পুুৱা বেলা দৈয়ন দিয়া নাম

সংগ্ৰহ কৰোতাঁ – নীতুমণি দেৱী ৰাম কৃষ্ণ প্ৰভাতে আইদেউ, ৰাম কৃষ্ণ ভূমিত পাৱ নিদিবা, হৰি মোৰ ঐ পৰজাতে দিবা ভৰি। ৰাম কৃষ্ণ পৰজাৰেপৰা  ৰাম কৃষ্ণ  লাম্ফ দি আইদেউ, হৰি মোৰ ঐ চামৰ বৰে পীৰাত বহা। ৰাম কৃষ্ণ চামৰ বৰে পীৰা ৰাম কৃষ্ণ তলে চাৰি খুৰা, হৰি মোৰ ঐ বহিছে সোণৰ চেঁকুৰা। ৰাম কৃষ্ণ পাণে বৰিয়ালৰ ৰাম কৃষ্ণ পাণে আনাগৈ,

বিয়ানাম – মূৰত চাউল দিয়া নাম

সংগ্ৰহ কৰোতাঁ – নীতুমণি দেৱী আগত দিয়া পিছত দিয়া পঞ্চ আয়তীয়ে ৰাম ৰাম, দুৰ্বা ঘাটৰ পানী আনি আইদেউৰ মূৰত দিয়েহে ৰাম ৰাম। ৰূপ পিন্ধে, সোণ পিন্ধে, পিন্ধে পাটৰে শাৰী ৰাম ৰাম, জয় নমো ভূষণ পিন্ধে ইন্দ্ৰই দিছে আনিহে। যেন সিংহ মাৰিয়োক, দুৰ্গতিহেন তৰিয়োক, দুৰ্গতিহেন দুই ভাই লগে ভাগে সীতা যায়, বসুন্ধৰে অধিকাৰী, ব্ৰহ্মাই বোলে হৰি

বিয়ানাম – নোৱনিৰ নাম

সংগ্ৰহ কৰোতাঁ – নীতুমণি দেৱী নোৱনিৰ নামঃ কইনাক নোৱোৱাৰ সময়ত বেইৰ ওচৰত গোপিনীয়ে গোৱা নাম। ১. ওলাই আহা আইদেৱে  এ হৰি দুৱাৰদলি বাজে, ঘৰতে নোৱাব লাগে এ হৰি নকৰিবা লাজ। ওলাই আহা আইদেৱে  এ হৰি মাটিত মংগল চাই, গণকে গণিকা কৰে ক্ষণ চৰি যায়। ওলাই আহা আইদেৱে  কদমত ধৰি, নোৱাবলৈ ৰৈ আছে কৌশল্য়া সুন্দৰী। ওলাই আহা আইদেৱে

বিয়ানাম – পানী তোলা নাম ৩

সংগ্ৰহ কৰোতাঁঃ নীতুমণি দেৱী পানী তোলা নামঃ পানী তুলি উভতি আঁহোতে গোৱা নাম ১. জল ভৰি যশোদা – ফুল চন্দন তুলসী, পিছলৈ নাচাবা – ফুল চন্দন তুলসী, সাগৰো আহিব ভাগিহে – ফুল চন্দন তুলসী, ভৰিল নে নভৰিল ৰাধা তোমাৰ কলচী। সাগৰো ভাগিব – ফুল চন্দন তুলসী, মাণিকো লুকাব – ফুল চন্দন তুলসী, আগলৈ চলিব ভৰিহে – ফুল চন্দন

বিয়ানাম – দুৰলী সজোৱা আৰু পানী তোলা নাম ১

সংগ্ৰহ কৰোতাঁঃ নীতুমণি দেৱী দুৰলী সজোৱা নাম সজোৱা দুৰলী ঘট, কদম কানাই মংগল কৰিয়া, লগোৱা সহস্ৰ বাটি কদম কানাই গন্ধতেল দিয়া। সেৱা কৰি তুলি লোৱা কদম কানাই ধৰম টেকেলী, সন্ধ্য়াতে তুলিব লাগে কদম কানাই কিয় এতবেলি। ওলাই আহা শচীপ্ৰভা কদম কানাই ৰজাৰ মহাদৈ, শুভক্ষণে যাত্ৰা কৰি কদম কানাই জল আনোগৈ। পানী তুলিবলৈ যোৱা নাম  ১. ৰাম কৃষ্ণ সন্ধ্যাতে গমনে, ৰাম কৃষ্ণ

বিয়ানাম – জোৰোণৰ নাম ২

সংগ্ৰহ কৰোতাঁ – নীতুমণি দেৱী জোৰোণৰ দিনা কইনাৰ ঘৰত গোৱা নামঃ তলত উল্লেখিত নামসমূহ জোৰোণ আহি কইনাৰ ঘৰত বহাৰ পিছত কইনাক বাহিৰলৈ ওলাই আহিবলৈ কঁওতে আৰু জোৰোণ পিন্ধাই থকা মূহুৰ্তত গায়। ১. ওলাই আহা আইদেউ এ শিৱ দুৱাৰদলি বাজে, ঘৰতে জোৰোণ পিন্ধাব লাগে এ শিৱ নকৰিবা লাজ। ওলাই আহা আইদেৱে কদমত ধৰি, জোৰোণ পিন্ধাবলৈ ৰৈ

বিয়ানাম – জোৰোণৰ নাম ১

সংগ্ৰহ কৰোতাঁ – নীতুমণি দেৱী কইনাৰ ঘৰত দৰা পক্ষক আদৰাৰ আগতে গোৱা নামঃ জোৰোণৰ দিনা দৰা পক্ষ আহি কইনাৰ পদূলি মুখত কইনাৰ মাকে আদৰিবলৈ নহালৈকে গোৱা কেইফাঁকিমান বিয়ানাম তলত উল্লেখ কৰা হ’ল। ১. আমে কঠালে – দোলা আনা দুলীয়া বাগতি খেলিলে দোলা আনা দুলীয়া বছৰে বছৰে লাগেহে দোলা আনা দুলীয়া জাপি আনা লগুৱা, জোৰোণ আহি ৰৈ আছে কইনাৰ