বয়স ইজ জাষ্ট এ নাম্বাৰ

ভদভদভদভদভদ….. ”উম হাৰ্লী গ’ল।” ভাতৰ পাতৰ পৰা মূৰ নোতোলাকৈ নমিতা নবৌয়ে কৈ উঠিল ”হৌৰা কি হাৰ্লী হাৰ্লী মাৰি থাকাহে, নামটো দি ক’লেও হয় নহয়।” ঘৈণীয়কৰ মুখত সদায় হাৰ্লী নামটো শুনি অতিষ্ঠ হৈ আজি কনক দাই ভেকাহি মাৰিয়ে উঠিল। ”হৰি! এই কথাটোতে ইমান খং খাব লাগে নে দেও। সঁচা কথাহে কৈছোঁ। দেখিছা মানুহজন দিনে দিনে কিমান

আলহী

ৰাতিপুৱা বহুত দেৰিলৈকে শুই থকা গিৰিয়েকক দেখি ঘৈণীয়েকে মাত লগালে ‘হেৰি, ইমান দেৰিলৈকে শুইয়েই থাকিব নে? উঠি ঘৰৰ দুই এটা বজাৰ কৰি আনিবগৈ? ঘৈণীয়েকে মতাৰ বহুত সময়লৈকে গিৰিয়েকৰ সাৰ-সুৰ নাই। এইবাৰ ঘৈণীয়েকৰ আৰু সহ্য নহ’ল। অলপ ডাঙৰকৈয়ে ক’লে ‘হেৰি আপুনি আজি উঠিবনে?’ ঘৈণীয়েকৰ মাতত এইবাৰ গিৰিয়েকৰ গা লৰিল। চকুকেইটা মেলি লাহেকৈ মাত দিলে ‘ কিয়

ৰচনাঃ স্ক্ৰীণশ্বত এক অস্ত্ৰ

আজিলৈকে মহিলাৰ চকুপানীয়ে আটাইতকৈ ডাঙৰ অস্ত্ৰ হিচাপে পৰিগণিত হৈ আহিছিল যদিও বৰ্তমান আটাইতকৈ ভয়াবহ অস্ত্ৰবিধ হ’ল স্ক্ৰীণশ্বত। আচলতে ইয়াক চাইলেন্ট উইপন বুলিও ক’ব পৰা যায়। স্ক্ৰীণশ্বত নামৰ অস্ত্ৰপাত আহি কেতিয়া কেনেকৈ সংগোপনে আপোনাক আক্ৰমণ কৰিবহি আপুনি গমেই নাপাব। মাত্ৰ ই অপেক্ষা কৰে সুযোগলৈ। সুযোগ পালেই ই টোপা কাড়তকৈ দ্ৰুতবেগত আহি বিন্ধিব। স্ক্ৰীণশ্বত কাক বোলে? ব্যক্তি

ফেচবুকৰ লাভ ৰিয়েকচন আৰু বিগ বাবুলৰ ষ্টিকাৰ

আগতে ফেবুত আছিল অকল বুঢ়া আঙুলি দেখুওৱা চিষ্টেমটো। ফটো এখন বা ষ্টেটাচটো ভাল লাগিল দেখুৱাই দিয়ক বুঢ়া আঙুলি, বেয়া লাগিছে কিন্তু 👍 এইটো নিদিলে কথাটো বেয়া হয় দি দিয়ক। কিন্তু সেই আগৰ দিন নাই। এতিয়া আপুনি নিজৰ পচন্দ অনুসৰি 👍,❤, 😮, 😆, 😠, 😥আদিবোৰ ব্যৱহাৰ কৰি পাৰে, কোনো কথা নাই। কিন্তু যেতিয়াই মই কাৰোবাৰ ফটোত ❤ এইটো দিওঁ, আগতে বিগ বাবুলত পোৱা ষ্টিকাৰ এটিলৈ

অনলাইন চপিং

ৰাতিপুৱা শুই থাকোঁতেই হাজবেণ্ডলৈ ফোন আহিল এমাজনৰ পৰা ‘আপোনাৰ পাৰ্ছেল এটা আছিল।’ বিছনাতে থকা পতিদেৱে কথাটো শুনিয়েই ‘নাই নাই, মই একো অৰ্ডাৰ কৰাই নাই। ৰং নাম্বাৰ।’ ডেলিভাৰী বয় ‘আছে আপোনাৰ এড্ৰেছতে আহিছে মেবিলিনৰ এটা নেইল পলিছ।’ ইফালে হাজবেণ্ডে কথাটো কোনোমতে মানি নলয় তৰ্ক কৰাত লাগিছে। মইও সিহঁতৰ তৰ্ক বিতৰ্ক শুনি লাহেকৈ মাত দিলোঁ ‘আহিবলৈ দিয়া

আমাৰ মাহঁতৰ কমন ডায়লগ/গালি

ক’ত যাৱ দেউতাৰক সুধি যা, মোৰ মূৰটো চোবাই নাথাকিবি। তহঁতে খাই লচোন, মোৰ মন যোৱা নাই খাবলৈ (মানে আজি ভাত বনাওঁতে অলপ কম হ’ল।) লোকৰ ল’ৰা-ছোৱালীক গলিয়াই থাকিলেও নাখায়, আমাৰ আকৌ এইকেইটাৰ খাওঁ খাওঁ মূৰ্তি। মাৰজনী আছে যে চব কৰি দিবই, কিহৰ চিন্তা। এইমখাৰ পৰা হ’বলা মোৰ শান্তি আছে! ক’তো যাব নোৱাৰোৱেই লগতে ওলাব। এইমখাৰ

ছাতি

আজিও আনদিনাৰ দৰে হৰিপ্ৰিয়া মাষ্টৰণী উধামুধাকৈ স্কুললৈ আহিছে। তেওঁ খেলপথাৰখন পাইহি মানে ইতিমধ্যে প্ৰাৰ্থনাৰ বেল পৰিছেই। এটা হাতে ছাতিটো ধৰি আনটো হাতেৰে ফিচিকি যোৱা মেখেলাখন সকলোৱে দেখাকৈ ওলাই গৈছে নেকি পৰীক্ষা কৰি যিমান পাৰে দীঘলকৈ খোজকেইটা দিলে। আজি শেষৰ দিনটোত প্ৰাৰ্থনা সভাখন নাপালে বেয়া লাগিব। সোনকালে স্কুল আহি খেলি থকা ল’ৰা-ছোৱালীকেইটা বেলৰ শব্দ শুনি প্ৰাৰ্থনা

এ টেল অৱ এ হৰৰ কেট

ভূত চতুৰ্দশীৰ পিছদিনাৰ ঘটনা। চৈধ্যগচ চাকি জ্বলাই ভূত খেদাইছিলো যদিও ভূতে মোৰ লগ নেৰিলে। কোনোমতে মোৰ প্ৰাণটো ৰক্ষা কৰিলোঁ ভূতৰ পৰা…। কাহিনীটো এনেকুৱা আছিল– ‘অ হ’ল’ ‘কি হ’ল?’ ‘এইয়া চোৱাহি’ ‘অ কোনে কেনেকৈ?’ ‘মই কি জানো কোনে কেনেকৈ?’ ‘কেনেকৈ হ’ব পাৰে বাৰু!’ ‘আমি শুবলৈ যোৱালৈকে ঠিকেই আছিলতো।’ আগদিনা ইমান কষ্ট কৰি বনোৱা আল্পনাটোৰ আধা ভাঙি

ফেচবুক

বৰুৱানী: হেৰি আজি আবেলি গজা দুটামান, কেক দুপিচমান আৰু নিমকি দুখনমান লৈ আহিবাচোন। বৰুৱা: কিয় কিবা পাতিছা নেকি? বৰুৱানী: এনেই শৰ্মা-শৰ্মানীকো মাতিছো আবেলি চাহ একাপ খাবলৈ। বৰুৱানীৰ কথাই বৰুৱাক ভবাই তুলিলে অলপ সময়ৰ কাৰণে। তেওঁ কেনেবাকৈ কিবা উইছ কৰিবলৈ পাহৰা নাইতো। এনেইতো শৰ্মানীক চাহ খাবলৈ মতাৰ প্ৰশ্নই নুঠে। মনৰ ভিতৰতে গুণা-গথা কৰি লৈ বৰুৱা নিশ্চিত

আচৰিত

‘ মই তাইক মাৰি পেলালোঁ। এইয়া চা, এই দুখন হাতেৰে মই তাইক মাৰি পেলালোঁ। মই কিয় মাৰিলোঁ বাৰু তাইক? মাত্ৰ এটা সৰু কথাতে মই তাইক মাৰি পেলালোঁ মানুহে মানুহক এনেকৈও মাৰি পেলাব পাৰে নে ৰাজীৱ?’  কনিষ্ঠ আৰু মধ্যমা আঙুলিৰ সোমাজত সোমাই থকা চিগাৰেটটো চেন্টাৰ টেবুলখনত থকা এষ্ট্ৰেটোত থৈ অভিনৱে দুয়োখন হাতেৰে নিজৰ মুখখন ঢাকি হুকহুকাই