজাতে। আচলতে চি এম চাৰক চোৱাতকৈ ৰাইজৰ বেছি হেঁপাহ হেলিকপ্টাৰখন চোৱাৰ হে। এনেও চাৰ আহি সিহঁতৰ ওচৰত ৰৈ নাথাকে। মাটিত ভৰি থৈয়ে আগতেই ৰৈ থকা পুলিচে ব’ডীগাৰ্ডে ৰৈ থকা গাড়ীত উঠি মিটিঙলৈ বুলি গুচি যায়। চাৰৰ গাতো চকামকাকৈহে কোনোবাই কোনোবাই দেখিবলৈ পায়। কিন্তু দিনৰ দিনটো ফিল্ডখনত এৰি থৈ যোৱা হেলিকপ্টাৰখন চাই চাই আমাৰ বাকী ৰাইজে হেঁপাহ পলুৱাই।

ভোলা কাইটিয়ে কেৰিয়াৰত বান্ধি অনা টুলখন ছাঁ পৰা জেগা এটুকুৰা চাই পাৰি বহি লৈ ঘৰৰ পৰা কাটি অনা তামোল এখন উলিয়াই চোবোৱাত লাগিল। সেইখিনি সময়তে কেৰকণো কাইটিৰ ওচৰ পালেহি ‘বোলো তামোল চামোলো টোপোলা বান্ধি লৈ আহিছে হ’ব পায়। পিচে দুপৰীয়াৰ মুঠি ক’ত ধৰিব? ডিঙিটো শুকাইছে যদি আমাৰ পুতুলীৰ দোকানতে গৈ অলপ তিয়াই আহকগৈ। ঘৰৰ গৰু গাখীৰৰ চাহ।’

মাতটো শুনি ভোলা কাইটিয়ে মূৰ ডাঙি চাই কেৰকণক দেখি তামোলৰ পিকখিনি ফাউচকৈ পেলাই দুই কোৱাৰি মুচি উত্তৰ দিলে ‘আইতুৰ মাক আহিব নহয়, লৈ আহিব। চাহ মই এইয়া ফ্লাক্সত লৈয়ে আহিছোঁ। চাহৰ নামত পইচা খৰচ কৰিবলৈ নাই দেই।’ কথাকেইটা কৈয়ে কাইটিয়ে মূৰত মেৰাই থোৱা গামোচাখন টুলখনৰ কাষতে পেলাই থ’লে। গামোচাখন পেলোৱা দেখি কেৰকণৰ বুজিবলৈ বাকী নাথাকিল যে সেইকণ তেখেতে ঘৈণীয়েকলৈ মানে আইতুৰ মাকলৈ জেগা ৰাখিছে। ‘এই বুঢ়াৰ পৰা দুটকা সৰকাও বুলিও সৰকাব নোৱাৰি। কৰাইচ বুঢ়া।’ বুলি ভোৰভোৰাই কেৰকণে লাহেকৈ সেই ঠাই এৰিলে।

”পানী পানী ঠাণ্ডা পানী। বটল দহ, বটল দহ।”

”তামোল তামোল এখনত তিনিটকা। চানা ভজা।”

হেলিকপ্টাৰ চোৱাৰ মানুহৰ লগতে ঠাইয়ে ঠাইয়ে দোকানো বহিছে। অইনে নাখালেও চানা ভজা, চিপছ্ দেখি যে হেলিকপ্টাৰ চাবলৈ অহা সৰু সৰু ল’ৰা-ছোৱালীবোৰে ঠেনঠেনাব সেইটো জনা কথা। সেয়েহে সুযোগ বুজি নিজৰ আগত দোকান দিয়া মানুহবোৰে অলপ অলপ বস্তু আনি সেই নিৰ্দ্দিষ্ট জেগাকণত টেবুল এখন আৰু টুল এখন লৈ দোকানো খুলি দিছে। মুঠতে আজি সেইকণ জেগাত বিৰ দি বাট নোপোৱা অৱস্থা।

এসময়ত সকলোৰে উৎকণ্ঠাৰ অন্ত পেলাই আহিল চি এম চাৰ। হেলিকপ্টাৰখন অহা দেখি সকলোৰে চিঞৰ বাখৰ। বয়সীয়াল আইতা কেইজনীমানে আকৌ সেইখন দেখি সেৱা কৰিবলৈও নাপাহৰিলে। চকুৰ আগতেই আহি হেলিকপ্টাৰখন পৰিছে, এইয়া কি এলা-পেচা কথা নেকি। কেইটামান তীখৰ গুটিয়ে আকৌ অইন গাঁও দুখনমানৰ পৰা হেলিকপ্টাৰ চাবলৈ অহা ল’ৰা দুটামানক ফুটনি মাৰিছে ”দেখিছ আমাৰ গাঁৱত হেলিকপ্টাৰ পৰে তহঁতৰ গাঁৱত পৰে।” মুঠতে এঘাৰ বজাত আহিবলগীয়া চি এম চাৰ দুটা বজাত সেই জেগাখিনি পালেহি। আহিয়েই লগে লগে বডীগাৰ্ডসহ ৰৈ থকা গাড়ীত উঠি ধূলি উৰুৱাই গুচি গ’ল। চাৰ যোৱাৰ পিছত সেইখিনি জেগাৰ পৰা ৰাইজ নুঠাই হ’ল। হেলিকপ্টাৰখন চাই চাই আদ্দা মৰাত লাগিল। যেয়ে যি পাৰিছে সঁচাই মিছাই কৈ গৈ আছে। ভোলা কাইটিৰ মতে এনেকুৱা এখন হেলিকপ্টাৰ কিনিবলৈ গ’লে একলাখমান টকা লাগিব। কিছুমানৰ আকৌ প্ৰশ্ন এইখনৰ তেল ক’ত ভৰায়? উৰি থাকোঁতে যদি তেল শেষ হৈ যায় তেতিয়া কি হ’ব? আৰু বাকী প্ৰশ্নবোৰটো নুশুনিবাই। সৰু ল’ৰা এটাই মাকক সুধি আছে ”এইখনত উঠাৰ পিছত যদি চুচু লাগে কি কৰিম?” মুঠতে মাত ফুটিবলৈ লোৱা কেচুৱাটোৰ পৰা বুঢ়া-বুঢ়ীলৈকে সকলোৰে হেলিকপ্টাৰখনক লৈ উৎকণ্ঠাৰ অন্ত নাই। হেলিকপ্টাৰখনৰ ওচৰত ৰাইজৰ সমাগম দেখি সন্দেহ হৈছে মিটিঙত মানুহ কিমান হ’ব! ভোলা কাইটিৰ সেইটোও এটা চিন্তা। এই চিন্তা বাৰু বেছি দেৰিলৈকে নাথাকিল।

চাৰ যোৱাৰ পোন্ধৰ বিশ মিনিটৰ পিছতে গাঁৱৰে ৰমেণে ভদভদিখন লৈ আহি সেই জেগাখিনিতে যিটো জোৰতহে ব্ৰেক মাৰিলে কোনোমতে সি সেইখনৰ পৰা নপৰাকৈ থাকিল। ৰমেণক দেখি ভাত খাই হাত ধুবলৈ ধৰা ভোলা কাইটিয়ে মাত লগালে ‘ইমান সময় ক’ত আছিলি অ’ বোপাই। চাৰ যাবৰে হ’ল, আহ চাই যাহি হেলিকপ্টাৰখন। আজি এইখনৰ ৰখীয়া আমিয়েই।’

ভোলা কাইটিৰ কথা শুনি ৰমেণ কাইটিৰ ওচৰলৈ আগবাঢ়ি আহি ”উঠক উঠক, আপোনালোকে ইয়াত কি কৰি আছে। মিটিঙলৈ ব’লক। চাৰ গৈ ৰৈ আছে। মিটিঙত ফিল্ডত চৰি থকা ছাগলীকেইটাক বাদ দি কোনো এটা জনপ্ৰাণী বুলিবলৈ নাই।”

”কিয় তই হ’বলা মানুহ নহয়।”

”আৰে কাইটি মই অকল মানুহটোৱে কি কৰিম। মোৰ কাম মিটিং এৰেঞ্জ কৰা। আপোনালোকৰ চাৰৰ ভাষণ শুনা, চাৰক দাবী কৰা আৰু আপোনালোকৰ বহুমূলীয়া ভোটেৰে তেওঁলোকক জয়যুক্ত কৰা।”

”হ’ব যা যা। যি দাবী আছে তইয়ে কৰগৈ। আমাৰ একো দাবীও নাই, মিটিঙো নুশুনো। অতবছৰে ভোট দি আহিছোঁ। আমি কিটো পাইছোঁ। তহঁতৰ নিচিনা দুটামানেহে দেখোন ইলেকচনৰ পিছতেই গাড়ী কিনিছ, ঘৰ বনাইছ। আমি কিটো পাইছোঁ। যা যা চাৰক কগৈ আমি তেওঁৰ বাহনখনৰ ৰখীয়া হৈ আছোঁ। সেইখন লৈ তেওঁ চিন্তা নকৰি যিসকল আছে তেওঁলোকৰ আগত প্ৰতিশ্ৰুতিৰ কথা কওক। আমি হ’লে যোৱাত নাই।”

ৰমেণে ভোলা কাইটিৰ কথা শুনি কেৰকণৰ ওচৰলৈ গ’ল। কেৰকণে দাঁত খুচৰি খুচৰি এনেকুৱা কৈ মনোযোগেৰে হেলিকপ্টাৰখন চাই আছে যে ৰমেণ ওচৰলৈ যোৱা গমেই নাপায়। তাৰ গতি-বিধি দেখিয়েই ৰমেণে গম পালে যে তাক কথা কৈ লাভ নহ’ব। আজি চাগৈ হেলিকপ্টাৰৰ নামতে চাহ বেছি গাইজনীৰ দানা কিনাৰ খৰচটো ওলাল।

কথা বিষম যেন দেখি ৰমেণে এটা বুদ্ধি খটুৱাই ঘোষণা দিলে যে যিয়েই আজি মিটিঙলৈ গৈ যি দাবী কৰিব চি এম চাৰে তাকেই দিব। আজি দি যোৱা প্ৰতিশ্ৰুতি কাইলৈকে আহি ঘৰ পাবহি। ৰাইজে খালী বিচাৰিলেই হ’ল।

ৰমেণৰ ঘোষণা শুনি থেৰো গেৰোকৈ এটা দুটাকৈ মানুহবোৰ বহা ঠাইৰ পৰা উঠি আহি ৰমেণৰ ওচৰ পালেহি। কথাটো সঁচা নে মিছা আকো ৰমেণক সুধি মিটিঙলৈ বুলি বাট মেলিলে। কিন্তু লৰচৰ নহ’ল ভোলা কাইটিহে। ভদভদিখন ষ্টাৰ্ট দিবলৈ ধৰা ৰমেণক উদ্দেশ্যি কাইটিয়ে ”সৌ সিদিনালৈকে মোৰ কোচত উঠি আছিলি। এতিয়া দেখিছোঁ, তইও বৰ শিয়ানা হ’লি অ ৰমেণ। তোৰ চৰকাৰখনে কিমান প্ৰতিশ্ৰুতি দিলে, কিমান পাহৰিলে। তথাপিও মানুহবোৰক বছৰেকত এবাৰ আহি ভুৱা প্ৰতিশ্ৰুতিৰে গোটেই বছৰটোলৈ মূৰ্খ বনাবলৈ নেৰিলে। যা যা প্ৰত্যেকবাৰৰ নিচিনাকৈ মিটিং বহুৱাই ৰাইজৰ ভোটবোৰ লৈ চৰকাৰক দি তই আৰু এখন নতুন গাড়ী কিনিবি। মই এইবোৰলৈ যাবলৈ নাই। কেতিয়াও নেদেখা-নুশুনা প্ৰতিশ্ৰুতিবোৰৰ কথা শুনাতকৈ সঁচাসচি হেলিকপ্টাৰখন চাই থকাই ভাল। বছৰেকত এদিন মাথোঁ একেবাৰে গাৰ কাষৰপৰাই হেলিকপ্টাৰ চাবলৈ পাওঁ। সিপুৰী হ’লে অন্ততঃ এইটো কথাকে তহঁতৰ চি এম চাৰে সজাই সজাই কোৱা নিচিনাকৈ মইও অলপ ৰহণ সানি যমৰ আগত ক’বকৈ পাৰিম। বাৰু ৰাইজ গৈ পালেগৈ চাগে। তইও বাট ধৰ। আৰু এটা কথা নহয় তই দেখোন চোলা সলোৱা দি পাৰ্টিবোৰ সলাই থাক। আগতে দেখিছিলোঁ বেলেগৰ কাৰণে কাম কৰা, এইবাৰ দেখোন আন এটাৰ কাৰণে। হওক দে এইকণ বুদ্ধি খটুৱাই যে তই ডাঙৰ মানুহ হ’ব পাৰিছ সেই কথাও যমৰ আগত ক’বগৈ পাৰিম।” আৰু কাইটিয়ে কি কৈ আছিল ৰমেণৰ শুনিবলৈ ধৈৰ্য নাথাকিল। সিফালে চি এম চাৰ ৰৈ আছে। হাতত লৈ থকা হেলমেটটো পিন্ধি কাইটিৰ ফালে ধূলি উৰুৱাই ভদভদিখন লৈ মিটিঙলৈ বুলি চেকুৰ মেলিলে।

ভোলা কাইটিয়েও ৰমেন যোৱাৰ ফালে চাই হাঁহি এটা মাৰি আকৌ তামোল এখন উলিয়াই চোবাই চোবাই আপোনমনৰে হেলিকপ্টাৰখন চোৱাত লাগিল।

(Published this short story in Fotadhol e-magazine, May 2019)

Rimjhim is a writer for multiple blogs including this one. She loves to travel, write, read and savior exquisite delicacies. She is into digital marketing, seo, literature.

SHARE ON:

Leave a comment

Your email address will not be published. Required fields are marked *