চি এম চাৰৰ হেলিকপ্টাৰ

ৰ ৰ আজি মোৰ একেবাৰে সময় নাই। কি মোৰ হ’বলা সময় আছে। ইহ, কথা কয় চোৱা। তেওঁৱেইহে যেন অকল চাবলৈ যাব। আমিও যাম হেৰৌ। হ’ব হ’ব। কোন ক’ত যায় নাজানো, এতিয়া সদ্যহতে মোৰ ৰাস্তাৰ পৰা গুচ। কেৰকণক দম এটা দি ভোলা কাইটি চাইকেলখনৰ টিলিঙা বজাই বজাই গ’লগৈ। কেৰিয়াৰতে টুল এখনো বান্ধি লৈছে। আচলতে ভঙা ৰাস্তাটোৰ

জীৱন!

আৰু সি তেনেকৈয়ে সি চলৈ গৈ আছে। বাকী তিনিটা কেনেকৈ চলি আছে সেইবোৰলৈ ভ্ৰূক্ষেপ নাই। একেৰাহে কাম কৰি অলপ সৰহকৈ পইচা ঘটাৰো ধৈৰ্য তাৰ নাই। খুউব বেছি সময় কাম কৰিব পাৰে যদি আধা ঘণ্টা। তাৰপিছতে সি পানী খোৱাৰ চলেৰে আহি মালিকৰ লগত কথা পাতি কোনোমতে ১০টকা এটা সৰকাই ততাতৈয়াকৈ সেইখিনি এৰি ক’লৈ ঢাপলি মেলে জনাই

বয়স ইজ জাষ্ট এ নাম্বাৰ

ভদভদভদভদভদ….. ”উম হাৰ্লী গ’ল।” ভাতৰ পাতৰ পৰা মূৰ নোতোলাকৈ নমিতা নবৌয়ে কৈ উঠিল ”হৌৰা কি হাৰ্লী হাৰ্লী মাৰি থাকাহে, নামটো দি ক’লেও হয় নহয়।” ঘৈণীয়কৰ মুখত সদায় হাৰ্লী নামটো শুনি অতিষ্ঠ হৈ আজি কনক দাই ভেকাহি মাৰিয়ে উঠিল। ”হৰি! এই কথাটোতে ইমান খং খাব লাগে নে দেও। সঁচা কথাহে কৈছোঁ। দেখিছা মানুহজন দিনে দিনে কিমান

ছাতি

আজিও আনদিনাৰ দৰে হৰিপ্ৰিয়া মাষ্টৰণী উধামুধাকৈ স্কুললৈ আহিছে। তেওঁ খেলপথাৰখন পাইহি মানে ইতিমধ্যে প্ৰাৰ্থনাৰ বেল পৰিছেই। এটা হাতে ছাতিটো ধৰি আনটো হাতেৰে ফিচিকি যোৱা মেখেলাখন সকলোৱে দেখাকৈ ওলাই গৈছে নেকি পৰীক্ষা কৰি যিমান পাৰে দীঘলকৈ খোজকেইটা দিলে। আজি শেষৰ দিনটোত প্ৰাৰ্থনা সভাখন নাপালে বেয়া লাগিব। সোনকালে স্কুল আহি খেলি থকা ল’ৰা-ছোৱালীকেইটা বেলৰ শব্দ শুনি প্ৰাৰ্থনা

আচৰিত

‘ মই তাইক মাৰি পেলালোঁ। এইয়া চা, এই দুখন হাতেৰে মই তাইক মাৰি পেলালোঁ। মই কিয় মাৰিলোঁ বাৰু তাইক? মাত্ৰ এটা সৰু কথাতে মই তাইক মাৰি পেলালোঁ মানুহে মানুহক এনেকৈও মাৰি পেলাব পাৰে নে ৰাজীৱ?’  কনিষ্ঠ আৰু মধ্যমা আঙুলিৰ সোমাজত সোমাই থকা চিগাৰেটটো চেন্টাৰ টেবুলখনত থকা এষ্ট্ৰেটোত থৈ অভিনৱে দুয়োখন হাতেৰে নিজৰ মুখখন ঢাকি হুকহুকাই

লক্ষী

‘মা দেউতাই লক্ষীক কিয় ইমান ধুনীয়াকৈ উলিয়াই আছে? আজি তাইক কোনোবাই লৈ যাব নেকি?’ স্কুলীয়া চাৰ্টটো পেন্টটোত খুচি খুচি বাবুৱে বহুত দেৰিৰপৰা দেউতাকক লক্ষীৰ ওচৰত ৰৈ থকা খিড়িকীখনেদি দেখি মাকক সুধিলে। ‘সদায় দেখোন দেউতাৰে লক্ষীক এনেকৈয়ে মৰম কৰে। তঁহত এতিয়া স্কুললৈ যা।’ বাবুৰ মাকেও ককালৰ খুচনিৰপৰা ওলাই যোৱা চাদৰখন আকৌ এবাৰ খুচি বাবুক আৰু মাইনাক

তীখৰ আৰু চুটিমুটি বাই ২

মই যে কৈছিলোঁ তীখৰ আৰু চুটিমুটিৰ কাজিয়াও নলগা নহয়। কথাটো হয়, ইমান মিল থকাৰ পিছতো কিছুমান কথাত সিহঁতৰ কাজিয়া লাগি যায়। কাজিয়া লাগিলে কেতিয়াবা সেইখন সাংঘাতিক ডাঙৰ হৈ যায় মাক বা দেউতাক কোনোবা আহিহে ভাঙিব পাৰে। চুটি তীখৰতকৈ বয়সত ডাঙৰ আৰু দেখাত শকত-আৱত হ’লেও কাজিয়া লগাৰ ক্ষেত্ৰত তীখৰক কেতিয়াও হৰুৱাব নোৱাৰে। তীখৰৰ কিটকিটিয়া জেওৰা খৰি

তীখৰ আৰু চুটিমুটি বাই

এখন গাঁৱত অহ চ’ৰী গাঁৱ বুলি ক’লে চুটিমুটিয়ে বেয়া পাই বুলি পাহৰিয়েই গৈছিলোঁ। এখন চেমি চহৰ আৰু চেমি গাঁৱৰ জেগাত তীখৰ আৰু চুটিমুটি নামেৰে এহাল বায়েক-ভায়েক আছিল। বাৰু, চুটিমুটিয়ে নুশুনাকৈ কৈছো দেই জেগাখন যিহেতুকে গাঁৱ পঞ্চায়তৰ অধীনত পৰে গতিকে গাঁৱ বুলিয়েই ক’ব লাগিব। চুটিয়ে বেয়া পোৱা কামটো কৰিবলৈ বেয়া লাগে কাৰণে আপোনালোকক কাণে কাণে কথাষাৰ

আজৱ দেশৰ গজৱ কাহিনী

আমাৰ কণটি কাইটিৰ চোৰলৈ বৰ ভয় এটা সোমাইছে। চোৰ মানে সেই সিন্দি খান্দি ঘৰ লুটি পুটি নিয়া চোৰবিধ নহয় আকৌ, মানে আজিকালি ওলোৱা হব্য গব্য ধনী চোৰবোৰলৈহে ভয়। এই গাঁৱৰ কেলেহুৱা চোৰকেইটালৈ দাইটিৰ মুঠেও ভয় নাই। সিহঁতে যদি কেনেবাকৈ কণটি কাইটিৰ ঘৰত হাত দিয়েও পিছদিনা জেগাৰ বস্তু জেগাতে থৈ যাবহি সেইটো কিন্তু খাটাং। আৰু নিবলৈ

তুমি অভিমানী হৈ থকাই ভাল আছিল!

‘প্লিজ বাবা তুমি অন্তত: এনেকৈ নাথাকিবা।’ ‘কেনেকৈ থাকিব নালাগে।’ ‘মোক নমতাকৈ।’ ‘কিয়?’ ‘মোৰ বহুত কষ্ট হয়।’ ‘পোৱাচোন তেন্তে অলপ কষ্ট।’ ‘ধেইত এনেকৈ মানুহ থাকিব পাৰে নেকি! একেটা ঘৰতে একেটা ৰুমতে নমতানমতিকৈ।’ ‘কিয় মইতো পাৰো।’ ‘মই নোৱাৰো বাবা।’ এনেদৰেই এইহালৰ লাগি থাকে মাজে মাজে। নালাগিলে নাইয়ে লাগিলে মানে ভালকৈয়ে লাগে। নিৰ্মালিটো আৰু একোব চৰা, নমতাকৈয়ে থাকি