টুটকীয়া

ছয়বছৰীয়া পুতেকে মাকৰ কিছুমান কথাত অতীষ্ঠ হৈ পৰিছে। চব কথাতে ইমান চকু দি থাকে মাকজনীয়ে আৰু সি যি কৰে চব কথা দেউতাকক লগাই দিয়ে।

পুতেক: মা কথা এটা সুধোনে?

মাক: সোধা বেটা।

পুতেক: তুমি টুটকীয়া ন মানে কথা লগোৱা মানুহ ন।

মাক (আচৰিত হৈ): কিয় মই কাৰ কথা ক’ত লগালো অ?

পুতেক: মোৰ কথা আকৌ। মই যি বদমাচি কৰো চব কথা তুমি দেউতাক লগাই দিয়া আৰু দেউতাই মোক চকু টেলেকা কৰে। তেনেকুৱা কৰিলে দেউতাৰ লগত মোৰ relationটো অলপ বেয়া হৈ যায়। গতিকে তুমি টুটকীয়া। তুমিয়েইটো কৈছিলা কালি কথা লগাই ফুৰা মানুহক টুটকীয়া বোলে।

SHARE ON:

Leave a comment

Your email address will not be published. Required fields are marked *