ফেচবুকৰ লাভ ৰিয়েকচন আৰু বিগ বাবুলৰ ষ্টিকাৰ

আগতে ফেবুত আছিল অকল বুঢ়া আঙুলি দেখুওৱা চিষ্টেমটো। ফটো এখন বা ষ্টেটাচটো ভাল লাগিল দেখুৱাই দিয়ক বুঢ়া আঙুলি, বেয়া লাগিছে কিন্তু 👍 এইটো নিদিলে কথাটো বেয়া হয় দি দিয়ক। কিন্তু সেই আগৰ দিন নাই। এতিয়া আপুনি নিজৰ পচন্দ অনুসৰি 👍,😮😆😠😥আদিবোৰ ব্যৱহাৰ কৰি পাৰে, কোনো কথা নাই। কিন্তু যেতিয়াই মই কাৰোবাৰ ফটোত  এইটো দিওঁ, আগতে বিগ বাবুলত পোৱা ষ্টিকাৰ এটিলৈ খুব মনত পৰে। এতিয়া চাগে ভাবিব ফেচবুকৰ ৰিয়েকচন আৰু বিগ বাবুলৰ ষ্টিকাৰৰ কি সম্বন্ধ? পঢ়ি যাওকচোন গম পাব।

মই তেতিয়া ক্লাছ ফাইভমানত পঢ়ি আছোঁ। সেই সময়ত ষ্টিকাৰ পোৱা চুইংগাম বিগ বাবুল, বাবুল গাম ইত্যাদিবোৰ খুউব খাইছিলোঁ। লোভটো চুইংগামৰ নহয়, লোভটো হ’ল ষ্টিকাৰৰ। ঘৰৰ ৱাল, চুইছ বৰ্ড, আলমাৰি, বিছনা কিতাপ, জ্যামিতি বক্স আদি একো বাদ নপৰে, চবতে ষ্টিকাৰ মাৰি মাৰি সোণত সুৱগা চৰাই থৈছিলো। সেইবোৰৰ উপৰিও নিজৰ গাত টাটু বনাবলৈ তেতিয়াই শিকি পেলাইছিলো। ভাল লগা ষ্টিকাৰ এটা পালেই নিজৰ হাতত, ভৰিত লগাই একেবাৰে ষ্টিকাৰ ৰাণী হৈ ধুনীয়াজনী হৈ পৰিছিলোঁ। তাৰপিছত যেতিয়া মায়ে সেইবোৰ দেখি প্ৰথমতে মিঠাতেল অলপ লগাই দি ভোলৰ জিমডাল আনি যিহে ধোৱন দিয়ে যেন সেইখন মোৰ কুমলীয়া চাল নহৈ গঁড়ৰহে চাল এখন। সেই ধোৱনৰ পিছত চেলেকা চুবুকাকৈ যিকণ লাগি থাকে তাৰ ওপৰত আকৌ পিছদিনা নতুন ষ্টিকাৰ এটা লগাই আগদিনা ধুই এৰুৱাই পেলোৱা ষ্টিকাৰৰ দুখবোৰ মোহাৰি থওঁ। ষ্টিকাৰবোৰৰ কাৰণেই চুইং গাম খোৱাতো বৰ হেপাঁহ আছিল। এদিন হ’ল কি চুইংগাম খাওঁতে পালোঁ 💘 এনেকুৱা এটা ষ্টিকাৰ। মনত যে কি ফূৰ্তি প্ৰথমবাৰৰ বাবে ধুনীয়া ষ্টিকাৰ এটা পাইছো।

মোৰ ষ্টিকাৰটো দেখি লগৰজনীয়ে বোলে তোক মোৰ ভাগৰ দুটা ষ্টিকাৰ দিম তোৰটো মোক দিবি। তাইৰ কথা শুনি মই একেবাৰে ফেপেৰি পাতি কৈছোঁ ‘ইহ, কিয় দিম? মই ইমান কষ্ট কৰি পোৱা ষ্টিকাৰ এইটো, নিদো।’ তাইক তেনেকৈ কৈ ষ্টিকাৰটো এতিয়া ক’ত লগাম ভাবি থাকোঁতে মনত পৰিল যে জ্যামিতি বক্সতে লগাই থোৱাই ভাল হ’ব। নহ’লে গাত লগালেও কেইদিনমান পিছত গুচি যাব আৰু ঘৰৰ ৱালতে হওক বা বেলেগতে হওক কেতিয়া মায়ে চাফা কৰি থ’ব ঠিক নাই। সেয়ে চব কথা ভাবি-চিন্তি জ্যামিতিৰ বক্সটোতে লগাই থৈ দিলোঁ। বক্সটো খুলিয়েই সেইটো দেখো মনটো একদম ভাল লাগি যায়। ইমান ধুনীয়া ষ্টিকাৰটো ৰেড কালাৰৰ।

সেইটো নিদিয়াৰ পৰা লগৰজনীয়েও মোক দুদিনমান ভালকৈ নমতা হ’ল। কেইদিনমান পিছত এদিন চাৰ এজন আহি ঘপককৈ ক’লে তোৰ জ্যামিতি বক্সটো চাওঁ। মইও একো নাভাবি দি দিলোঁ। চাৰে মোৰ জ্যামিতিৰ ভিতৰত ষ্টিকাৰটো দেখি সুধিছে ‘এইটো ক’ত পালি?কোনে দিলে? মাৰক মাতি আনো নেকি?’ কথা নাই বতৰা নাই হঠাৎ আহি পুলিচে কৰাদি জেৰা কৰি আছে যে। মাৰক মাতি আনো নেকি বুলি কওঁতে বেছিয়েই খং উঠিছে। মা সেইখন স্কুলৰ শিক্ষয়িত্ৰী হ’ল বুলিয়েই চব কথাত মাক মাতিব, কথা হ’ল নেকি? কিন্তু সেইবোৰ মনতেহে ভবা কথা, মুখ ফুটাই একো ক’ব নোৱাৰিলোঁ। ইমান জেৰাৰ সন্মুখীন হৈ ক’লো যে ষ্টিকাৰটো বিগ বাবুল খাওঁতে পালোঁ। চাৰে বোলে লগে লগে এইটো এৰুৱা, এতিয়াই এইবোৰ ষ্টিকাৰ লগাবলৈ আহিছ। মই কি হ’ল কথাটো একো বুজি পোৱা নাই। কিন্তু চাৰৰ ৰুদ্ৰ মূৰ্তি দেখি বক্সটোৰ ভিতৰতে থকা ব্লেডখন লৈ লগে লগে ষ্টিকাৰটো ৰুকি ৰুকি এৰুৱাবলৈ ধৰিলোঁ। যিমানেই ৰুকিছো সিমানেই কান্দিছো। মনতে ভাবিছোঁ ইমান কষ্ট কৰি ধুনীয়া ষ্টিকাৰটো পালোঁ, কাৰনো মুখ লাগিল? মোৰ কন্দনামুৱা ৰূপ দেখি লগৰজনীয়ে ফিচাঙা ফিচিং কৰিবলৈ ধৰিলে। তাইয়ে যে কিবা এটা কৰিছে মোৰ বুজিবলৈ বাকী নাথাকিল। চাৰ যোৱাৰ পিছত যেতিয়া তাইক মই জেৰা কৰিলোঁ তেতিয়াহে আচল কথা ওলাল যে তাইয়ে বোলে চাৰক লগাই থৈ আহিছে মোৰ বোলে জ্যামিতি বক্সত কিবা বেয়া ষ্টিকাৰ লগাই থৈছোঁ। সেইটোনো কিয় বেয়া ইমান সোধাৰ পিছতো সেইটো সময়ত সেইটো ষ্টিকাৰ কি বেয়া তাইও ক’ব নোৱাৰিলে। মুঠতে মই বেয়া ষ্টিকাৰ লগাইছো মই বেয়া ছোৱালী। কিন্তু কিয় বেয়া সেই ষ্টিকাৰটো, পিছত ওপৰৰ ক্লাছৰ বা এজনীক সোধাতহে ক’লে বোলে 💘 এইটো বোলে ল’ৰা বা ছোৱালীয়ে ইটোৱে সিটোক ভাল পালেহে দিয়ে।

অহ্, এতিয়াহে খা। সেইকাৰণেহে চাৰে আহি মোক জেৰা কৰিছেহি এইটো ক’ত পালি, কোনে দিলে ব্লা ব্লা ব্লা।

এতিয়া দেখোন সেই ল’ৰা-ছোৱালীয়ে ভাল পালেহে দিয়া ষ্টিকাৰটোৰ নিচিনা ৰিয়েকচনটো সৰু ডাঙৰ, ল’ৰা-ছোৱালী যিয়েই হওক কাৰোবাৰ ফটো বা ষ্টেটাচটো ভাল পালেই দি দিওঁ। ধেই কি যে হেবাং আছিলোঁ তেতিয়া। এতিয়া আৰু সেই আগৰ দিন নাই।

Rimjhim is a writer for multiple blogs including this one. She loves to travel, write, read and savior exquisite delicacies. She is into digital marketing, seo, literature.

SHARE ON:

Leave a comment

Your email address will not be published. Required fields are marked *