বুঢ়ী আইৰ সাধু

বান্দৰ আৰু শিয়ালে মেকুৰীৰ জীয়েকক এটা শিঙৰা মাছৰ কথা কৈ ভুলাই থাকোঁতে এজনী মালিনীক এজোপা ফুল গছৰ ওচৰত দেখি বুধিয়ক শিয়ালে খাবলৈ পাং পাতি বাঘ আৰু কেকোৰাক খবৰ দিয়ে।পানেশৈ জীয়েক তেজীমলা কাঞ্চনী নুমলীয়া পো কুকুৰীকণা লটকণ লগত জৰদগ্ব ৰজাৰ উপাখ্যান আৰু ভেকুলীৰ সাধু শুনিবলৈ সৰৱজান তাৱৈকৰ ঘৰলৈ যাওঁতে বাটতে দীঘলঠেঙীয়া পায়। পানেশৈৰ মন লটকণক জোৱাইৰ সাধু কৈ নিজৰ জোৱায়েক কৰি লোৱাৰ আৰু কাঞ্চনীৰ মন তেজীমলাক লখিমী বোৱাৰী কৰাৰ। দুই বুধিয়ক তীখৰ আৰু চুটিবাইয়ে চম্পাৱতী ঘৰৰ বাৰীখনত আম চুৰি কৰোঁতে তুলা আৰু তেজা সিহঁতহালক দেখা পাই এটা বলী মানুহ হাতত গতাই দিয়ে। চিলনীৰ জীয়েকে ঔকুঁৱৰী লগ লাগি গঙাটোপ কটা যোৱা নাকটো খাৰণি দি ঢাকি বুঢ়া বুঢ়ী আৰু শিয়ালক খবৰ দিবলৈ ঢোৰা কাউৰী আৰু টিপচী চৰাই পঠিয়াই দিয়ে।

(ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ বুঢ়ী আইৰ সাধু কিতাখনৰ সাধুকেইটাৰ নামেৰে এটা সাধু)

Rimjhim is a writer for multiple blogs including this one. She loves to travel, write, read and savior exquisite delicacies. She is into digital marketing, seo, literature.

SHARE ON:

Leave a comment

Your email address will not be published. Required fields are marked *