তীখৰ আৰু চুটিমুটি বাই

এখন গাঁৱত অহ চ’ৰী গাঁৱ বুলি ক’লে চুটিমুটিয়ে বেয়া পাই বুলি পাহৰিয়েই গৈছিলোঁ। এখন চেমি চহৰ আৰু চেমি গাঁৱৰ জেগাত তীখৰ আৰু চুটিমুটি নামেৰে এহাল বায়েক-ভায়েক আছিল। বাৰু, চুটিমুটিয়ে নুশুনাকৈ কৈছো দেই জেগাখন যিহেতুকে গাঁৱ পঞ্চায়তৰ অধীনত পৰে গতিকে গাঁৱ বুলিয়েই ক’ব লাগিব। চুটিয়ে বেয়া পোৱা কামটো কৰিবলৈ বেয়া লাগে কাৰণে আপোনালোকক কাণে কাণে কথাষাৰ কৈ থ’লো।

সেই চুটিমুটি আৰু তীখৰৰ আকৌ খুব মিলাপ্ৰীতি। বয়সৰো বেছি ব্যৱধান নাই দুই আঢ়ৈবছৰৰহে। সিহঁতৰ মিলা-প্ৰিতীবোৰৰ উদাহৰণ দুটামান দিলেই গম পাব মই মিছা কথা কৈছো নে সঁচা। তথাপিও তাৰ মাজতো সিহঁতৰ কাজিয়া এভাগ নলগা নহয় কিন্তু সেইটো ক্ষন্তেক সময়ৰ কাৰণেহে। অলপ সময়ৰ পিছতে সকলো ঠিক হৈ যায়। সিহঁতৰ মিলবোৰ দেখিলে মাকহঁতে কেতিয়াবা ভাবে ‘এই দুটা কোনোবা জনমত নিশ্চয় বন্ধুহে আছিল।’

এদিন আবেলি সময়ৰ ঘটনা। তেতিয়া তীখৰ চুটিমুটি একেবাৰে সৰু, প্ৰাথমিক বিদ্যালয়ৰ ছাত্র-ছাত্ৰী দুয়ো। স্কুলৰপৰা অহাৰ পিছত তীখৰ আৰু চুটিমুটি দুয়োকে মাকে ভাতকেইটা খুৱাই-বোৱাই শুবলৈ দিলে। দিনত যদি নুশুৱে ৰাতি যে সিঁহতে অলপ দেৰিও থাকিব নোৱাৰে সেইকথা মাকে জানে। সেয়ে দুয়োকে শুবলৈ দি মাক কিবা কামত সিহঁতৰ কাষতে থকা মানুহ ঘৰলৈ গ’ল। এনেই টোপনিৰ ভাও ধৰি চকু মুদি বিছনাত পৰি থকা তীখৰ মাক যোৱা গম পাইয়ে জাপ মাৰি উঠি বায়েকক চিঞৰিবলৈ ধৰিলে

‘অই বাই উঠচোন।’

চুটি: কি হ’লনো। শুই থাক ন’হলে মায়ে আহি পিঠি বহল কৰিব।

তীখৰ: উঠচোন বাই, মোৰ গাখীৰ খাবলৈ ইমান মন গৈছে। পাকঘৰৰপৰা এগিলাচ আনি দিব পাৰিবি?

তীখৰৰ কথা শুনি চুটিমুটিয়ে শোৱাৰপৰা জাপ মাৰি উঠিল ‘ভাতগাল মাৰি লৈছিলিহে তোৰ আকৌ গাখীৰ খাবলৈ মন গ’লেইনে? আৰু তোক গাখীৰ মই ক’ৰপৰা আনি দিম, আজিকালি দেখোন আমাৰ গাইজনীয়েও গাখীৰ নিদিয়ে।’ কথাকেইটা কৈ চুটিমুটি বিছনাৰপৰা উঠি আহি বাহিৰ পালেহি ‘এইটোৰ যে মাজে মাজে কি খাবলৈ মন যায় পেটডালত কিনো সোমাই আছে জানো!’ বাহিৰত আহি দেখে সিহঁতৰ চোতালত ছাগলীদুটামান আহি চোতালত গজা ঘাঁহবোৰ আপোনপাহৰা হৈ খাই আছেহি। ছাগলীকেইটাক দেখি চুটিমুটিৰ ভীষণ খং উঠিল। ‘জপনাখন মাৰি থোৱা স্বত্বেও বাহিৰৰ ছাগলীৰ সিহঁতৰ ঘৰত অবাধ বিচৰণ কৰিবলৈ ইমান সাহস।’ খঙতে ভৰিত সোমাই থকা তলুৱা চিঙা চেন্দেল এপাতকে ডাঙি ছাগলীৰ গালৈ মাৰিবলৈ লঁওতেই তাইৰ মূৰত কিনো খেলালে জানো চেন্দেলপাত পুনৰ ভৰিত সোমোৱাই ভিতৰলৈ দুপদুপকৈ দৌৰ মাৰি তীখৰৰ ওচৰ পালেগৈ। গাখীৰ খাবলৈ নাপাই বিছনাতে বহি থেনথেনাই থকা তীখৰক দেখি চুটিমুটিয়ে লেনিয়াই মাত লগালে ‘তোৰ গাখীৰ খাবলৈ মন গৈছে ন তীখৰ?’

তীখৰে মুখখন ফুলাই বেৰৰ ফালে মুখ কৰি উত্তৰ দিলে ‘ওম’

‘তেন্তে পাকঘৰৰপৰা মগ এটা লৈ আগফালে ব’লচোন। অলপ ডাঙৰ চাই আনিবি মগটো কেইবাটাও আছে গাখীৰ ওলাব অলপ। খালী মনে মনে আহিবি’ বুলি চুটিমুটি আকৌ আগফালে চোতাল পালেগৈ। তীখৰেও একো বুজি নাপায় বায়েকৰ কথামতে পাকঘৰৰপৰা ডাঙৰৰ ডাঙৰ মগটো বাচি লৈ আগফাল পালেগৈ। বায়েকে ভায়েকক দেখি হাতৰপৰা মগটো লৈ চোতালত চৰি থকা ছাগলী এটা ধৰিবলৈ চকুৰে ইংগিত দিলে। তীখৰেও বায়েকৰ চকুৰ ইংগিত বুজি আপোনমনে ঘাঁহ খাই থকা ছাগলী এটাক পিছফালৰপৰা সাৱট মাৰি ধৰিলে। হঠাতে হোৱা আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ ছাগলীটোৱে লৰ মাৰিবলৈ ধৰিছিল যদিও তীখৰৰ হাতৰপৰা ওলাই যাব নোৱাৰিলে। লগৰটোৰ ওপৰত হোৱা আক্ৰমণ দেখিয়ে একেলগে ঘাঁহ খাই থকা বাকীকেইটা ছাগলী ভিৰাই লৰ মাৰি জপনাৰ ফাকেৰে একেকোবে বাহিৰ ওলালগৈ।

‘অ বাই আহ ছাগলী ধৰিলোঁ। কি কৰ কৰহি এতিয়া।’ বুলি ভায়েকে বায়েকক চিঞৰিবলৈ ধৰিলে।

ইতিমধ্যে তীখৰে ছাগলীটো ধৰা দেখিয়ে চুটিমুটি আগবাঢ়ি আহিছিলেই। তীখৰে নিজৰ জোখটো চাই তাৰ জোখৰে সৰু পোৱালি এটাকহে ধৰিব পাৰিলে। তথাপিও যে ধৰি দেখুৱালে সেয়ে তাৰ ওচৰ পোৱা বায়েকলৈ চাই এটা গৌৰৱৰ হাঁহি মাৰিলে।

‘ধেই ইমান সৰু পোৱালিটো ধৰিলি যে গাখীৰ ওলাব জানো।’ বায়েকে তীখৰক সুধিলে।

‘ওলাব ওলাব তই খীৰাই চাচোন আৰু অকল মইহে খাম অকণমান ওলালেই হ’ল।

বেলেগে গাখীৰ খিৰোৱা দেখিছে যদিও নিজেই খিৰাই নোপোৱা চুটিমুটিয়ে নিজৰ আন্দাজমতে ছাগলীৰ পেটলৈ হাতখন নি মগটো পাতি পাৰে মানে পেটটোকে টানিবলৈ ধৰিলে। তাই যিমান টানিছে সিমান জোৰকৈ ছাগলীয়ে বেবাবলৈ ধৰিলে। ইফালে ছাগলী মতাই নে মাইকীয়ে সেইফালেও ভ্ৰূক্ষেপ নাই। মুঠতে মৰমৰ ভায়েকক অকণমান গাখীৰ খুৱাবলৈ পালেই হ’ল।

‘চুপ থাক এতিয়া বেবাই দেখুৱাবলৈ আহিছ সৰু ল’ৰা-ছোৱালী দেখি। মাহঁতে খিৰাবলৈ ধৰিলে দেখোন ধুনীয়াকৈ পাতি দিয়।’ বুলি আকৌ গাখীৰ খিৰোৱাত লাগিল।

ভায়েক তীখৰেও জনাই নজনাই ‘এনেকৈ নহয় অ তেনেকৈ খিৰাই।’ বুলি বায়েকক পৰামৰ্শ দিবলৈ ধৰিলে। সিঁহতহালৰ চিঞৰ-বাখৰ আৰু ছাগলীৰ বেবনিত কাষৰ ঘৰত থকা মাক উধাতু খাই সিহঁতহালৰ ওচৰ পালেহি ‘হেৰৌ খালি খালি কি কৰিছ তঁহতে ছাগলীটো মৰি থাকিব এতিয়া।’

‘নাই খোৱা মা খামহে। গাখীৰ দেখোন ওলোৱাই নাই।’ বুলি ধৰি থকাৰপৰাই তীখৰে মাত লগালে।

‘হেৰৌ এৰি দে বুলি কৈছো নহয় এৰি দে। ইমান সৰু মতা ছাগলী পোৱালিটোৰ গাখীৰ খিৰাবলৈ আহিছহঁত’ বুলি মাকে তীখৰ আৰু চুটিমুটি দুয়োকে টানি-আজুৰি ছাগলীটোক সিহঁতৰ হাতৰপৰা কোনোমতে এৰুৱালে। সিহঁতৰ হাতৰপৰা এৰ খাই ছাগলী জমৰ হাতৰপৰা এৰ খোৱাৰ দৰে একেলৰে যেনেকৈ পাৰে সি জপনাৰ বাহিৰ ওলাল।

ছাগলীটো ওলাই যোৱাৰ পিছতে মাকে সিঁহতহালক চোতালৰ কাষতে থকা তামোল গছ এজোপাত বান্ধি সুধিলে ‘ক কাৰ বুদ্ধি আছিল ছাগলী খিৰোৱাটো।’

মাকৰ প্ৰশ্নত চুটিমুটিয়ে সেমেনাসেমেনিকৈ উত্তৰ দিলে ‘তীখৰে গাখীৰ খাবলৈ নাপায় কান্দি থকা কাৰণে তাৰ দুখ সহ্য নহৈহে মই ছাগলীটো খিৰাইছিলো।’

এইটো ঘটনাৰ উপৰিও তীখৰ আৰু চুটিমুটিৰ বহুত ঘটনা আছে যিবোৰে বেলেগক হুৱালেও মাক-দেউতাকৰ মূৰকেইটা গৰম কৰাৰ বাদে একো নকৰে। এদিন স্কুলৰপৰা আহি দুয়োটা খেলাত লাগিল। মাকে শুৱাই থৈ অলপসময়ৰ কাৰণে বাহিৰলৈ যাবলৈ পালেহে দুয়োটা মাকৰ পিছে পিছে ওলাই আহিল। মাকে সিহঁতক তেনেকৈ ওলাই অহা দেখিছিল যদিও একো নামাতিলে। এই দুটা খটাসুৰক কিবা কৈ যে ৰাখিব পাৰিব মাকৰ মনে নধৰে। মাকে একো নোকোৱাত চল পাই দুয়োটাই খেলিবলৈ লৰ দিলে।

দেউতাকে ঘৰ বনাবলৈ আগফালৰ চোতালতে দ’ম কৰি থোৱা শিলখিনিতে দুয়োটা খেলাত লাগিল। কিনো খেলিছে সিঁহতহালেহে জানে কিবা নিগনি মেকুৰী বোলে। এবাৰ শিলখিনিৰ ওপৰলৈ উঠে এবাৰ তললৈ নামে। এনেকৈ খেলি থাকোতে চুটিমুটিৰ মনত এটা বুদ্ধি খেলালে। তাই মনতে ভাবিবলৈ ধৰিলে ‘মই যদি শিলৰ দ’মটোৰপৰা পৰি মৰি যাওঁ তেতিয়া কি হ’বনো? কোনে কোনে বা কান্দিব?’ চুটিমুটিয়ে মনতে কথাবোৰ ভাবিও আছে খেলিও আছে। তেনেকৈ খেলি থকাৰ মাজতে চুটিমুটিয়ে তীখৰক লেনিয়াবলৈ ধৰিলে ‘অ তীখৰ শুনছোন।’ তীখৰে বায়েকৰ মোলায়েম মাত শুনি ভাবিলে তাই এতিয়া তাক কিবা এটা কৰিবলৈ পাচিব। সেয়ে তাই কিবা কোৱাৰ আগতেই তীখৰে মাত দিলে ‘কি কৰিব লাগে মই এতিয়া কৰিব নোৱাৰোঁ কিন্তু।’ তীখৰৰ কথা শুনি চুটিয়ে ক’লে ‘ধেই তোক একো কাম কৰিবলৈ নিদো অ। তই কছোন মই মৰিলে তই কান্দিবি নে?’

বায়েকৰ কথা শুনি তীখৰে খেলি থকাৰপৰা অলপসময় ৰৈ ল’লে। শিলৰ দ’মটোৰপৰা দুটা শিল উঠাই ইটো শিলৰ গাত সিটো শিলৰে খুন্দিয়াই খুন্দিয়াই গহীনাই ক’লে ‘তই আগতে মৰছোন তেতিয়া মন গ’লে কান্দিম। ভায়েকৰ কথা শুনি বায়েকে মুখখন উফন্দাই ক’লে ‘তই মানে নাকান্দ ন।’ ‘ধেই এইজনী কান্দিম অ এনেইহে কৈছোঁ।’ তীখৰৰ কথা শুনি চুটিমুটিয়ে আনন্দতে জপিয়াই ‘ঠিক আছে চা মই মৰিলো, মাহঁতক ক গৈ যা’ বুলি শিলৰ দ’মটোতে ঢাপলাং খাই শুই গ’ল।

অলপসময় বায়েকলৈ চাই থাকি যেতিয়া বায়েকে একো লৰচৰ কৰা নেদেখিলে তীখৰে ভে ভে ভেকৈ মুখখন মেলি ভিতৰলৈ দৌৰ মাৰিলে। যাঁওতে যাঁওতে চিঞৰি চিঞৰি গ’ল ‘ অ মাই চাচোন বাই মৰি থাকিল।’ তীখৰৰ গগণ ফলা চিঞৰত মাক উধাতু খাই বাহিৰ ওলাই আহিল। মাকক দেখি সি আৰু অলপ ডাঙৰকৈ চিঞৰিবলৈ ধৰিলে আৰু শিলৰ দ’মটোলৈ আঙুলিয়াই দেখুৱালে ‘ অ মাই বাই মৰিলললল।’ মাকে তীখৰৰ কথা শুনি শিলৰ দ’মটোলৈ চাই দেখিলে যে হয় দেখোন চুটিমুটি শিলখিনিতে কাঠ এডাল পৰাদি চিধা হৈ পৰি আছে। অলপ সময়ৰ আগতেটো ইয়াতে খেলি আছিল দুয়োটাই হঠাতে এইৰনো কি হ’ল চাবলৈ মাক শিলৰ দ’মটোলৈ ওচৰ চাপি আহিল। দেখাতটো একো নাই বুলি মাকে চুটিমুটিক মাতিবলৈ ধৰিলে। ইফালে তীখৰে কান্দি কান্দি মাকক বুজাবলৈ ধৰিলে ‘বাই আৰু নুঠে অ মাই। তাই নিজেই মোক কৈছে তাই বোলে মৰিল মাক মাতি দে।’ তীখৰৰ কথা শুনি মাকৰ বুজিবলৈ বাকী নাথাকিল যে এইবোৰ সিহঁতৰ বদমাচি। মাকেও একো নকৈ কাষতে পৰি থকা এচাৰি এডাল লৈ যেতিয়া ‘উঠ উঠ আৰু মৰিবিনে মিছাকৈ’ বুলি শিলৰ দ’মটোতে ঢেৰেপকৈ কোব এটা দিলে। চুটিমুটিয়েও কোবটো তাইৰ গাত পৰা বুলি ভয় খাই একেদৌৰে শিলৰ দ’মৰপৰা নামি জপনাৰ বাহিৰ ওলালগৈ।

এনেকুৱা বদমাচিবোৰ কৰি সিহঁত দুয়োটাই মাকহঁতক জলাই মাৰে। ইটো-সিটোৰ আকৌ ইমানেই মিল যে এটাই যদি কিবা এটা কৰে আনটোৱে তাত সহায় কৰিবই। দুয়োটাই মানে সম্পূৰ্ণ সহযোগত কাম এটা কৰে।

তীখৰহঁতৰ নতুনকৈ পকাঘৰ সাজিবলৈ লৈছিল। ইতিমধ্যে ঘৰটোৰ সকলোবোৰ হৈছিলগৈয়ে মাথো দুৱাৰ খিড়িকীবোৰ লগাবলৈ বাকী। টিঙৰ কামবোৰো মিস্ত্ৰীয়ে প্ৰায় শেষ কৰিছেই। দুয়োটাৰে খুব ফূৰ্তি সিহঁতৰ নতুন ঘৰ। ঘৰৰ কামখিনি শেষ নোহোৱালৈকে সিহঁতে সেই আধা সজা ঘৰটোতে খেলা-ধূলা কৰিছিল। কেতিয়াবা পকা নতুনকৈ বনোৱা বেৰবিলাকত পানী চটিয়াবলৈও দেউতাকক সহায় কৰি দিয়ে। ঘৰটোৰ টিং উঠোৱাৰ পিছতে তলখিনি পকা কৰাৰ কথা, ইফালে সোনকালে ঘৰটোত সোমাবও লাগে। সেয়ে দেউতাকে মিস্ত্ৰীক টিঙৰ কামখিনি সোনকালে সামৰিবলৈ কৈ আছে। দেউতাকৰ কথামতে মিস্ত্ৰীয়েও কামবোৰ লৰালৰি কৰিছে।

এদিন আবেলি শুৱা ঘৰটোৰ টিংবোৰ লগাই মিস্ত্ৰী গ’লগৈ। দিনটোৰ প্ৰখৰ ৰ’দ মৰাৰ পিছত হঠাতে বতৰটো সলনি হ’ল। ৰাতিলৈ ধাৰাসাৰ বৰষুণ দিবলৈ ধৰিলে। বৰষুণজাক অহাৰ কাৰণে কামবোৰ পিছ পৰিব বুলি তীখৰ চুটিমুটিৰ দেউতাক অলপ চিন্তিত হ’ল যদিও মনে মনে ভালেই পালে যে এতিয়া যদি টিঙখিনি কৰবাত ফুটা আছে গম পাই যাব।

ৰাতিৰ দপদপিয়া বৰষুণজাকৰ পিছত পুৱালৈ ধুনীয়াকৈ ৰ’দ এচমকা ওলাল। আজি মানে মিস্ত্ৰীয়ে বাকী থকা কামবোৰ আগবঢ়াব পাৰিব। পুৱা শুই উঠিয়েই দেউতাকৰ ৰূমবোৰ চোৱাৰ অভ্যাস এটা হৈছে। সেইদিনাও শোৱাৰপৰা উঠিয়েই নতুনকৈ বনাই থকা শুৱাকোঠালিটোলৈ গৈ দেখে যে কোঠাটোৰ দুটা চুকৰ বালিখিনি বৰষুণ পৰাৰ নিচিনাকৈ ভিজি আছে, বাকী ঠাইখিনি শুকান। দেউতাকে মানে যিটো সন্দেহ কৰিছিল সেইটোৱে হ’ল বুলি লৰালৰিকৈ অলপ সোনকালে আহিবলৈ মিস্ত্ৰীক মাতিবলৈ গ’ল‌। দেউতাকৰ কথা শুনি মিস্ত্ৰীও আচৰিত এনেকুৱাটো হ’ব নালাগিছিল। তথাপিও আকৌ এবাৰ চাই দিব লাগিব বুলি দেউতাকৰ লগতে মিস্ত্ৰী আহি টিঙ চাবলৈ ওপৰলৈ উঠি গ’ল। পুৱাৰেপৰা দেউতাকৰ কাণ্ড কাৰখানাবোৰ তীখৰ আৰু চুটিমুটিয়ে লক্ষ্য কৰি আছিল কিন্তু কি হৈ আছে বুজা নাই। সেয়ে তীখৰ এপাকত আহি মিস্ত্ৰীৰ লগত লাগি থকা দেউতাকক সুধিলে ‘দেউতা টিং দেখোন লগালেই আকৌ নো মিস্ত্ৰী খুড়া ওপৰলৈ কিয় উঠিছে?’ তীখৰৰ কথা শুনি দেউতাকে ওপৰলৈ চাইয়ে উত্তৰ দিলে ‘টিংখিনিৰ কৰবাত ফুটা আছে নেকি সেই ৰূমৰ দুটা চুক দেখোন ভিজি আছে।’

দেউতাকৰ কথা শুনি তীখৰে চুক দুটালৈ গৈ ভালকৈ এবাৰ চাই আহি দেউতাকক হাঁহি হাঁহি ক’লে ‘দেউতা এইবোৰ বৰষুণ পৰি ভিজা নাই অ। কালি ৰাতি ইমান জোৰত বৰষুণ দিছিল যে সেইকাৰণে বাই আৰু মই বাহিৰলৈ যাব নোৱাৰি ইয়াতে মুতি থৈ গৈছিলোঁ।’ তীখৰৰ কথা শুনি দেউতাকে চকুকেইটা ৰঙা কৰি তাৰ পিঠিখন বখলিয়াবলৈ ধৰোতেই ওপৰৰপৰা মিস্ত্ৰীয়ে মাত লগালে ‘দাদা ওপৰত ক’তো একো টিং ফুটা নাই। ইঁহতকেইটাক সোধকচোন কেনেবাকৈ ৰাতি বিয়লি আহি পানী পেলাইছিল নেকি।’

Rimjhim is a writer for multiple blogs including this one. She loves to travel, write, read and savior exquisite delicacies. She is into digital marketing, seo, literature.

SHARE ON:

Leave a comment

Your email address will not be published. Required fields are marked *