ফেচবুক

বৰুৱানী: হেৰি আজি আবেলি গজা দুটামান, কেক দুপিচমান আৰু নিমকি দুখনমান লৈ আহিবাচোন। বৰুৱা: কিয় কিবা পাতিছা নেকি? বৰুৱানী: এনেই শৰ্মা-শৰ্মানীকো মাতিছো আবেলি চাহ একাপ খাবলৈ। বৰুৱানীৰ কথাই বৰুৱাক ভবাই তুলিলে অলপ সময়ৰ কাৰণে। তেওঁ কেনেবাকৈ কিবা উইছ কৰিবলৈ পাহৰা নাইতো। এনেইতো শৰ্মানীক চাহ খাবলৈ মতাৰ প্ৰশ্নই নুঠে। মনৰ ভিতৰতে গুণা-গথা কৰি লৈ বৰুৱা নিশ্চিত

টুটকীয়া

ছয়বছৰীয়া পুতেকে মাকৰ কিছুমান কথাত অতীষ্ঠ হৈ পৰিছে। চব কথাতে ইমান চকু দি থাকে মাকজনীয়ে আৰু সি যি কৰে চব কথা দেউতাকক লগাই দিয়ে। পুতেক: মা কথা এটা সুধোনে? মাক: সোধা বেটা। পুতেক: তুমি টুটকীয়া ন মানে কথা লগোৱা মানুহ ন। মাক (আচৰিত হৈ): কিয় মই কাৰ কথা ক’ত লগালো অ? পুতেক: মোৰ কথা আকৌ।

ৰাণী এলিজাবেথৰ চুলি আৰু নগেনৰ চিন্তা!

নগেন: মই কথা এটা ভাবিছোঁ। খগেন: কি কথা মোকো ক? নগেন: ৰাণী এলিজাবেথৰ চুটি চুলিৰ আঁৰৰ কথা। খগেন: কি অ মোকো কছোন নগেন: ৰাণী এলিজাবেথৰ যে চুলিখিনি চুটি কিয় কচোন? খগেন: মই কেনেকৈ জানিম লোকৰ মানুহৰ চুলিৰ কথা। তইয়ে কছোন। নগেন: ধেই এইটো ইমান সৰু কথাটোও নাজাননে। তই ভাতত এডাল দুডাল চুলি পাৱনে নাই কেতিয়াবা।

ইংৰাজী শিকো আহক

দেউতাক: হেৰৌ, তোৰ পৰীক্ষা যিমান ওচৰ চাপিছে সিমান দেখোন চিনেমা চাবলৈহে লৈছ। তই পঢ়িবি কেতিয়া? পুত্ৰ: নহয় অ দেউতা মই ইংৰাজীত অকণমান উইক। সেয়ে… দেউতাক: ইংৰাজীত উইকৰ লগত চিনেমা চোৱাৰ সম্বন্ধটো মই অলপ বুজিবলৈ টান পাইছোঁ। পুত্ৰ: এহ, দেউতা তুমি বৰ আউটডেটেড অ। সেইদিনা ফেচবুকৰ ইংৰাজী শিকাৰ গ্ৰুপ এটাৰ কোনোবা এটা পোষ্টত দেখিলোঁ যে ইংৰাজী

প্ৰেম

প্ৰেমিকা: তুমি মোক কিমান ভালপোৱা? প্ৰেমিক: মোৰ বুকুৰ ধপধপনি শুনি অনুমান কৰাচোন মোৰ ভালপোৱাক। ফোনটো বুকুতে লগাই প্ৰেমিকে ক’লে। প্ৰেমিকা: অহ এম জি, ইমান ঢপঢপনি তোমাৰ বুকুৰ। প্ৰেমিক: এতিয়া কোৱা তোমাক মই কিমান ভালপাওঁ। প্ৰেমিকা: হুহ হ’ব সেইবোৰ যে মোৰ প্ৰতি থকা ভালপোৱাৰ কাৰণে হোৱা ধপধপনি হ’বই নোৱাৰে। সেইবোৰ তোমাৰ বুকুত জমা হোৱা কফৰ ঘূৰঘূৰণিহে।

ৰিতু কুমাৰ ভাৰ্চাছ মাষ্টৰজী

সদায় অফিচলৈ অহা-যোৱা কৰা ৰাষ্টাটোত কেইবাটাও ভাল ব্ৰেণ্ডৰ শ্ব ৰুম লগতে ডিজাইনাৰ কিছুমানৰো বুটিক আছে। সদায় অহ-যোৱা কৰোতে দেখাহে হয়, সোমোৱা কেতিয়াও নহয়। এদিন মনতে ভাবিলোঁ আজি সোমামেই সোমাম। কিনিব নোৱাৰিলেও চালেনো কাৰ কি ক্ষতি হ’ব। সেয়ে প্লান মতে আহি সোমালোহি ‘ৰিতু কুমাৰ’ ডিজাইনাৰ কাপোৰৰ শ্ব’ৰুমটোত। সোমাইছোহে এগৰাকী আহি সুধিলেই নহয় ‘ৱেলকাম টু আৱাৰ ষ্ট’ৰ,

বৰুৱাৰ Gym

এলেহুৱা বৰুৱাই Gym জইন কৰিছে। বৰুৱাৰ এদিন গৈয়ে অৱস্থা তথৈবচ, ভৰিৰ বিষ, পিঠিৰ বিষত তত্ পোৱা নাই। বৰুৱা: মই আৰু কাইলৈৰপৰা নাযাওঁ দেই। হ’ল বুলি ইমান কষ্ট কৰিব নোৱাৰি। কাম নাই বন নাই লোহা লস্কৰবোৰ ডাঙি থাকিবলৈ। বৰুৱাৰ কথাত একো নামাতি বৰুৱানী লাহেকৈ পাকঘৰ পালেগৈ। অলপ সময়ৰ পিছতে প্লেট এখন লৈ গিৰিয়েকৰ হাতত দিলেগৈ। বৰুৱা:

কণটিলৌ ৰকড্

‘বাইদেউ , অ বাইদেউ ঘৰত আছেনে? ওলাই আহকচোন সোনকালে চাও‍ঁকহি আপোনালোকৰ কণটিলৌৱে কি কৰিলে।’ বাহিৰত কোনোবাই মাতি থকা শুনি কণটিলৌৰ মাক লৰালৰিকৈ ওলাই আহি দেখে বাহিৰত মহিলা এগৰাকীয়ে আৰু লগত কণটিলৌৰ বয়সৰে ল’ৰা এটা ৰৈ আছে। কণটিলৌৰ মাক: কওঁকচোন কি হ’ল? মহিলা: চাঁওকচোন আপোনাৰ এই তীখৰ ল’ৰাটোৱে শিলগুটি দলিয়াই আমাৰ ল’ৰাই আনি থকা মিঠাতেলৰ বটলটো

কৃপণ বাইদেউ

কৃপণ বুলি নাম থকা বাইদেউ এগৰাকীক আজি মৰ্ণিং ৱাক কৰিবলৈ যাওঁতে লগ পালো। বাইদেউৱে দেখোন ৰাস্তাৰ কাষৰ বনবোৰৰ মাজত কিবা এটা বিচাৰি ফুৰিছে। তাকে দেখি চিন্তাক্লিষ্ট বাইদেউক দেখি মাত দিলোঁ ‘বাইদেউ এই পুৱাই পুৱাই কি বিচাৰি আছেনো।?’ চিন্তাক্লিষ্ট বাইদেউৱে মাত দিলে ‘ন’কবাহে কালি সন্ধিয়া ছোৱালীজনীক উলিয়াই আনোতে ইমান মৰ্টন লাগে বুলি হাহাকাৰ কৰি পেনপেনাই আছিল।