বিয়ানাম – পানী তোলা নাম ২

সংগ্ৰহ কৰোতাঁঃ নীতুমণি দেৱী পানী তোলা নাম: নদী বা পুখুৰী পাৰত দিয়া নাম ই ঘাটে দুবৰি যমুনাৰে ভৰা নাঁও, সি ঘাটে দুবৰি যমুনাৰে ভৰা নাঁও, তুলিম কোন ঘাটে পানী হে যমুনাৰে ভৰা নাঁও, আইদেউ স্নান কৰিব জল দিয়া গংগা মা। যি ঘাটে আইদেউৱে যমুনাৰে ভৰা নাঁও, গা স্নান কৰিব যমুনাৰে ভৰা নাঁও, সি ঘাটে তোলাগৈ পানী

আজীৱন লগৰী হাতখন

সদায় ধৰি শোৱাৰ দৰে নিজৰাই গিৰিয়েক অমলৰ হাতখনত ধৰি ওপৰলৈ মুখখন দি বিছনাত পৰি থাকিল। বিয়া হোৱাৰ দিন ধৰি তাই এনেকৈয়ে শোৱে। টোপনি যোৱাৰ পিছত হয়তো হাতখন এৰ খাই যাব পাৰে, সাৰ পালে আকৌ ওচৰলৈ আহি ধৰি লয়হি। গিৰিয়েকে বিয়াৰ প্ৰথম দুদিনমান দিগদাৰ পাইছিল। কাৰণ সৰুৰেপৰা খড়াকৰ ঘৰত থাকি ডাঙৰ হোৱা ল’ৰা অমল। সাধাৰণতে অকলেই

ক্ৰিকেটো এক আৱেগ অনুভূতি

বহুত দিনৰ মূৰত মাৰ মুখত শুনিলো ক্ৰিকেট খেলৰ কথা। ফোনটো ৰিচিভ কৰিয়েই অইন বেলেগ কথা সোধাৰ সলনি ক’লে ইণ্ডিয়া পাকিস্তানৰ খেল চাই আছো প্ৰায় দুবছৰ মানৰ মূৰত। ক্ৰিকেট নামটো শুনিয়ে মইও টিভিটো লগাই বহি ল’লো। বহুত দিনেই হৈ গ’ল খেল নোচোৱা সেয়ে খেলুৱৈসকলকো যুৱৰাজ, কোহলি আৰু কেইটামানক বাদ দি বাকীবোৰক বৰ ভালদৰে চিনি নাপাও। কিন্তু

বিগেষ্ট ফেন অৱ জুবিন (Zubeen Garg)!

অসমীয়া পৰীক্ষা হে আছে। ইমান টোপনি ক্ষতি কৰি নপঢ়িলেও হ’ব। অংক, ইংৰাজী থকাৰ দিনা কথাটো বেলেগ। সেইকেইটালে অৱশ্যে ভয় লাগি থাকে ভালকৈ নোৱাৰো যে। তথাপিও এইটো সাধাৰণ পৰীক্ষা নহয় কিন্তু এনেকৈ ইমান সহজ কৈ ল’বলৈ। মেট্ৰিক মেট্ৰিকেই ইয়াত সহজ বুলি একো নাই সকলোবোৰ বিষয়েই একেই সমানেই পঢ়িব লাগিব। এইবোৰ বহুত দিনৰেপৰা শুনি অহা কথা বৰ

ভালপোৱা ( The Love)

‘তোমাতকৈ আৰু মোৰ জীৱনত ডাঙৰ সম্পত্তি একোৱে নাই’ বুলি কৈ থৈ অফিচলৈ ওলাই যোৱা গিৰিয়েক বিধানৰ মুখখন বাৰে বাৰে মনত পৰি থকা বৰষাৰ নিজকে আকৌ এবাৰ অপৰাধী যেন লাগিল; কিছুমান স্থাৱৰ সম্পত্তিৰ লগত তাৰ অকৃত্ৰিম ভালপোৱাক তুলনা কৰি উপহাস কৰা কাৰণে। হয়, বিধানে ধনে-সোণে এগালমানৰে তাইক পুতি ৰাখিব নোৱাৰিলেও বৰষাক বাৰে বাৰে তাৰ প্ৰেমত পেলাব

বয়সবোৰো যে!

‘সেই কলেজীয়া দাদা-বাইদেউ কেইজনৰে ভাল দেই ক্লাছ কৰিব লাগিব বুলি একো চিন্তা নাই নিজৰ মতে ক্লাছ কৰিলেই হ’ল। হোমউৰ্ৱকো নকৰিলেও চলি যায়।’ বাহুত বাহু লগাই গা ঘেলাই গৈ থকা কলেজীয়া ল’ৰা-ছোৱালীকেইটালৈ চাই চাই নিজৰ মাজতে ভোৰভোৰাই আবিৰ স্কুললৈ গৈ থাকিল। সঁচাকৈ সি যে কেতিয়া ডাঙৰ হ’ব কেতিয়া কলেজ পাবগৈ! সদায় স্কুল, হোমউৰ্ৱকবিলাকে তাৰ নগুৰ-নাগতি বাহিৰ

সংসাৰৰ লীলা!

মুনমুন আজি প্ৰথমবাৰৰ কাৰণে মামাকৰ ঘৰলৈ যাব। কাৰোৰে গাত তত নাই। তাক কেনেকৈ নিব, কিহত নিব আগদিনাৰপৰাই মাক-দেউতাকৰ মাজত আলোচনা। মামাকৰ ঘৰলৈ যদিও এবেলাৰ বাত তথাপিও মুনমুনক লৈ যোৱাৰ কথা যে সেয়ে অলপ দোমোজাত পৰিছে। আজিকালি মুনমুন হাজৰিকাহঁতৰ ঘৰৰে এজন সদস্যৰ দৰে হৈ পৰিছে। সি অহাৰপৰাই সকলোবোৰ মৰম যেন সিয়েই কাঢ়ি লৈ গৈছে আনকি পাঁচবছৰীয়া

বিবেক দংশন

হয় আপুনি ঠিকেই বুজিছে। মই কি ক’বলৈ গৈ আছো। পুনৰ এবাৰ আপোনাক সোঁৱৰাই দিও আপুনি প্ৰকৃততে হয় কোন? আপুনি এজন সভ্য সমাজৰ অহ্ নহয় সভ্য শব্দতো ক’লে হয়তো ভুল হ’ব কাৰণ সকলো ব্যক্তিয়ে সভ্য, কিন্তু সৎ হোৱাতোহে ডাঙৰ কথা। আপুনি ইমান এজন সৎ ব্যক্তি তথাপিও কেতিয়াবা কিছুমান ক্ষন্তেকীয়া সুখৰ কাৰণে সেই সততাক বৰ্জন কৰিব কিয়

চাইড-এফেক্টচ

ৰিমঝিম বৰঠাকুৰ বৰষুণজাকে আকৌ চিপচিপাবলৈ আৰম্ভ কৰি দিলে। কিমান সময়নো হৈছিল এৰিবৰ আকৌ আহিলেই। কালিৰেপৰা নেৰানেপেৰাকৈ লাগিছে, দুদিনত যে এৰিব একো আশা দেখা নাই। প্ৰথম জাক বৰষুণ ভাল লাগে! জিৰজিৰকৈ বলি থকা বতাহচাতিয়ে চিপচিপ বৰষুণজাকক উৰাই লৈ যাঁওতে গালে-মুখে চিটিকাই থৈ যোৱা টোপালবোৰ! আহ, কি যে এক ধুনীয়া অনুভূতি। কিন্তু ভাল লগা অনুভৱবোৰো খন্তেকীয়া। যেতিয়া

বিয়া (Wedding)

ৰিমঝিম বৰঠাকুৰ শইকীয়ানীয়ে কেইবাযোৰাও কাপোৰ উলিয়াই থৈছে ঘৰৰ ওচৰৰ বিয়াখনৰ ৰিচিপচনখনলৈ পিন্ধি যাবলৈ। দুযোৰমান উলিয়াই থৈ আকৌ সোমোৱাই থ’লে সেইকেইযোৰ বোলে আগতে দুখনমান বিয়াত পিন্ধিছে। পুনৰ যদি পিন্ধে ‘গোট’ৰ লগৰকেইজনীয়ে দেখিলে সেইটোকে হ’বলগীয়া মিটিংখনৰ আলোচনাৰ বিষয় হ’ব। কাকতিৰ ঘৈণীয়েকে দেখিলেতো হ’লেই আৰু। এনেই বহল মুখখন আৰু অলপ ডাঙৰকৈ মেলি সকলোৱে শুনাকৈ কৈয়েই পেলাব আগতে কাপোৰযোৰ