ফেচবুক

বৰুৱানী: হেৰি আজি আবেলি গজা দুটামান, কেক দুপিচমান আৰু নিমকি দুখনমান লৈ আহিবাচোন।

বৰুৱা: কিয় কিবা পাতিছা নেকি?

বৰুৱানী: এনেই শৰ্মা-শৰ্মানীকো মাতিছো আবেলি চাহ একাপ খাবলৈ।

বৰুৱানীৰ কথাই বৰুৱাক ভবাই তুলিলে অলপ সময়ৰ কাৰণে। তেওঁ কেনেবাকৈ কিবা উইছ কৰিবলৈ পাহৰা নাইতো। এনেইতো শৰ্মানীক চাহ খাবলৈ মতাৰ প্ৰশ্নই নুঠে। মনৰ ভিতৰতে গুণা-গথা কৰি লৈ বৰুৱা নিশ্চিত হ’ল যে তেওঁ জনাত আজি তেনেকুৱা একো স্পেচিয়েল ডেই নাই। মানে থাকিবই নোৱাৰে। কিন্তু কথাটো কি!

বৰুৱা: হেৰা তুমি কোৱা বস্তুকেইটা মই আনি দিম বাৰু কিন্তু কথাটো কি? তোমাৰ বাৰ্থদেই হৈ গ’ল, আমাৰ এনিভাৰ্ছেৰীও হৈ গ’ল। বাকী কি থাকিলনো চাহ খোৱাবলৈ?

বৰুৱাৰ কথাত বৰুৱানী ভমককৈ জ্বলি উঠিল

‘তুমি যে হৈ যোৱাবোৰৰ হিচাপ দি আছা, কিন্তু কেতিয়াবা নিজৰ জানো মনত পৰে। মোৰ মুখৰ বৰণ চাইহে তুমি মনত পেলোৱা। কিন্তু ফেচবুক তোমাৰ নিচিনা নহয়। আজি মোৰ ফেচবুকলৈ অহা এক বছৰ হ’ল। কি ধুনীয়াকৈ পুৱাতে এটা ভিডিঅ বনাই আমাৰ এবছৰীয়া ফ্ৰেণ্ডভাৰ্ছেৰীৰ চেলিব্ৰেট কৰিছে। ফেচবুক বোপায়ে মোৰ কাৰণে ইমানখিনি কৰাৰ পিছত মই আৰু শৰ্মানীক চাহ একাপ নোখোৱাকৈ কেনেকৈ থাকো হয়নে।

Rimjhim is a writer for multiple blogs including this one. She loves to travel, write, read and savior exquisite delicacies. She is into digital marketing, seo, literature.

SHARE ON:

Leave a comment

Your email address will not be published. Required fields are marked *