পুুৱা বেলা দৈয়ন দিয়া নাম

সংগ্ৰহ কৰোতাঁ – নীতুমণি দেৱী

ৰাম কৃষ্ণ প্ৰভাতে আইদেউ, ৰাম কৃষ্ণ ভূমিত পাৱ নিদিবা,

হৰি মোৰ ঐ পৰজাতে দিবা ভৰি।

ৰাম কৃষ্ণ পৰজাৰেপৰা  ৰাম কৃষ্ণ  লাম্ফ দি আইদেউ,

হৰি মোৰ ঐ চামৰ বৰে পীৰাত বহা।

ৰাম কৃষ্ণ চামৰ বৰে পীৰা ৰাম কৃষ্ণ তলে চাৰি খুৰা,

হৰি মোৰ ঐ বহিছে সোণৰ চেঁকুৰা।

ৰাম কৃষ্ণ পাণে বৰিয়ালৰ ৰাম কৃষ্ণ পাণে আনাগৈ,

হৰি মোৰ ঐ গুৱালৰ ঘৰৰে দৈ।

ৰাম কৃষ্ণ আজি আইদেউক ৰাম কৃষ্ণ দৈয়ন দিব লাগে

হৰি মোৰ ঐ সিংহ দুৱাৰতে থৈ।

ৰাম কৃষ্ণ সুৱৰ্ণৰ খাটতে ৰাম কৃষ্ণ আইদেউ শুই আছে,

হৰি মোৰ ঐ এই কথা মনতে নাই।

ৰাম কৃষ্ণ লাখে বাখে কৰি, ৰাম কৃষ্ণ ব্ৰজৰে সুন্দৰী,

হৰি মোৰ ঐ আইদেউক জগোৱা গৈ।

ৰাম কৃষ্ণ পূবে দিছে ৰেণু, ৰাম কৃষ্ণ উঠা শ্য়ামকাণু,

হৰি মোৰ ঐ কতনো শয়নে কৰা।

ৰাম কৃষ্ণ দৈয়ন দিব লাগে, ৰাম কৃষ্ণ  মাতৃ ৰৈ আছে,

হৰি মোৰ ঐ যাই ধৰমৰে বেলা।

ৰাম কৃষ্ণ পুৱাইল ৰজনী, ৰাম কৃষ্ণ উঠা যদুমণি,

হৰি মোৰ ঐ চৌদিশে পোহৰে হ’ল।

ৰাম কৃষ্ণ বনৰে হৰিণা, ৰাম কৃষ্ণ বনতে লুকালে,

হৰি মোৰ ঐ পক্ষী দশোদিশে গ’ল।

SHARE ON:

Leave a comment

Your email address will not be published. Required fields are marked *