এ টেল অৱ এ হৰৰ কেট

ভূত চতুৰ্দশীৰ পিছদিনাৰ ঘটনা। চৈধ্যগচ চাকি জ্বলাই ভূত খেদাইছিলো যদিও ভূতে মোৰ লগ নেৰিলে। কোনোমতে মোৰ প্ৰাণটো ৰক্ষা কৰিলোঁ ভূতৰ পৰা…। কাহিনীটো এনেকুৱা আছিল– ‘অ হ’ল’ ‘কি হ’ল?’ ‘এইয়া চোৱাহি’ ‘অ কোনে কেনেকৈ?’ ‘মই কি জানো কোনে কেনেকৈ?’ ‘কেনেকৈ হ’ব পাৰে বাৰু!’ ‘আমি শুবলৈ যোৱালৈকে ঠিকেই আছিলতো।’ আগদিনা ইমান কষ্ট কৰি বনোৱা আল্পনাটোৰ আধা ভাঙি

ইংৰাজী শিকো আহক

দেউতাক: হেৰৌ, তোৰ পৰীক্ষা যিমান ওচৰ চাপিছে সিমান দেখোন চিনেমা চাবলৈহে লৈছ। তই পঢ়িবি কেতিয়া? পুত্ৰ: নহয় অ দেউতা মই ইংৰাজীত অকণমান উইক। সেয়ে… দেউতাক: ইংৰাজীত উইকৰ লগত চিনেমা চোৱাৰ সম্বন্ধটো মই অলপ বুজিবলৈ টান পাইছোঁ। পুত্ৰ: এহ, দেউতা তুমি বৰ আউটডেটেড অ। সেইদিনা ফেচবুকৰ ইংৰাজী শিকাৰ গ্ৰুপ এটাৰ কোনোবা এটা পোষ্টত দেখিলোঁ যে ইংৰাজী

তীখৰ আৰু চুটিমুটি বাই ২

মই যে কৈছিলোঁ তীখৰ আৰু চুটিমুটিৰ কাজিয়াও নলগা নহয়। কথাটো হয়, ইমান মিল থকাৰ পিছতো কিছুমান কথাত সিহঁতৰ কাজিয়া লাগি যায়। কাজিয়া লাগিলে কেতিয়াবা সেইখন সাংঘাতিক ডাঙৰ হৈ যায় মাক বা দেউতাক কোনোবা আহিহে ভাঙিব পাৰে। চুটি তীখৰতকৈ বয়সত ডাঙৰ আৰু দেখাত শকত-আৱত হ’লেও কাজিয়া লগাৰ ক্ষেত্ৰত তীখৰক কেতিয়াও হৰুৱাব নোৱাৰে। তীখৰৰ কিটকিটিয়া জেওৰা খৰি

তীখৰ আৰু চুটিমুটি বাই

এখন গাঁৱত অহ চ’ৰী গাঁৱ বুলি ক’লে চুটিমুটিয়ে বেয়া পাই বুলি পাহৰিয়েই গৈছিলোঁ। এখন চেমি চহৰ আৰু চেমি গাঁৱৰ জেগাত তীখৰ আৰু চুটিমুটি নামেৰে এহাল বায়েক-ভায়েক আছিল। বাৰু, চুটিমুটিয়ে নুশুনাকৈ কৈছো দেই জেগাখন যিহেতুকে গাঁৱ পঞ্চায়তৰ অধীনত পৰে গতিকে গাঁৱ বুলিয়েই ক’ব লাগিব। চুটিয়ে বেয়া পোৱা কামটো কৰিবলৈ বেয়া লাগে কাৰণে আপোনালোকক কাণে কাণে কথাষাৰ

পিংকিৰ Current Affairs

পিংকিয়ে বিএ পাছ কৰি এতিয়া প্ৰতিযোগিতামূলক পৰীক্ষাবোৰ দিবলৈ তৈয়াৰী কৰি আছে। পিংকি কথাই বতৰাই, পিন্ধনে উৰণে খুব স্মাৰ্ট। কেতিয়াবা পিংকিৰ এনেকুৱা হয় বেছি স্মাৰ্ট দেখুৱাবলৈ যাঁওতে মগজটোৱে কৰবাত ভালকৈয়ে থেকেছাও খায়। বিএও সেই তিনিবছৰৰ ঠাইত পাঁচবছৰ লাগিল পাছ কৰোতে। তথাপিও চাকৰি এটা কৰবাত পাব লাগিব সেয়ে পৰীক্ষা সমূহ দিয়াৰ কথা ভাবিছে। এইবোৰ পৰীক্ষাৰ কাৰণে ইমান

কণপিতৌৰ ব্য়ৱসায়

শিক্ষকে পঞ্চম শ্ৰেণীৰ ছাত্র ছাত্ৰীসকলক এফালৰপৰা সুধি গৈছে ‘ডাঙৰ হৈ কি কৰিবি অ লৱা ছোৱালীহঁত?’ সকলোৱে নিজৰ নিজৰ কথা কৈ গৈ আছে কাৰ কি লক্ষ্য। এইখিনিতে কনপিতৌৰ পাল পৰিল। তাৰ আকৌ ব্য়ৱসায় কৰাৰ খুব ইচ্ছা। শিক্ষক: তই কছোন লৱা তোৰনো কি কৰিবৰ মন? কণপিতৌ: ছাৰ মই দোকান দিম। শি: দোকান দিবি! বাৰু দোকান দিবলৈ তই কি

টাটুৰ কাহিনী

পুতেকে বাহুতে টাটু এটা বনাই এইবাৰ ঘৰলৈ গৈছে। ‘মা এইটো চা কেনেকুৱা লাগিছে’ বুলি পুৱাই গা ধুই ৰূমলৈ অহা মাকক হাতখন ভাজ কৰি বাহুতো অলপ ফুলাই টাটু দেখোৱালে। পুতেক আকৌ শিৱবাবাৰ ভক্ত, সেয়ে বাহুতে বাপ্পেকে বাবাকে বহুৱাই ল’লে। সহজ সৰল মাকে পুতেকৰ বাহুৰ টাটু দেখিয়েই কিবা কোৱাৰ আগতে চাদৰৰ আচলখনৰে মূৰটো ঢাকি হাত যোৰ কৰি

জোঁৱাই আৰু শহুৰৰ কাহিনী

ওফাইদাং মৰা জোঁৱায়েক এইবাৰ দুদিনমান থকাকে শহুৰেকৰ ঘৰলৈ গৈছে । বিয়াৰ সাতবছৰমান হৈ গ’ল এইবাৰেই চাগে প্ৰথমবাৰৰ বাবে দীঘলীয়াকৈ শহুৰেকৰ ঘৰত থাকিব। ইমান বছৰৰ মূৰত জোৱায়েক দুদিনমান থকাকৈ আহিছে শাহু-শহুৰৰ ফূৰ্তিটে গাত তত নোহোৱা হৈ আছে। শহুৰেকেটো বহুত প্লান কৰি থৈছে জোৱায়েক আহিলে কি খুৱাব, কি দেখুৱাব, ক’লৈ ফুৰাবলৈ নিব ইত্যাদি। প্ৰথমতে ঘৰৰ ফল-মূলৰ বাগিছাখনকে