লক্ষী

‘মা দেউতাই লক্ষীক কিয় ইমান ধুনীয়াকৈ উলিয়াই আছে? আজি তাইক কোনোবাই লৈ যাব নেকি?’ স্কুলীয়া চাৰ্টটো পেন্টটোত খুচি খুচি বাবুৱে বহুত দেৰিৰপৰা দেউতাকক লক্ষীৰ ওচৰত ৰৈ থকা খিড়িকীখনেদি দেখি মাকক সুধিলে।

‘সদায় দেখোন দেউতাৰে লক্ষীক এনেকৈয়ে মৰম কৰে। তঁহত এতিয়া স্কুললৈ যা।’ বাবুৰ মাকেও ককালৰ খুচনিৰপৰা ওলাই যোৱা চাদৰখন আকৌ এবাৰ খুচি বাবুক আৰু মাইনাক স্কুললৈ আগবঢ়াই দিবলৈ ওলাই আহিল।

‘ঠিক আছে তঁহত যাবি, গৰমটোও বৰ পৰিছে বেছি দৌৰি-ঢাপৰি নুফুৰিবি স্কুলত।’ বাবু মাইনা দুয়ো গেটখন মাৰি ওলাই যাবলৈ লঁওতেই মাকে চিঞৰি কথাকেইটা কৈ দেউতাকৰ ওচৰ পালেহি। অথনিৰেপৰা মানুহজন আৰু লক্ষীয়েনো কি কথা পাতিছে সিঁহতেহে জানে। মানুহজনে বাৰে বাৰে তাইৰ গালে-মুখে হাত ফুৰাই দিয়ে আৰু তাইঝ কাণ মূৰ জোকাৰি জিভাখন উলিয়াই তেখেতৰ হাতখনকে চেলেকিবলৈ ধৰে।

‘বেয়া লাগিছে চাগে মনটো।’

‘হা হা… ওহো হো… অলপ’ বুলি ঘৈণীয়েকে সোধা কথাষাৰত চোবাই থকা তামোলখিনিৰ পিকখিনি পেলাই মূৰটো জোকাৰি মানুহজনে উত্তৰটো দি আকৌ এবাৰ লক্ষীলৈ চালে। লক্ষীৰো চকুৰ কোণকেইটা চকুপানী ওলাবলৈ ধৰাৰ দৰে সেমেকি আছে। তাইও যেন কিবা এটা বুজিহে পাইছে। কথা ক’ব নোৱাৰিলেনো কি হ’ল তাইও এটা জীৱহে। জীৱ-জন্তু হ’লেও মৰমবোৰটো সিঁহতেও বুজি পায়।

‘কথা এটা কচোন আজি এইৰ এইখন ঘৰলৈ অহাৰ কেইবছৰ হ’ল।’ মানুহজনে লক্ষীৰ চকুৱে মুখে হাত ফুৰাই ঘৈণীয়েকক সুধিলে।

‘ৰ’ব দেই, কৈ আছোঁ।’ বুলি মানুহগৰাকীয়ে কিবা এটা আঙুলি মূৰত হিচাপ কৰিবলৈ ধৰিলে। কেঞা আঙুলিটোৰ ওপৰৰ পাবৰপৰা তলৰ পাবটোলৈকে কেইবাবাৰো হিচাপ কৰি মানুহজনীয়ে উত্তৰ দিলে ‘কিয় তাই আমাৰ বাবুৰ লগৰে নহয় জানো। বাবুৰ জন্মৰ দুমাহৰ পিছতে এইৰ জন্ম আকৌ। সেইখিনি কথা মোৰ ভালদৰে মনত আছে। যিকণ সময়ত মোক ঘৰুৱা গাখীৰ অকণমানৰ অতি প্ৰয়োজন আছিল সেইসময়কণতে যেনিবা এইৰ মাকে এইক জন্ম দি আমাক বহুতখিনি সকাহ দিছিল।’

‘মানে এতিয়া এইৰ নবছৰ হ’ল। হয় দে নবছৰে সৰুৰেপৰা ডাঙৰ কৰি এতিয়ানো নজনা-নুশুনা মানুহৰ হাতত কেনেকৈ গতাই দিওঁ।’ মানুহজনে মানুহগৰাকীৰ কথাত হয়ভৰ দি আকৌ এবাৰ হুমুনিয়াহ কাঢ়িলে।

লক্ষী কাকতিহঁতৰ ঘৰৰ একেবাৰে সন্তানৰ দৰে। কাকতিৰ সৰু ল’ৰাটোৰ জন্ম বছৰে লক্ষীৰো জন্ম। তাই পিয়ন এৰাৰ কিছুদিনৰ পিছতে বুঢ়ীমাকজনী মৰি থাকে। সেই তেতিয়াৰেপৰা কাকতিৰ দেখোন তাইৰ প্ৰতি থকা মৰম দুগুণে বাঢ়ে। কাকতিক দেখিলে যিটো কায়দাতহে আগবাঢ়ি আহি কাকতিৰ ভৰিখনত চেলেক এটা মাৰে, তাইৰ সেই স্বভাৱটোৰ কাৰণেই চাগে কাকতিৰ তাইৰ প্ৰতি মৰমটো বেছি হয়।

দেখাত আন দেছী গৰুবোৰতকৈ ওখ-পাখ হিষ্ট-পুষ্ট কাৰণে বহুতে আকৌ তাইৰ কাষ চাপিবলৈকে ভয় কৰে। মৰমতে কাকতিয়ে লক্ষী বুলি মাতোতে সেইকণৰ গোটেই চুবুৰীটোৰ কাৰণে তাই লক্ষী হৈ পৰিছিল।

লক্ষীৰ লগত কাকতিয়ে যেনেকৈহে কথা পাতি থাকে চকুৰে নেদেখিলে কোনোবা মানুহৰ লগত কথা পতা বুলি ভুলেই হ’ব। লক্ষীয়ে যদি কোনোবাদিনা কাকতিক দেখিও হেম্বেলনি এটা নামাৰে সেইদিনা কাকতিৰ চিন্তা হৈ যায় কেনেবাকৈ তাইৰ গা বেয়া নেকি। পাৰিলেটো ওচৰতে থকা ভেটেনেৰি হস্পিতেলখনলৈ লৈ যায়। কাকতি আৰু লক্ষীৰ এই মৰমৰ সম্পৰ্কটো ঘৰৰ আন সদস্যলৈও বিয়পিবলৈ বেছি দিন নালাগিল।

কাকতিৰ ল’ৰা-ছোৱালীকেইটাৰো যেন লক্ষীৰ প্ৰতি মৰমবোৰ দিনে দিনে বাঢ়িবলৈ ধৰিলে। বাবুৰ কথাটো ক’বই নালাগে লক্ষী মানে তাৰ দেহলাওটোহে। আজি যে লক্ষীক কোনোবাই নিবলৈ আহিব সেইকথা সিহঁতক কোৱা নাই। দুয়ো গিৰিয়েক ঘৈণীয়েকে লক্ষীৰ লগত লাগি থাকোতে সিফালে আগফালে চাইকেলৰ টিলিঙাৰ শব্দ শুনি মানুহগৰাকী ওলাই গ’ল।

বাঁওহাতখনৰ তলুৱাত চাধা এপালি লৈ সোঁহাতখনৰে মলি চাইকেল খনৰ গাতে ভেজা দি ৰৈ আছে তেওঁলোকৰ ঘৰৰ ওচৰৰে হাজৰিকা। হাজৰিককা দেখিয়েই বুজিবলৈ বাকী নাথাকিল কাকতিৰ ঘৈণীয়েকৰ। এওঁ নিশ্চয় আজিও লক্ষীৰ গোচৰ তৰিবলৈকে আহিছে।

লক্ষীৰ লগত অহি-নকুল সম্পৰ্ক হাজৰিকাৰ। কিমানবাৰ যে তাইক তেঁও খোৱাৰত নাই থোৱা। এতিয়া গৰুহে মানুহটো নহয় বুজি পাবলৈ যে এবাৰ জেইলত সোমাই অহাৰ পিছত পিছৰবাৰ আকৌ বেয়া কাম নকৰাৰ শপত ল’বলৈ। তাইৰ কাৰণে কাকতিয়েও হাজৰিকাৰ লগত কেতিয়াবা ফেপেৰি পাতিব লগা হয়। গোচৰ এটাই যে লক্ষীয়ে জপনা পাৰ হৈ তেওঁৰ চোতালত লহপহকৈ গজি থকা ঘাঁহখিনি খালেগৈ। তেওঁ তাইক সঠিক সময়ত নেদেখা হ’লে চাগে বাৰীখনত গজা লাওপুলি, জিকাপুলি এটাও নাথাকিলহেঁতেন।

কেতিয়াবা এনেকৈ গোচৰ দিবলৈ আহিলেও কাকতিয়ে হাঁহি হাঁহি কয় আপুনিনো গৰুবোৰৰ লোভ লগাই চোতালত ঘাঁহবোৰ গজাই কিয়? আৰু লক্ষীয়ে জানো জেওৰা ভাঙিছে তাইটো এডালো জেওৰা নলৰোৱাকৈ পাৰ হৈ গৈছে। ইফালে যদি বাৰী অনিষ্ট কৰাৰ কথা ভাবিছে আপুনি দেখোন সময়ত উপস্থিত হ’লেই। কাকতিৰ কথা শুনি হাজৰিকাৰ বুজিবলৈ বাকী নাথাকে যে এইজনাক গোচৰ দি লাভ নাই নিজেই ব্যৱস্থা ল’ব লাগিব। সেয়েহে তাৰপিছৰপৰাই তেখেতে নিজেই তাইক খোৱাৰত সোমোৱাই থৈ আহি কাকতিহঁতক খবৰ দিয়ে।

আজিও হাজৰিকাই লক্ষীৰে গোচৰ লৈ আহিছে বুলি নিশ্চিত হৈ আগবাঢ়ি যোৱা মিছেচ কাকতিক ভুল প্ৰমাণিত কৰি হাজৰিকাই ক’লে যে কাকতিক এবাৰ তেওঁলোকৰ ঘৰলৈ পঠাই দিবলৈ তামোল একবস্তা পুতিব লগা আছে। তাৰ গাতৰ জোখটো চাই দিবলৈ। তেতিয়াহে মিচেছ কাকতিৰ মনটো ভাল লাগিল হাওক তেওঁ আজি অন্ততঃ তাইৰ গোচৰ লৈ অহা নাই।

আজি বাৰু তেওঁ তেওঁৰ ল’ৰা-ছোৱালী দুটিক ফুচুলাই স্কুললৈ যাবলৈ বাধ্য কৰালে। কাইলৈ কি বুলি বুজনি দিব সেইটোহে বিচাৰি পোৱা নাই। এনে ইহঁত দুটাৰ লগত লক্ষীও ওলাই যায়, সিহঁতৰ স্কুলৰ ফিল্ডতে চৰি থাকেগৈ। ছুটিৰ লগে লগে সিহঁতৰ লগত আহি ঘৰৰ ওচৰ পাইহি, তাতে অলপ দেৰি চৰি থাকি সন্ধিয়া হোৱাৰ আগে আগে ঘৰ সোমাইহি। কোনোদিনে তাইক বিচাৰি যাব লগা হোৱা নাই, খোৱাৰত থকা কেইদিন বাদ দি। তাইৰ প্ৰকাণ্ড শৰীৰটো দেখি বহুতে কাষেদি যাবলৈও ভয় কৰে। শৰীৰটোহে প্ৰকাণ্ড কিন্তু স্বভাৱ একেবাৰে নম্ৰ। কেতিয়াবা বাবুয়ে কয় ‘আমাৰ লক্ষীৰ নিচিনা ভদ্ৰ গৰু নাইয়ে। কাকো খুচিবলৈও নাহে আৰু কাৰো ঘৰৰ জেওৰাও নাভাগে। বীৰৰ দৰে পাৰ হৈ সোমাই যায়।

কেতিয়াবা তাই মেইন ৰাষ্টাত এনেকৈ থিয় হৈ থাকে যে গাড়ীয়ে হৰ্ণ মাৰি থাকিলেও ৰাষ্টা এৰি নিদিয়ে। গাড়ীৰপৰা কোনোবা নামি আহি তাইক খেদাব লগা হয়। কিন্তু এই কাণ্ড কাকতিয়ে দেখি এবাৰ মাত্ৰ লক্ষী বুলি মাতটো লগোৱাৰ লগে লগে তাই আতৰি যায়।

কাকতি কেতিয়াবা সন্ধিয়া ঘৰত নাথাকিলে ল’ৰা-ছোৱালীহালে পঢ়াৰ টেবুলত মুঠেও নবহে। কিন্তু কাকতি জপনা খুলি সোমাল কি নোসোমাল সিহঁত দুইটা গৈ পঢ়া টেবুলত বহি যায়। মানে লক্ষীৰ ‘হেম্বে’শব্দই সিহঁতক সচকিত কৰি দিয়ে যে দেউতাক আহি পালেহি। সেই লক্ষীকে আজি লৈ যাব সিহঁতৰ ঘৰৰপৰাই। উপায় নাই বহুত কষ্টত এই সিদ্ধান্ত লোৱা হৈছে। জীৱ-জন্তু হ’লেও সিহঁতে মৰম বুজি পায়।

তাই বিক্ৰী কৰিবলৈ ওলাই কাকতিৰ নিজকে স্বাৰ্থপৰ যেন লাগিছে। ইমানদিনে তাই গাখীৰ কেইটোপাল দি আছিল কাৰণে ভাল আছিল, মৰম কৰিছিল। এতিয়া গাখীৰ নালাগে তাইৰ পেটত পোৱালিয়ে নোৰাৱা হৈছে। ভেটেনেৰি ডাক্তৰৰ মতে তাইৰ আশা এৰি বেলেগ এজনী গৰু অনাই ভাল। সেই কথামতেই কাকতিৰ এই সিদ্ধান্ত। কিমান স্বাৰ্থপৰ হ’ব পাৰে এই মানুহজাতিটো। আচলতে অইন জীৱতকৈ বেছিকৈ চিন্তা কৰিব পাৰে কাৰণেই চাগে এনেবোৰ সিদ্ধান্ত সময়তকৈ আগতে ল’ব পাৰে। মিচেছ কাকতি কথাবোৰ ভাবি ভাবি ভিতৰলৈ সোমাই আহিল। নিজকে তেওঁৰ দোষী যেন লাগিল। তাইও চাগে কিবা এটা গম পাইছে সেইকাৰণে পুৱাৰেপৰা হেম্বেলনি এটাও মৰা নাই।

হাজৰিকাক বিদায় দি ভিতৰলৈ আহিবলৈ ধৰোতেই আকৌ গেটখন খোলাৰ শব্দ হোৱাত পিছলৈ ঘূৰি চাই মিচেছ কাকতিয়ে দেখিলে এজন অচিনাকি মানুহ সোমাই আহিছে। এইজনেই চাগে সেইজন যাৰ হাতত আজি লক্ষীক গতাব। মিচেছ কাকতি ভিতৰলৈ সোমাই নগৈ মানুহজন অহালৈ ৰৈ থাকিল। কাষতে খুচুক খাচাক শব্দ শুনি চাই দেখিলে কাকতিয়েও লাহে লাহে লক্ষীক উলিয়াই আনিছে। তাইও মূৰটো তললৈ কৰি গজি থকা ঘাঁহবোৰৰ এডাল দুডাল চিঙি আগবাঢ়িছে। আজিৰপৰা মানে লক্ষী এইখন ঘৰৰ লক্ষী হৈ নাথাকে।

Rimjhim is a writer for multiple blogs including this one. She loves to travel, write, read and savior exquisite delicacies. She is into digital marketing, seo, literature.

SHARE ON:

Leave a comment

Your email address will not be published. Required fields are marked *