ৰাণী এলিজাবেথৰ চুলি আৰু নগেনৰ চিন্তা!

নগেন: মই কথা এটা ভাবিছোঁ।

খগেন: কি কথা মোকো ক?

নগেন: ৰাণী এলিজাবেথৰ চুটি চুলিৰ আঁৰৰ কথা।

খগেন: কি অ মোকো কছোন

নগেন: ৰাণী এলিজাবেথৰ যে চুলিখিনি চুটি কিয় কচোন?

খগেন: মই কেনেকৈ জানিম লোকৰ মানুহৰ চুলিৰ কথা। তইয়ে কছোন।

নগেন: ধেই এইটো ইমান সৰু কথাটোও নাজাননে। তই ভাতত এডাল দুডাল চুলি পাৱনে নাই কেতিয়াবা।

খগেন: সেইটো আৰু ক’ব লাগেনে সদায়েই ওলাই। কৈ কৈ তাইক হায়ৰাণ হৈ গৈছো ‘বোলো ভাত বনোৱাৰ সময়ত চুলিখিনি নুচুবি।’ সেয়ে উপায়-নাপাই এইজনীক এইবাৰ চুলিখিনি চুটি কৰি কাটি পেলাবলৈ কৈছোঁ।

নগেন: সেইয়া নাজানো বুলি কৈ দেখোন উত্তৰ দেখোন তয়ে দিলি। ৰাণীৰো চুলি সেইকাৰণেই চুটি বুজিলি।

SHARE ON:

Leave a comment

Your email address will not be published. Required fields are marked *