তীখৰ আৰু চুটিমুটি বাই ২

মই যে কৈছিলোঁ তীখৰ আৰু চুটিমুটিৰ কাজিয়াও নলগা নহয়। কথাটো হয়, ইমান মিল থকাৰ পিছতো কিছুমান কথাত সিহঁতৰ কাজিয়া লাগি যায়। কাজিয়া লাগিলে কেতিয়াবা সেইখন সাংঘাতিক ডাঙৰ হৈ যায় মাক বা দেউতাক কোনোবা আহিহে ভাঙিব পাৰে। চুটি তীখৰতকৈ বয়সত ডাঙৰ আৰু দেখাত শকত-আৱত হ’লেও কাজিয়া লগাৰ ক্ষেত্ৰত তীখৰক কেতিয়াও হৰুৱাব নোৱাৰে। তীখৰৰ কিটকিটিয়া জেওৰা খৰি হেন টান খীন মীন হাত দুখনে এচাপৰ দিলেই তাই বহুত দুখ পাই আৰু কেতিয়াবা কাজিয়াই এনেকুৱা মূৰ লয় যে তীখৰে সেই খীন মীন হাতদুখনেই চুটিক দুচাপৰমান লগাইও দিয়ে। মাৰ খাই চুটিয়ে তীখৰক ওলোটাই মাৰিব নোৱাৰি ভে ভে ভেকৈ কান্দি মাকক গোচৰ দিয়াৰ বাদে একোৱেই কৰিব নোৱাৰে। কিন্তু চুটিয়ে মাকক গোচৰ দিও লাভ নাই কাৰণ দুয়োটা মিলা-প্ৰীতিত থাকিলে যিহে মাকক নগুৰ-নাগুটি নোহোৱা কৰে সেয়ে দুয়োটাৰে কাজিয়া লাগি অলপ সময় কাৰণে নমতা-নমতিকৈ থাকিলেও মাকে অকণো বেয়া নাপায়। অন্তত: কিছুসময়ৰ কাৰণে মাকে অকণমান হ’লেও শান্তিত থাকিব পাৰে।

দিনৰ ভাগত কাজিয়া লাগিলেও তীখৰে সন্ধিয়া হোৱাৰ আগতেই বায়েকৰ লগত কিবা প্ৰকাৰে মাত-বোল কৰিবলৈ সুযোগ বিচাৰি ফুৰে। সন্ধিয়া সময়খিনিত বায়েক ন’হলে মাক তাৰ ওচৰত থাকিবই লাগিব কাৰণ তাৰ ভুতলৈ বৰ ভয়। মাকে ভাত ৰান্ধিবলৈ যোৱাৰ সময়খিনিত তীখৰৰ পঢ়া টেবুলৰ ওচৰত চুটি তাৰ ব’ডিগাৰ্ড হৈ থাকিব লাগিব। সেয়ে দিনত লগা কাজিয়াখন সন্ধিয়া হোৱাৰ আগতেই তীখৰে শেষ কৰিবলৈ বিচাৰে।ভায়েকক লাগিলে যিমানেই মৰম নকৰক কিন্তু চুটিয়ে জানো তাৰ সেই কিটকিটিয়া টান হাতখনৰে খোৱা মাৰ কেইচাট পাহৰিব পাৰিব?

এদিনৰ কথা। দুয়োটাই তেনেকৈ লাগিল এখুন্দা। খঙৰ ভমকত তীখৰে লগালে দুঢকামান বায়েকক। বায়েকে ঢকাকেইটা খাই সেইদিনা ভেৎকৈ মুখখনো নেমেলিলে মাককো গোচৰ নিদিলে। মনে মনে গৈ নিজৰ ৰূমত সোমাই থাকিল। ইফালে বহুত দেৰিলৈকে বায়েক ৰূমৰপৰা ওলাই নহাৰ কাৰণে তীখৰৰ চিন্তাও বাঢ়িছে। সন্ধিয়া হ’বলৈ বেছি সময় নাই, সেইদিনা আকৌ তাতে মাকো ওলাই গৈছে কাৰোবাৰ ঘৰত নাম গাবলৈ। গতিকে বায়েকক ৰূমৰপৰা উলিয়াবই লাগিব যেনেকৈ হ’লেও। সেয়ে সি যিমান পাৰে লেনিয়াই বায়েকক মাতিবলৈ ধৰিলে আৰু যে ভৱিষ্যতে সি চুটিক নামাৰে তাৰো শপত খালে। বহুত সময় মতাৰ পিছত বায়েক ওলাই আহিল এপাকত। ৰূমৰপৰা ওলাই অহা বায়েকক দেখি তীখৰে স্বস্তিৰ নিশ্বাস পেলালে যদিও চুটিৰ মুখখন দেখি আচৰিতো হ’ল। মাৰ খাই কন্দাৰো চিন নাই, একো খঙৰো চিন নাই। ইমান শান্ত হৈ আছে আজি বায়েকজনী। বায়েকৰ এই মুখখন দেখি তীখৰৰ কিবা মৰম লাগি গ’ল। ইমান ভাল বায়েকজনীক সি এনেই মাৰি থাকে খং উঠিলে, কিন্তু তাইটো ওলোটাই একোৱেই নকৰে। আজিৰপৰা আৰু এনেকুৱা নকৰো বুলি মনতে ভাবি সি চুটিৰ পিছ ল’লে।

চুটিয়ে তীখৰক ৰূমলৈ আনি ‘তই পঢ়িবলৈ বহ মই তোৰ কাৰণে কিবা এটা বনাই আনো’ বুলি পাকঘৰলৈ গ’ল। সন্ধিয়া সময়ত সি তেনেকৈ অকলে এটা ৰূমত থাকিবলৈ ভয় কৰে যদিও অকণমান সময়হে বুলি মনতে ভাবি তীখৰে তাৰ সৰিয়হৰ টোপোলাটো বিচৰাত লাগিল।

অহ ক’বলৈ পাহৰিছিলোৱেই, তীখৰে যে ভুতলৈ ভয় কৰে বুলি কৈছিলো তাৰ কাৰণে সদায় তীখৰৰ হাতত এটা সৰিয়হৰ টোপোলা থাকে। ৰঙা ৰুমাল এখনতে ক’লা-বগা সৰিয়হ কেইটামান বান্ধি সি লগত লৈ ফুৰাই। তীখৰৰ ভয় ভয় অনুভৱ হ’লেই টোপোলাটোক জোৰত ধৰি লৈ তেতিয়াই বোলে তাৰ ভয়টো অলপ কমি যায়। এইবোৰ তীখৰে কোৱা কথাহে দেই।

দিনত টোপোলাটো নাথাকিলেও চলি যায় কিন্তু ৰাতি হ’লে সেইটো তীখৰৰ লগত থাখিবই লাগিব। সেইকাৰণে তীখৰে সৰিয়হৰ টোপোলাটো বৰ সযতনে পঢ়া টেবুলৰ কাপোৰখনৰ তলত থৈ দিয়ে যাতে হাত দিঁওতেই পাই যায়। সেইদিনাহে কি হ’ল ক’ব নোৱাৰে বিচৰা জেগাত টোপোলাটো নাই। আনকালেটো কেতিয়াও এনেকুৱা নহয়। ইফালে মাকো ঘৰত নাই সিফালে বায়েকো আছে পাকঘৰত। পাকঘৰটো অলপ আচুতিয়া হোৱাৰ কাৰণে সি চিঞৰিলেও যে বায়েকে শুনিব সেইটো তাৰ মনে নধৰে। তথাপিও ‘বাই বাই’ বুলি দুবাৰমান চিঞৰিলে, নাই বায়েকৰ কোনো মাত-বোল নাই। ইফালে সৰিয়হৰ টোপোলাটো নোহোৱাকৈ সি যাবও নোৱাৰে। যিমানেই সি টোপোলাটোৰ কথা ভাবিছে সিমানেই তাৰ অন্ঠ-কন্ঠ শুকাবলৈ ধৰিছে। এতিয়াই যেন তাক আহি কোনোবাই পিছফালৰপৰা ধৰিবহি। কথাটো মনলৈ অহাৰ লগে লগে তীখৰৰ হাত-ভৰি জিকাৰ খাই উঠিল। সি একোপত মৰসাহ কৰি ৰূমৰপৰা ওলাই একেদৌৰে পাকঘৰ পালেগৈ। আৰে, ই কি বায়েক দেখোন পাকঘৰটো নাই। ক’ত গ’ল তাই। কেনেবাকৈ ভুতে চোচৰাই লৈ যোৱা নাইটো। তীখৰৰ গোটেই গাটো কঁপি উঠিল ‘লোদোৰ পোদোৰ বায়েককে যদি ভুতে চোচৰাব পাৰিছে সিনো কোন কূটা।’ তেনেতে পাকঘৰৰ কাষতে থকা তামোল জোপাৰপৰা ঢকুৱা এখন সৰি পৰিল। ‘আ ঐ মৰিলো ঐ’ বুলি সি যিটোহে বিকত চিঞৰ মাৰিলে, ভাগ্য ভাল সেইসময়ত মাকো ঘৰ পাইছিলহি। তীখৰৰ চিঞৰ শুনি মাকে একেকোবে পাকঘৰৰ ওচৰ পাই দেখে যে তীখৰে কুচি মুচি চুক এটাতে কঁপি কঁপি সোমাই আছে। তাৰ অৱস্থাটো দেখি মাকৰ হাঁহিমেই নে কান্দিমেই হৈছে। মাকে আহি তাক সাৱতি ধৰোতেই সি চিঞৰি চিঞৰি কন্দাত লাগিল ‘বাইক নিলে ভুতে নিলে। মোৰ সৰিয়হৰ টোপোলাটোও হেৰাল।’

তীখৰৰ কথা শুনি মাকৰ বুজিবলৈ বাকী নাথাকিল যে এইবোৰ চুটিৰে কাম হ’ব। কাৰণ তেখেত ঘৰলৈ উভতি আহোতে চুটিক জপনাৰ ওচৰত ৰৈ থকা দেখি আহিছে আৰু তীখৰৰ কথা সোধাত ক’লে পঢ়ি আছে। মাকে তীখৰক বুজাই-বঢ়াই চুকটোৰপৰা উলিয়াই চুটিৰ ওচৰলৈ লৈ গ’ল। মাক আৰু ভয়তে কঁপি থকা তীখৰক দেখি চুটিমুটিৰ মুখেৰে বদমাচি হাঁহি এটা ওলাই আহিল মানে তীখৰে তাই ভবাৰ নিচিনাকৈ ভয় এপালি খালে। মাকে চুটিৰ হাঁহি দেখিয়েই বুজিলে যে সৰিয়হৰ টোপোলাটো তাইৰ হাততেই আছে। ‘দে দে তাক সৰিয়হৰ টোপোলাটো উলিয়াই দে।’ বুলি মাকে চুটিৰ কাণখনত ধৰি জোকাৰিবলৈ ধৰিলে। চুটিয়েও মাকৰ হাতৰ কাণমলা খাই চিঞৰিবলৈ ধৰিলে ‘তাক মই সৰিয়হৰ টোপোলাটো দিম যদিহে সি মোক নামাৰো বুলি শপত খাই।’ বুলি তাইৰ ফ্ৰকৰ খোচনিত ভৰাই থোৱা সৰিয়হৰ টোপোলাটো উলিয়াবলৈ ধৰিলে।

Rimjhim is a writer for multiple blogs including this one. She loves to travel, write, read and savior exquisite delicacies. She is into digital marketing, seo, literature.

SHARE ON:

Leave a comment

Your email address will not be published. Required fields are marked *