জীৱন!

আৰু সি তেনেকৈয়ে সি চলৈ গৈ আছে। বাকী তিনিটা কেনেকৈ চলি আছে সেইবোৰলৈ ভ্ৰূক্ষেপ নাই। একেৰাহে কাম কৰি অলপ সৰহকৈ পইচা ঘটাৰো ধৈৰ্য তাৰ নাই। খুউব বেছি সময় কাম কৰিব পাৰে যদি আধা ঘণ্টা। তাৰপিছতে সি পানী খোৱাৰ চলেৰে আহি মালিকৰ লগত কথা পাতি কোনোমতে ১০টকা এটা সৰকাই ততাতৈয়াকৈ সেইখিনি এৰি ক’লৈ ঢাপলি মেলে জনাই জানে।

সি যিকেইঘৰত কাম কৰে সেই কেইঘৰে তাক বুজাই বুজাইও পৰা নাই, বোলে ‘অলপ সময় ধৈৰ্য ধৰি কামকেইটা কৰিবিচোন, তেতিয়া আমাৰো পইচাকেইটা দি ভাল লাগে।’ কিন্তু লাভ নাই তাৰ প্ৰতুত্তৰ সদায় একেই ‘হ’ব হ’ব মই এনেকৈয়ে চাৰিটাৰ পেট পূৰাই আছোঁ নহয়।’ সি কেনেকৈ চাৰিটাৰ পেট পূৰাই আছে জনা আছে সকলোৱে।

ৰাৱন ককাই, নামটো শুনি মানুহৰ যি ধাৰণা হয় মানুহজনক দেখিলেহে সকলোৰে ভুল ভাঙে। মানুহজনক দেখি আনুমানিক বয়সটো ক’বলৈ অলপ দিগদাৰ। মানে দেখাৰপৰাই মানুহজন একেই আছে। সেই একে চেহেৰা, সুদা গাটোত গোটেইকেইডাল হাড় গণিব পৰা আৰু চাৰ্টত এনেকুৱা লাগে চাৰ্টটো কিহবাত ওলমাইহে ৰাখিছে। ঠুটৰি ডাড়িকণৰ সৈতে মুখৰ য’তে ত’তে দুই এডাল ডাড়িৰ সৈতে ৰাৱণ ককাই। দেখিলে এনে ভাৱ হয় ডাড়িকেইডালো ভগৱানে কেতিয়াও নবঢ়া নুটুতাকৈ ফিক্সড কৰি পঠিয়াইছে নেকি। পৰিৱৰ্তন বুলিবলৈ সেই কপালৰ আগৰ পৰা চুলিখিনি লাহে লাহে কমিছে আৰু কাষৰখিনি বগা পৰিছে। বাকী সেই একে লোকৰ হাফপেন্টবোৰ ৰাৱণ ককাইয়ে এতিয়াও লং পেন্ট কৰিয়েই পিন্ধি আছে আৰু চাৰ্টো কঁকাল পাৰ হৈ কুৰ্তিৰ ৰূপ লৈ আঠু চোৱেহি। আজি ইমান বছৰেও এভাৰগ্ৰীণ ৰাৱণ ককাইয়ে হৈ আছে।

‘বৰমা অ বৰমা।’ ল’ৰা এটা চিঞৰি চিঞৰি আহি বোধন বৰতাহঁতৰ ঘৰৰ পিছফাল পালেহি।

‘কি অ মৰা এনেকৈ চিঞৰিছ কিয়?’

‘বৰমা বাবা আহিছিল নেকি?’

‘অঁ আহিছিলতো, অলপ জেওৰাখন ইফাল সিফাল কৰি বৰতাৱৰ পৰা দহটকা এটা লৈ গ’লগৈ।’

‘বৰমা কিয় দিয়ে বাৰু কওকচোন পইচা? ইমান মানা কৰোঁ আপোনালোকক তথাপিও নুশুনে। সদায় আপোনালোকৰ পৰা তেনেকৈ দহটকা দহটকা লৈ বাবায়ে কি কৰে জানেই।’

‘জানোঁ অ তথাপিও খুজিলে নিদিয়াকৈ নো কেনেকৈ থাকো কচোন?’

‘উপায় নোহোৱা হৈছে অ মোৰ বৰমা।’ চকুকেইটা চলচলীয়া কৰি ল’ৰাটোৱে পিছফালে চেল্ফখনতে থকা গিলাচ এটা লৈ কাষতে থকা টেপটোৰ পৰা পানী এগিলাচ লৈ ঘোটঘোটাই একে উশাহতে শেষ কৰিলে।

সকলোৱে বুজে ৰাৱণৰ পৰিয়ালটোৰ কথা। কেনেকৈ ৰাৱণৰ ল’ৰাটো ডাঙৰ হোৱাৰ পিছত ঘৰখন চলাই আছে। ছোৱালী দুইজনী প্ৰাথমিক বিদ্যালয়ত পঢ়িবলৈ যায় একমাত্ৰ দুপৰীয়াৰ ভাতকণৰ কাৰণে। ডাঙৰজনী চাবলৈ গ’লে এল পি স্কুলত পঢ়াৰ বয়স কেতিয়াবাই উকলিল। কিন্তু একেটা শ্ৰেণীতে দুবাৰ দুবাৰ পঢ়ি যোৱাবাৰ নামটো কটালে। এতিয়া সৰুজনী গৈ আছে ভাতকণৰ লোভতে। তাইও এদিন বায়েকৰ নিচিনাকৈ স্কুল এৰি আৰ ঘৰে তাৰ ঘৰে ঠাই সাৰি-মুচি পেটৰ ভাতকণ মুকলাব লাগিব যে সেইটো সত্য কথা। ৰাৱণ ককাইৰ মতে ‘আমি বাগানীয়া মানুহ, পঢ়া-শুনা কৰি কি কৰিব। দিনটো হাজিৰা কৰি ৰাতি ভাগৰ মাৰিব লাগে।’

আজি পুৱাৰে পৰা বাপেকক ঘৰত নেদেখি ৰাৱণৰ পুতেক জিতেন আহি বোধন বৰ্তাহঁতৰ ঘৰত খবৰ কৰি গ’লহি। বাপেকক নেদেখা কথাটো ভনীয়েক মালতীয়েহে খবৰ দিলেগৈ। এনেই বাপেকে দহটকা লৈ চুলাইৰ ভাটিলৈ গৈ অকণমান ডিঙিটো তিয়াই আহি ঘৰলৈ যায়। ঘৰত এঘুমুটি মাৰি নিচা ফাটিলে আকৌ ওচৰৰে কোনোবা এঘৰলৈ গৈ দাখনকে লৈ বাৰীত সোমাই হাবিখিনি চাফা কৰাৰ চলেৰে দহটকা এটা যোগাৰ কৰে। এনেকৈয়ে অতবছৰে ৰাৱণে দিনৰ দিনটো কটাই দিয়ে। ঘৈণীয়েক থাকোঁতে তাইয়ে ঘৰৰ ওচৰৰ বাগানখনত কাম কৰি ভাতমুঠিৰ যোগাৰ কৰিছিল।

কিন্তু সৰু ছোৱালীজনী হোৱাৰ পিছত এদিন হঠাতে তাই বাগানলৈ যাওঁ বুলি কেইবাদিনলৈও ঘৰলৈ উভতি নাহিল। ইফালে চুলাইৰ নিচাত ৰাৱণৰ খবৰেই নাছিল ঘৈণীয়েক ঘৰত আছে নে নাই। পুতেকেহে বিচাৰ-খোচাৰ কৰাত গম পালে ৰাৱণৰে ভায়েক এটালৈ ঘৈণীয়েক গ’ল। যাওঁতে সৰুজনীক লগতে লৈ গৈছিল, পিছত বোলে এদিন ঘৈণীয়েকৰ ওচৰলৈ গৈ জোৰ জবৰদস্তি ৰাৱণে সেইজনীকো লগতে লৈ আহিল। এনেই চুলাই খোৱা বাপেক, এতিয়া আকৌ মাকৰ গাখীৰ নেৰাজনীকো গোটাই লৈছে। কওঁতে ওচৰ-চুবুৰীয়া চবেই বুজাইছিল বোলে লগত দুটা আছেই দেখোন, এইজনীক মাকৰ লগতে থাকিবলৈ দে। কিন্তু নিজৰ মতত অটল ৰাৱণ ককাই ক’ৰ বেলেগৰ কথা শুনে। নিজেই চুলাই অকণ গিলি ল’ব পাৰিলে চব পাহৰে। শেষত অৱস্থা নোহোৱা হয় ডাঙৰ ল’ৰাটোৰহে। দহবছৰ বয়সৰ পৰাই দুইজনী ভনীয়েকক সামৰি-সুতৰি ডাঙৰ কৰিছে। কিন্তু এই কথা ক’লে দেউতাকৰহে ওস্তাদি বাঢ়ে। বোলে মাক নোহোৱা তিনিটা ল’ৰা-ছোৱালীক ডাঙৰ কৰাৰ জালা তাৰ বাহিৰে কোনে পাইছে। ইমানখিনি কৰাৰ পিছত ভাগৰ মাৰিবলৈ অকণমান চুলাই খালেই তাতেনো কাৰ পানী খোৱা পুখুৰীত বিহ ঢালিছে।

জিতেন বোধন বৰ্তাৰ ঘৰৰপৰা ওলাই যায় মানে মালতী উধা-মুধাকৈ দৌৰি আহি ককায়েকক কিবাকিবি এসোপা ক’লে। আঁতৰৰ পৰা সিহঁতৰ কথা কোৱা ভংগীমা দেখিলেই গম পোৱা যায় যে কথা বিষম। সি আকৌ উলটি আহি বৰ্তাৰ চাইকেলখনকে নোসোধাকৈয়েই লৈ ওলাই গ’ল। আচলতে কথাটো সুধিবলৈ তাৰ মূৰত নেখেলালেই। ককায়েক যোৱাৰ ফালে এপলক চাই মালতীয়ে বৰমাক কথাকেইটা কৈ যাওঁ বুলি পিছফাল পালেহি। মালতীৰ কথা শুনি বৰমাই মূৰে কপালে হাত দিলে ‘হয় দে বাপেৰটোৰ পৰা শান্তি নোহোৱা হ’ল অ তঁহতৰ।’

‘কি ক’ব অ বৰমা আমাৰ নচীব। তথাপিও চুলাই খালেও বাবাটো সদায় বাবাই ন। এতিয়া চব দেদাৰ মূৰতে। দেদাটোও কি বেঙা। এতিয়ালৈকে এজনী আনিব পৰা নাই। চাওকচোন আমাৰ মানুহৰনো ক’ত ঘৰে ঘৰে ল’ৰা-ছোৱালী চাই ছাদি কৰে। যাক প্যাৰ কৰে পলুৱাই লৈ আনে।’

মালতীৰ কথা শুনি বৰমাই আৰু কথা নবঢ়াই তাইক ক’লে ‘যা যা এতিয়া ককায়েৰৰ পিছ ল। নহ’লে সি ক’ত কি কৰে ঠিক নাই।’

মালতীক পঠিয়াই দিলে যদিও তাইৰ এষাৰ কথাই বৰমাৰ বুকুখন মোচৰি থৈ গ’ল। ‘বাবা সদায় বাবাই’ এই কথাষাৰ যদি বৰমাৰ পুতেক নয়ন দাই বুজি পালেহেঁতেন বৰমা, বৰতা কেতিয়াও এনেদৰে অকলশৰীয়া হৈ নাথাকিলহেঁতেন। ল’ৰা নয়নৰ কথা মনত পৰাত বৰমাই নিজেই কৰি অহা কাৰ্যখিনিয়েও মনত অগা-দেৱা কৰিবলৈ ধৰিলে। ধনী ঘৰৰ জিয়ৰী বৰমা বৰতাৰ লগত বিয়া হৈ আহিয়ে শহুৰ, শাহু, দেওৰ, ননদৰে ভৰপূৰ ঘৰখন যে একেবাৰে খুব কমদিনতে ভাঙি পেলাইছিল। নিজৰ পুত্ৰক মাক-দেউতাকৰ সন্মুখতে আঁতৰাই অনা বৰমাই আজি নিজৰ পুত্ৰৰ দুখত কেইবাটাও টোপনিবিহীন ৰজনী কটাই, সেই কথা বৰতাই গম নোপোৱা নহয়। এই জনমত কৰিলে, এই জনমতে ভুগা কথাটো বৰমাই দেখুৱাই মানি নল’লেও সংগোপনে স্বীকাৰ কৰে। পুৰণি কথাই আউল লগোৱা বৰমাক বৰতাৰ মাতটোৱেহে পুনৰ ঘূৰাই আনে ‘হৌৰা এনেকৈয়ে থাকিবা নে দুপৰীয়া ভাতমুঠি খাবলৈ দিবা।’

ইফালে মালতীয়ে বৰমাৰ কথা শুনিয়েই একে দৌৰে নিজৰ ঘৰ পাই দেখে দেউতাক চোতালত পৰি আছে আৰু ককায়েকে দেউতাকৰ ভৰি দুখন মালিছ কৰি আছে। কাষতে ভনীয়েকজনীয়ে গালে-মুখে হাত থৈ ককায়েকলৈ চাই আছে। ককায়েকে মালতীলৈ মূৰ তুলি চাওঁতেই মালতীৰ ককায়েকৰ মুখখন দেখি দুখ লাগি আহিল। তাৰ মুখখন দেখিলেই গম পাই দেউতাকক লৈ তাৰ কিমান চিন্তা। এই বয়সতো যদি দেউতাকে এনেকৈয়ে চুলাই খাই থাকে, তেতিয়া যে আৰু বেছিদিন জীয়াই নাথাকে সি নিশ্চিত। জিতেনেও জানে দেউতাক থাকিলে সিহঁতৰ অশান্তিবোৰ বেছি হয়। তথাপিও দেউতাকটো সদায় দেউতাকেই। মাকে যি দেউতাকৰ পৰা চৰম অশান্তি পাই আঁতৰি গ’ল সেইকাম সিহঁতে কৰিব নোৱাৰে। দেউতাকক এনেকৈ মৰিবলৈও এৰি দিব নোৱাৰে। আজি যদি সি সময়ত সেইখিনি ঠাই নাপালেগৈহেঁতেন দেউতাকক সিহঁতে এৰি নিদিয়ে।

সদায় বাকী কৰি চুলাই খোৱা দেউতাকক আজি চুলাই বেপাৰীয়ে পইচা নিদিয়াৰ কাৰণে বান্ধি থৈছিল। মালতীয়েহে কাৰোবাৰ মুখত গম পাই আহি ককায়েকক লগে লগে কথাটো জনোৱাত সি লৰালৰিকৈ তাত উপস্থিত হৈ দেউতাকক সৰুৱাই আনে।

দুপৰীয়াৰ ৰ’দটো লাহে লাহে কমিছে। চোতালতে ঢাৰি এখনত দেউতাক টোপনি গৈছে। ভাত খাবলৈ মাতি মাতিও উঠাব পৰা নাই। দেউতাকৰ চকু মেলেই নাখায়। মালতীৰ ভনীয়েক অনিতাই দেউতাকৰ কাষতে বহি বিছনী এখনৰে বিচি আছে। আজি দেউতাকৰ লটিঘটিত কাৰো ক’তো যোৱা নহ’ল। দিনত কাম নকৰিলে পইচা নাপায়, পইচা নাপালে ৰাতি পেটৰ ভোকত চাৰিওটা মৰিব লাগিব। সেয়ে জিতেনে মালতী আৰু অনিতাৰ হাতত দেউতাকক গতাই অলপ সময়ৰ কাৰণে কামলৈ যাওঁ বুলি ইটা ভাটালৈ ওলাল। আধা দিন ইটা ভাটাত কাম কৰি আধাদিনৰ হাজিৰাটো লৈ বজাৰত সোমাই ৰাতিসাজৰ কাৰণে কিবা এটা লৈ জিতেন ঘৰ পালেহি।

লাহে লাহে আন্ধাৰে পৃথিৱীখনত গ্ৰাস কৰিবলৈ আৰম্ভ কৰিছে। ইলেকট্ৰিক বাল্ববোৰ এঘৰ দুঘৰত জ্বলি উঠিছে। কেৰাছিন তেলৰ চাকি এটাৰ পোহৰেও সিহঁতৰ ঘৰখন থকাৰ উমান দিছে । সিহঁতৰ কাৰেন্ট থকাত আছিল কিন্তু চৰকাৰে কিমান ফ্ৰী বিজুলী দিব। কেইবামাহো বিল নিদিয়াৰ ফলত দুদিনমান আগতে কাৰেন্টটো কাটি থৈ গ’ল। সি ঘৰ সুমুৱাৰ আগতে সদায় বৰ্তাহঁতৰ ঘৰৰফালে ভুমুকিয়াই যোৱাতো অভ্যাস। দেখিলে আগফালৰ বাৰণ্ডাখনতে বৰমা বৰ্তা দুয়ো আমন-জিমনকৈ বহি আছে। আৰুনো কৰিব কি! কাৰনো সময় আছে সিহঁতহালৰ লগত লাগি থকাৰ। যি এটা ল’ৰা আছিল সিয়ো চাকৰি কৰাৰ চলৰে ওলাই গৈ মুম্বাইত খোপনি পুতিলে। সেইফালেই বিয়া বাৰু পাতি পুতেক আজৰি। মাজে মাজে দুই এটা ফোন কৰাৰ বাদে বাকী একো খবৰ নাথাকে। এইবোৰৰ কাৰণে বৰমাই সদায় নিজে কৰা ভুলখিনিকে সোঁৱৰাই চকুলো টোকে।

জিতেন আহি ঘৰ পাই মানে দেখিছে ভনীয়েক মালতীয়ে দেউতাকক ধৰি ধৰি ভিতৰলৈ আনি বহুৱাইছে আৰু সৰুজনীয়ে লাল চাহ এবাটি কৰি আনি দেউতাকক দিছে। সিও গৈ হাতৰ মোনাটো অনিতাক দি দেউতাকৰ ওচৰতে বহিল। অলপ সময় কাৰোৰে মাত-বোল নাই। জ্বলি থকা চাকিটোৱেহে বাহিৰৰ পৰা অহা কোমল বতাহজাকত হালিছে জালিছে। অলপ সময়ৰ পিছত জিতেনে মাত লগালে ‘চা বাবা, তই যদি এনেকা কৰ আমাৰ কি হ’ব। আমি জানোঁ আমি বাগানীয়া মানুহ আমাৰ জীৱন এইটোৱে। কিন্তু সদায় তই চুলাই খাই খাই নিচা কৰি থাকিলে হ’ব জানোঁ। মাক তই খং কৰ, কিন্তু মাইতো চব আগতে চম্ভালি আছিল। আৰু সহ্য নোহোৱাত আমাক চবকে এৰি থৈ গুচি গ’ল। এতিয়া তই ক’ব আহ তই মাৰ খঙত নিচা কৰ। বৰমা বৰ্তাক চা কেনেকৈ পুতেকৰ দুখত থাকে। আমিতো সদায় তোৰ লগতে থাকোঁ, তথাপিও নিচা কৰি আমাক পাহৰি যাৱ। চবেই ভাবে তই কাম কৰি দিনটোত যি দহ, বিশ টকা পাৱ চুলাইৰ নামত উৰাই দিয়। আমিওতো ভাবিছিলোঁ। আজিহে গম পালোঁ তই যে আমাৰ কাৰণে পইচা গোটাইছ। আজিৰ পৰা এনেকৈ চুলাই নাখাবিচোন বাবা। তই জল্দি মৰি গ’লে আমাৰ কি হ’ব। তোক আমি ইমান মৰম কৰোঁ, বৰ্তাহঁতক চাচোন পুতেকলৈ মনত পেলাই কেনেকৈ সদায় কান্দি থাকে।’ বুলি কৈ ডাকঘৰৰ পাচবুকখন পকেটৰ পৰা জিতেনে উলিয়াই দিয়ে। ইমানদিনে ৰাৱণ ককাইয়ে যি দহ টকা, বিশ টকা গোটাই তাৰে আধা ডাকঘৰৰ একাউন্ট এটাত থৈ গৈছিল। কিমান হৈছে নিজৰো হিচাপ নাথাকে। জিতেনে আজি সেইখন পাইয়ে ডাকঘৰলৈ গৈ তাৰ কেৰাণী এজনক লগ ধৰি কথা পাতিলে। পাছবুকখন তাকো ককাইৰ লুঙীৰ খুচনিৰ পৰা ৰাস্তাত পৰি যাওঁতে ৰবিনে পাই ৰাৱণ ককাইক নিদি জিতেনক দিয়ে। দেউতাকে বোলে সদায় দহটকা এটা লৈ আহে থ’বলৈ। আজি বহুবছৰৰ পৰা থৈ আহিছে, সুধিলে কয় ল’ৰা-ছোৱালীকেইটালৈ গোটাইছে। জিতেনে পাচবুকখন আপডেট কৰি দেখে তাত কেইটকামান গোট খাইছে।

ইমানদিনে দেউতাকে চুলাই খাই পইচা উৰুৱাই বুলি ভাবি থকা কথাটোত জিতেনৰ আজি কিবা পাক লাগিল। সেয়ে ডাকঘৰৰ পৰা ওলায়েই বজাৰত সোমাই কিবা এটা লৈ ঘৰ সোমাইছেহি। সিহঁতে গম নোপোৱাকৈ দেউতাকে এইবোৰ কৰি আছে, যদি সিহঁতে দেউতাকক ভালকৈ বুজালে বুজি পাই চুলাই খোৱাতো কমাই দিয়ে। সেইবোৰ ভাবিয়ে দেউতাকৰ আগত সি কথাবোৰ উলিয়ালে। দেউতাকে তাৰ কথা শুনি থাকি ঠাণ্ডা হ’বলৈ ধৰা লাল চাহ বাটি ঘোটঘোটকৈ পি বাহিৰলৈ ওলাই আহি বকিবলৈ ধৰিলে ‘আমি বাগানীয়া মানুহ, চুলাই খামেই খাম। তই কি নিজকে বাগানৰ বাবু ভাবিছ নেকি মোক শিকাবলৈ?’ আৰু নক’লে কথাত জোৰ নোপোৱা দুটামান শব্দ চিঞৰি চিঞৰি মাতি ওলাই গ’ল।

দেউতাক ওলাই যোৱাৰ ফালে চাই জিতেনো বৰমাৰ ঘৰৰ পৰা এপাক মাৰো বুলি ওলাই যাব ধৰোঁতেই দেখিলে দেউতাক আকৌ কো কোৱাই ভিতৰলৈ সোমাই আহিছে। ভৰিৰ পাক নোখোৱা খোজকেইটা দেখিয়েই জিতেনে অনুমান কৰিছে দেউতাকে খাই অহা নাই। চোতালত ৰৈ থকা জিতেনক নেদেখা ভাজ ধৰি দেউতাক ভিতৰলৈ সোমাই গ’ল। আজি আৰু একো নকওঁ বুলিয়েই জিতেনো বৰমাৰ ঘৰলৈ আগবাঢ়িল।

দেউতাক সেইদিনা সন্ধিয়া যি পোন খোজৰে আহি ঘৰ সোমাল, তাৰ পিছৰপৰা দেউতাকক একা বেকা খোজত বেয়া মাতৰে চিঞৰি চিঞৰি ঘৰ সোমোৱা কোনোৱে নেদেখিল। আজিকালি ঘৰৰ আগফাল, পিছফাল চিকুণাই ৰখাৰ লগতে বৰমাহঁতৰ ঘৰতো কামবোৰ ভালকৈ কৰি দিয়ে। পুৱাই অকণমান শক্তি পানী ধৰি গালৈ অলপ বল আনে যদিও আগৰ দৰে ঘৰ সংসাৰ নাপাহৰে। বৰমাহঁতো সেই তেনেকৈয়ে চলি আছে। মাজে মাজে নিজৰ কাৰ্যক গালি দি এসোতা কান্দেও। বৰমাই কয় জিতেনৰ নিচিনা পুতেক থাকিলে ৰাৱণক আৰু লাগে কি। আগতেহে সেইসোপা টেটু গুৰিলৈকে গিলি একে ক’ব নোৱাৰা হৈ থাকে। পঢ়া-শুনা নাথাকিলে কি হ’ল অইনবোৰতকৈ জিতেন বহুত ওপৰত। সন্ধিয়া হ’লেই কাষতে ফোনটো থৈ আমন-জিমনকৈ বহি থাকে। জিতেন কামৰ পৰা অহাৰ পিছত সদায়েই এপাক তালৈ গৈ সন্ধিয়াৰ চাহকাপৰ লগতে দিনটোৰ খবৰ-বাতৰি লয়গৈ। বৰ্তাৰ সদায় চকু পদূলিলৈ জানোচা কোনোবা এদিন পুতেক হঠাতে ওলাইহিয়েই।

Rimjhim is a writer for multiple blogs including this one. She loves to travel, write, read and savior exquisite delicacies. She is into digital marketing, seo, literature.

SHARE ON:

Leave a comment

Your email address will not be published. Required fields are marked *