বয়স ইজ জাষ্ট এ নাম্বাৰ

ভদভদভদভদভদ…..

”উম হাৰ্লী গ’ল।” ভাতৰ পাতৰ পৰা মূৰ নোতোলাকৈ নমিতা নবৌয়ে কৈ উঠিল

”হৌৰা কি হাৰ্লী হাৰ্লী মাৰি থাকাহে, নামটো দি ক’লেও হয় নহয়।” ঘৈণীয়কৰ মুখত সদায় হাৰ্লী নামটো শুনি অতিষ্ঠ হৈ আজি কনক দাই ভেকাহি মাৰিয়ে উঠিল।

”হৰি! এই কথাটোতে ইমান খং খাব লাগে নে দেও। সঁচা কথাহে কৈছোঁ। দেখিছা মানুহজন দিনে দিনে কিমান ডেকাটি হৈ গৈছে।” নমিতা নবৌও হ’বলা কম, গিৰিয়েকৰ গেলাতে টেঙা দিবলৈ কথা কেইষাৰ কৈ চোবাই থকা ৰৌ মাছৰ কাঁ‌ইটডাল আকৌ এবাৰ চোপা এটা মাৰি কাঁহীৰ কাষতে থৈ বাটিৰ পৰা আৰু এডোখৰ মাছ উলিয়াই খোৱাত লাগিল।

ঘৈণীয়েকৰ কথাকেইটা শুনি কনক দাৰ জ্বৰে বিষে উঠিল যদিও, মুখেৰে হ’লে একো ফুটাই ক’ব নোৱাৰিলে। চকুকেইটাই অলপ কেৰাকৈ চাইয়ে সামৰি থৈ তেওঁৱো বহুত সময় ধৰি সানি থকা ভাতখিনিৰ পৰা এটেপা মুখলৈ নিলে। আজিকালি প্ৰায়ে দাদা আৰু নবৌৰ মাজত সেই বাইকৰ মানুহজনক কেন্দ্ৰ কৰিয়েই কাজিয়াখন আৰম্ভ হয়।বৌৱে পাৰে মানে হাৰ্লীৰ ফালে মাতে আৰু কনক দায়ে পাৰে মানে তেওঁক চৈধ্য গোষ্ঠী উজাৰি গালি দিয়ে।

আচলতে কনক দা আৰু নমিতা নবৌ গাঁৱৰপৰা মহানগৰীলৈ উঠি অহা দুবছৰমান হ’ল যদিও গুৱাহাটীৰ আদব-কায়দাবোৰ ল’বলৈ বহুত দূৰ বাকী। সেয়ে দুয়ো কথাই কথাই কাজিয়া লাগিলেও পাহৰি যায় গাঁৱতেই আছে নে গুৱাহাটীতে আছে, আনকি কিবা এটা ফূৰ্তি লাগিলেও পাহৰি যায়। তাৰমানে সেই গাঁৱত লগাৰ দৰে বা কোৱাৰ দৰে চিঞৰি কথা কোৱাৰ স্বভাৱটো নগ’লেই। এতিয়া এইবোৰ কথা গাঁৱৰ ঘৰত হ’লে বেলেগ কথা, ঘৰবোৰ আতঁৰে আতঁৰে থাকে কোনোৱে শুনা নাপায়। কিন্তু গুৱাহাটীত যিহে ঘৰবোৰ লগালগি ভাত খাই উঠি ডাঙৰকৈ উগাৰটো মাৰিলেও ইঘৰে শুনা পায়‌। দুঘৰৰ মাজতনো কিমান গেপ, মনিষা কাকতিৰ দৰে খীণ-মিন চাইজৰ এজনী কোনোমতে পাৰ হৈ যাবহে পাৰে। তেনেকুৱা অৱস্থাত মাক-বাপেকৰ এইবোৰ চিঞৰ-বাখৰ শুনি পুতেক হীৰকে লাজো পাই কেতিয়াবা। কিন্তু যিমান চেষ্টা কৰিও মাক-দেউতাকৰ এই স্বভাৱটো এৰুৱাব পৰা নাই।

হাৰ্লী মানে ভদভদ বাইকৰ মালিকজন আকৌ কনক দাৰ গাঁৱৰে, কিন্তু হায়াৰ চেকেণ্ডাৰী পঢ়াৰে পৰা গুৱাহাটীত থাকি এতিয়া গোটেইজন ফৰেনাৰ টাইপে বনি গৈছে। কথাই কথাই ইংৰাজী নুফুটালে বাক্যটো সম্পূৰ্ণ নহয়েই। পাৰিলে কাইলে ”মই ভিলেজ’চ হোমলৈ যাম” বুলিও ক’বলৈ নাপাহৰে।

কনক দাৰ ল’ৰা হীৰক সৰুৰেপৰা পঢ়া-শুনাত চোকা আছিল। এইচি ৰ পৰাই মেকানিকেল ব্ৰাঞ্চৰ পৰা পাছ কৰি গুৱাহাটীৰ নুনমাটি ৰিফাইনেৰীত চাকৰি পোৱাৰ পিছত মাক-দেউতাককো গাঁৱৰ পৰা লৈ আহি নিজৰ লগতে ৰাখিছে। গুৱাহাটীত ফ্লেট কিনিব পৰা এতিয়াও হোৱা নাই যদিও পিছলৈ কিনাৰ এটা আশা পুহি ৰাখিছে। বৰ্তমান তেওঁলোক হাৰ্লী ডেভিদছনৰ মালিকৰ ঘৰৰ তলৰ পাৰ্টটোকে ভাড়াত লৈ আছে। অহ্, হাৰ্লীৰ মালিকজন কোন আপোনালোকক চিনাকি কৰাই দিয়া নাই নহয়। আচলতে তেওঁ আন কোনো নহয় আমাৰ সকলোৰে চিনাকি হেমন্ত কাকতিহে।

কনক দা হেমন্ত কাকতি ওৰফে হেকা দা (লগৰবোৰে হেকা বুলি মাতোঁতে এতিয়া হেকা বুলিহে মানুহজন বেছি জনাজাত হ’ল) একে বয়সৰে। কনক দাই গাঁৱতে থাকি পঢ়িলে, কি পঢ়িলে সেইটো জৰুৰী নহয়। কিন্তু হায়াৰ ছেকেণ্ডাৰী দিয়েই ঘৰৰ ওচৰৰে নমিতা নবৌক আনি ঘৰ সুমুৱালেহি। এতিয়া কওঁতে বিএ পাছ বুলিয়েই কয় কিন্তু কোন কলেজৰপৰা কেতিয়া বিএ পাছ কৰিলে সেই বিষয়ে কোনো জ্ঞাত নহয় অৱশ্যে। ইফালে সৰুৰেপৰা তীক্ষ্ণ বুদ্ধিসম্পন্ন হেকা দা মেট্ৰিক দিয়েই যি ঘৰৰ বাহিৰ হ’ল, পিছলৈ সেই মুৱা নহ’লেই। এতিয়া যাবলৈকো গাৱঁৰ ঘৰত কোনো নাই। একেলগে ডাঙৰ হোৱা দুয়োৰে মাজত যিমান সদভাৱ আছে সিমান আকৌ চয়তানীও আছে। সেইখিনি দেখাই বুজি পায়।

কনক দাৰ ল’ৰা গুৱাহাটী আহোঁতে সকলোবোৰ সুবিধা হেকা দাই কৰি দিলে যদিও কনক দাৰ মতে সেইয়া তেওঁ বোলে মানুহৰ পৰা বাহ্ বাহ্ ল’বলৈহে কৰিলে। বাৰু এতিয়া শুনক, কনক দা গুৱাহাটীলৈ অহাৰ পিছত হেকা দা আৰু তেওঁৰ মাজত হোৱা শীতল যুদ্ধখনৰ কথা।

অইন কাৰণত নহ’লেও কনক দাৰ এটা কথাতে ফুটনি যে তেওঁৰ ল’ৰাই এতিয়া বিয়া পাতিব পৰা হ’ল। কিন্তু হেকাৰ পুতেকে বোলে বিয়া পাতিবলৈ এযুগ বাকী। এই কথা শুনিলে আকৌ হেকা দাই মুখতে ধৰে নহয় ”বোলো তোৰ নিচিনাকৈ জন্ম হৈয়ে বিয়া পতাটোকে জীৱনৰ লক্ষ্য হিচাপে লোৱা নাছিলোঁ নহয়।” নিজৰ গাঁৱৰে, সৰুৰে পৰা একেলগে পঢ়া যদিও কনক দাই হেকা দাক অলপ ঈৰ্ষাৰ চকুৰে চাই। আঁ‌তৰে আঁ‌তৰে থাকোঁতে দুয়োজনৰ মাজতে জেদ আছিল যদিও কনক দা গুৱাহাটীলৈ অহাৰ পিছত সেই জেদ বেছিয়েই হ’ল। সিহঁতৰ মাজত এতিয়াও যি প্ৰতিযোগিতা, তেনেকুৱা চাগে একে ক্লাছত পঢ়ি থকা ল’ৰা-ছোৱালীৰ মাজতো নাই। এটাই যদি কয় আমেৰিকা যোৱাৰ কথা আনটোৱে ক’ব মহাকাশলৈ যোৱাৰ কথা।

আজি তিনিমাহমান হ’ল হেমন্ত কাকতি মানে হেকা দাই বাইক এখন কিনাৰ কথা কৈছিল। এই বয়সত বাইক কিনিব, সকলোৰে চকু কপালত উঠিছিল। কিন্তু হেকা দাৰ কথা মানে শিলৰ ৰেখা। কথামতেই কাম, একেবাৰে ডীলাৰত গৈ দি থৈ আহিল বাইকৰ অৰ্ডাৰ। সেইকেইদিন হেকা দাক কি নাচাবা, শ্বপিং কৰি তৎ পোৱা নাই। কনক দাই আকৌ হেকা দাৰ কাণ্ড কাৰখানাবোৰ দেখি মুখতে ভোৰভোৰাই ”কি একেবাৰে ডাঙৰ কামটো কৰিছে বাইক অৰ্ডাৰ কৰি, মইও হামাৰ বাজাজ চলোৱা মানুহ। সেই দিনত আমাৰ গাঁৱত কেইটা মানুহৰ বাজাজ স্কুটাৰ আছিল। হুহ এই বয়সত বাইক কিনি ফুটাবলৈ আহে।”

এদিন দুপৰীয়াৰ কাহিনী। ভদভদভদ শব্দ এটা কৰি গেটখন খুলি সোমাই আহিল এখন হাৰ্লী ডেভিদছন। বাপৰে বাপ চালকৰ কি চ্ছাল। পিন্ধনত এটা ক’লা জীনছ, ক’লা লেডাৰৰ জেকেট, ক’লা চানগ্লাছ, গোটেই মুখ ঢকা হেলমেট আৰু ভৰিত এংকল বুটা জোতা এযোৰ, হাতত হাফ গ্লভছ্। সেই সময়ত কনক দাই আকৌ ঘৰৰ বাৰণ্ডাতে বহি পেপাৰখনত চকু ফুৰাই আছিল। বাইকৰ মাত শুনি পেপাৰৰ পৰা চকু আঁতৰাই মানে নমিতা নবৌও সেইখিনি পালেহি। প্ৰথমতে মানুহজন কোন ধৰিব পৰা নাই। ভাবিছে কাকতিৰে কোনোবা চিনাকি চাগে নহ’লে খুলশালীয়েকো হ’ব পাৰে। আজিলৈকে খুলশালীয়েকক দেখা নাই যদিও শুনিছে সি বোলে ‘বৌম চালিয়া।’ অলপ সময় ল’ৰাজন বাইকৰ ওপৰতে বহি থাকি লিৰিকা বিদাৰি বাইকখন চাই বাৰে বাৰে টেংকিটো মোহাৰিছে। ইফালে তাৰ গতি বিধি লক্ষ্য কৰি কনক দা ভিতৰৰ পৰা ওলাই আহি মাত দিলে ”কিহে কাক বিচাৰিছে বাৰু?”

কনক দাৰ মাতটো শুনিয়েই অলপ সময়ৰ কাৰণে বাইক আৰোহীজনে তেওঁক চাই লাহে লাহে হেলমেটটো খুলিবলৈ ধৰিলে (একদম চিনেমাত দেখুওৱাৰ দৰে শ্ল’ মোচনত।) হেলমেট খোলাৰ পিছতে মানুহজনক দেখি ইফালে কনক দা বেহুচ হোৱাৰ দৰে, সিফালে আকৌ নমিতা নবৌ দৌৰি আহি ”হেকা দা আপুনি। এইখন মানে আপোনাৰ বাইক। আপোনাক সেইকাৰণে সঁচাকৈয়ে ভাল লাগে এই বয়সতো যে…”

নমিতা নবৌৱে উশাহ নসলোৱাকৈ কোৱা কথাকেইটা কৈ থাকোঁতে বয়সৰ কথাটো ওলাওঁতেই হেকা দাই নিজৰ তৰ্জমা আঙুলিটো নিজৰ ওঁঠৰ ওচৰলৈ নি ”শ্বশ্বশ্ব বয়স ইজ জাষ্ট এ নাম্বাৰ।” কথাকেইটা কৈ এহাতে কাষলতি তলত হেলমেটটো ভৰাই আনহাতৰ আঙুলিৰে বিশেষ ভংগীমাত চাবিটো ঘূৰাই সুহুৰিয়াই সুহুৰিয়াই ভিতৰলৈ গ’ল। সেইদিন ধৰিয়েই কনক দাৰ বাকী থকা শান্তিকণো নোহোৱা হ’ল। বিশেষকৈ যেতিয়া হেকা দাই বাইকখন লৈ ওলাই যায় নমিতা নবৌৰ খেচেখচনি ”সেইয়া ইজন ওলাই গ’ল, আমাৰজনেতো নিজে হাৰ্লী ডেভিদছন লোৱা দূৰৰে কথা পুতেকে ল’ম বুলি কোৱাতো বাধা। হেৰৌ এতিয়া সি নিজৰ পইচাৰে ল’ম বুলি কোৱাতো বাধা অ এই বাপেকদালৰ।”

সিটো ৰূমৰ পৰা মাকৰ কথা শুনি থকা পুতেক হীৰকে মাত লগালে ”আমাৰ দেউতাইনো কি জানে, দৰমহাৰ পইচাকেইটা পোৱা মানে অকল পিপিফ, এল আই চি এইবোৰত জমা কৰিবহে জানে। সময় থাকোঁতেই যদি লাইফটো এনজয় নকৰোঁ, এইসোপা জমা কৰি কৰিম কি। এতিয়ানো নিজেই কৰিছে কি সেইবোৰ পইচাই। ঘৰতে বহি অকল ফিউজ লাইভহে চাই থাকে।” কথাকেইটা কৈ পুতেক নৰ’লেই। ফোফোৱাই ওলাই যোৱা পুতেক আৰু ওচৰতে ৰৈ থকা ঘৈণীয়েককে উদ্দেশ্যি কনক দাই কয় ”মোৰ কথাবোৰ তঁহতৰ কাৰণে এতিয়া বৰ বিষ যেন লাগিছে, পিছত বুজি পাবি ভালকৈ মাৰে-পুতেৰে, কৈ থ’লো।”

তেনেকৈ সিহঁতৰ মাজত তৰ্ক বিতৰ্ক লাগি থাকোঁতে সিফালে নিউজত হঠাতে হেমন্ত কাকতিৰ নামটো শুনি কনক দাই টিভিটোলৈ চকু দিওঁতেহে দেখিলে ফিউজ লাইভত হেমন্ত কাকতিৰ লগতে আৰু দুজনমান ল’ৰাৰ (হীৰকৰ সমবয়সীয়াই হ’ব) সাক্ষাৎকাৰ হৈ আছে। অলপ সময় সাক্ষাৎকাৰটো চাইহে বুজি পালে যে হেকাই হাৰ্লী ডেভিদছন লৈ তলে তলে কিমান দূৰ আগবাঢ়ি গ’ল। তেওঁ ‘ নৰ্থ ইষ্ট বাইক ৰাইডাৰ্ছ’ নামৰ গ্ৰুপটোত জইন কৰি গোটেই নৰ্থ ইষ্ট ঘূৰি টপ হাণ্ড্ৰেড ৰাইডাৰ্ছৰ মাজত এজন হৈ সাক্ষাৎকাৰ দি আছে। এইবাৰ বোলে বাকী নিৰান্নবৈজন ৰাইডাৰ্ছৰ লগত মিলি তেওঁ বাইক লৈ যাত্ৰা কৰিব লেহ্ লাডাখলৈ। এইটো যাত্ৰা সম্পূৰ্ণ কৰিব পাৰিলেই, তাৰপিছত আৰু বহুত চেলেঞ্জ আছে।

হেকা দাৰ কথাবোৰ শুনি কনক দাই সাক্ষাৎকাৰটো বেছি সময় চাই থাকিব নোৱাৰিলে। খঙতে টিভিটো অফ কৰি বকিবলৈ ধৰিলে ”তই লেহ যাৱ, জহন্নামে যাৱ মোৰ কি আহে যায়। এইবোৰ দেখিয়েই মোৰ ঘৈণী, ল’ৰা চবেই মোক দেখিব নোৱাৰা হৈছে। এতিয়া আকৌ টপ হাণ্ড্ৰেডৰ মাজত থাকি আৰু জ্বলা জুইত ঘিউ ঢালিবলৈ আহিছ। ৰচোন তোৰ এইবোৰ কাৰবাৰ যদি মইও ওলোটাকৈ লগাই তোৰ সংসাৰ ভাঙিব নোৱাৰোঁ মোৰ নামো কনক নহয় জানি থ’বি। ইমানদিনে বহুত হৈ গ’ল। তই মোৰ যি শান্তি নোহোৱা কৰিছ, মইও কৰিম তোৰ।”

গিৰিয়েকৰ মুখৰ কথা শুনি নমিতা নবৌ আৰু ৰৈ থাকিব নোৱাৰিলে ”হেৰি আপুনি দিনে দিনে ইমান হি‌ংসাকুৰীয়া হৈ গৈছে কিয়? মানুহজনৰ উৎসাহ দেখি ভালহে পাব লাগে। অলপ তেওঁৰ পৰাই কিবা এটা শিককচোন সেইবোৰ নাই। অসমীয়া মানুহে যে বেলেগে কিবা এটা ভাল কাম কৰিলে দেখিব নোৱাৰে আপুনি প্ৰমাণ কৰি দিছে। মানুহজনে ইমান সহায় কৰে আমাক, তথাপিও এই মানুহজনে তেওঁৰ বিষয়ে ভালকৈ নকয় হেৰৌ। ইমান পেট লেতেৰা হ’ব নাপায় মানুহ। যি কৰে কৰক মনত ৰাখিব শগুণৰ শাওত বুঢ়া গৰু নমৰে।” বৌৱে যিহে তালফাল লগাইছে হেকা দাৰ বৌ যদি ঘৰত আছে ইতিমধ্যে তেওঁৰ কাণত পৰিলেই চাগে কথাবোৰ।

বৌৰ জেকজেকাই অহা মুখখনৰ লগত ফেপেৰি পাতিব নোৱাৰি কনক দাই ”হ’ব হ’ব বৰ মৰম চেলাব নালাগে হেকা ককায়েৰালৈ, মইও চাই ল’ম।” বুলি হাততে ছাতিটো লৈ ঘৰৰ পৰা ওলাই গ’ল। দুপৰীয়াতে কনক দা ওলাই গ’ল যি গ’লেই, আবেলি হ’বৰ হ’ল মানুহজনৰ দেখা সাক্ষাৎ নাই। বৌৱে মনে মনে ভয়ো খালে ”মানুহজনে ক’ত বা কি কৰেগৈ ঠিক নাই। কাকতি দাক দেখি যিহে জ্বলিছে, বাটে-পথে লগ পাই কাজিয়া নকৰিলেই হ’ল। এই বয়সতো ইমান কাজিয়া কৰিব পাৰে এইজনাই, বিচূৰ্তি আৰু পাই। অইনে বয়স মাত্ৰ এটা নম্বৰ বুলি ভাল কাম কৰি দেখুৱাইছে, আমাৰজনাই আকৌ দন হাই কৰিহে প্ৰমাণ কৰিছে।”

নমিতা বৌৱে বহুত সময় কনক দালৈ বাট চাই আগফালে বহি থাকোঁতে এপাকত দেখিলে চাইকেল এখন ঠেলি ঠেলি মানুহজন ফোঁ‌পাই জোপাই সোমাই আহিছে। গেটৰ ভিতৰ সোমাইয়েই বাৰাণ্ডাতে বৌক বহি থকা দেখি হাঁহি এটা মাৰি ”হৌৰা চোৱা, তোমাৰ হেকা ককায়েৰাই বাইক চলাব পাৰে নেকি? আজিৰ পৰা মইও চাইকেল চলাম। চাইকেলখন কিনিয়েই চাইকেল চলোৱা গ্ৰুপ এটাৰ লগত কথা পাতি আহিলোঁ। মইও যাম সিহঁতৰ লগত চাইকেল চলাবলৈ। দুদিনমান বাৰু অসুবিধা হ’ব, বহুত দিন চলোৱা নাই যে। লাহে লাহে ঠিক হৈ যাব। এদিন চাবা মোৰ সাক্ষাৎকাৰ ল’বলৈ টিভি চেনেলবোৰ দৌৰি থাকিব। বোলে এই বয়সত চাইকেল চলাই আমুক বুঢ়াৰ ৰেকৰ্ড। এতিয়া কম্পিটিশ্বন হ’ব কেৱল হেকা আৰু কনকৰ মাজতেই নহয়, হাৰ্লী ডেভিদছন আৰু হাৰ্কিউলিছৰ মাজতো হ’ব। হাঃহাঃ, মইও প্ৰমাণ কৰি দিম বয়স ইজ জাষ্ট এ নাম্বাৰ” কনক দাই হাঁহি হাঁহি কৈ যোৱা কথাবোৰ শুনি বৌৰো হাঁহি ওলাই গ’ল। হাঁহি হাঁহিয়ে বৌৱে ক’লে, “আপোনাক কিন্তু মানিছোঁ দেই। এই বয়সতো যে জেদবোৰ এৰা নাই। বাৰু জেদত পৰিয়েই ভাল কাম কিবা এটা কৰে যদি কৰকচোন। খালী কাৰো অন্যায় কৰাতো নাভাবিব।”

(Published in fotadhol e-magazine, March 2019)

Rimjhim is a writer for multiple blogs including this one. She loves to travel, write, read and savior exquisite delicacies. She is into digital marketing, seo, literature.

SHARE ON:

Leave a comment

Your email address will not be published. Required fields are marked *