ৰিতু কুমাৰ ভাৰ্চাছ মাষ্টৰজী

সদায় অফিচলৈ অহা-যোৱা কৰা ৰাষ্টাটোত কেইবাটাও ভাল ব্ৰেণ্ডৰ শ্ব ৰুম লগতে ডিজাইনাৰ কিছুমানৰো বুটিক আছে। সদায় অহ-যোৱা কৰোতে দেখাহে হয়, সোমোৱা কেতিয়াও নহয়। এদিন মনতে ভাবিলোঁ আজি সোমামেই সোমাম। কিনিব নোৱাৰিলেও চালেনো কাৰ কি ক্ষতি হ’ব। সেয়ে প্লান মতে আহি সোমালোহি ‘ৰিতু কুমাৰ’ ডিজাইনাৰ কাপোৰৰ শ্ব’ৰুমটোত। সোমাইছোহে এগৰাকী আহি সুধিলেই নহয় ‘ৱেলকাম টু আৱাৰ ষ্ট’ৰ,

পায়স বনাম কাৰ্ড ৰাইচ

বেংগালুৰুলৈ অহা বেছিদিন হোৱা নাছিল খুব বেছি হৈছিল যদি দহ-পোন্ধৰদিন। ইয়াৰ ৰাস্তা-ঘাটবোৰৰ লগতে খাদ্য প্ৰণালীৰ কথা জানিবলৈ বহুত বাকী। খাদ্যৰ ভিতৰত ইডলি, ড’ছা বাদ দি বাকীবোৰৰ লগত তেতিয়াও চিনাকি হোৱা নাছিলোঁ। এদিন পতিদেৱে প্ৰস্তাৱ দিলে বাহিৰত খাবলৈ যোৱাৰ মানে ৰাতিৰসাজ যিটো আমি পোছাকী ভাষাত কওঁ ডিনাৰ। প্ৰস্তাৱটো শুনিয়ে মোৰ ভৰি দুখন জাপ মাৰি উঠিলেই নহয়।

সেই দিনবোৰ!

সৰুতে গান গোৱাৰ খুব হেপাঁহ আছিল। আচলতে মই ছোৱালীজনী সকলোতে অংশগ্ৰহণ কৰি খুব ভাল পাইছিলোঁ। সেইয়া লাগিলে খেলেই হওঁক, গানেই হওঁক, নাচেই হওঁক বা কবিতা আবৃত্তিয়ে হওঁক। বাকীবোৰত বাৰু যেন তেন কিন্তু গান আৰু নাচ। সঁচা কথা ক’বলৈ গ’লে সেই দুবিধৰ কাৰণে মই জন্মই হোৱা নাই আৰু সেই কথা ডাঙৰ হঁওতেহে গম পালো। সেইসময়ত মই