মনোবৃত্তি (Mentality)

‘যোৱাহে মণি কি খালি টিভি চাই থাকিবলৈ আহিছা, ল’ৰাৰ টোপনি আহিছে ভাত কেইটা ৰান্ধি খোৱাই শুৱাই দিয়া। দিনৰ দিনটো টিভিয়ে চাই থাকা এতিয়া নাচালেও হ’ব তোমাৰ ‘চাছ্-বহু’ চিৰিয়েল কেইখন’ এনেকৈ কৈয়ে আকাশে মণিৰ পৰা টিভি ৰিমৰ্টটোলৈ নিজেই কিবা কিবি চোৱাত লাগিল। মণিয়েও একো নামাতি পাকঘৰত সোমালগৈ, কিনো ক’ব এইবোৰ তাইৰ দৈনন্দিন জীৱনৰে একো একোটা অংশ।

বাৰ্ধক্য

অই অবি দেখোন হঠাৎ লগ পালো যে! মনে মনে এনেকৈ আহি গুচি যাৱ। ব‘ল আজি মোৰ ঘৰত থাকিবি। জু–তিনিআলিত এনেকৈ অবিনাশক লগ পায় মনটো ভাল লাগি গ‘ল। নাই জৰুৰী কাম এটাতহে আহিবলগা হ‘ল, আজিয়েই উভতিব লাগিব, বেলেগ কেতিয়াবা আহিলে যাম দে তোৰ তালৈ। আচলতে ক‘বলৈ গ‘লে দেউতাৰ গাটো আজিকালি ভালে নাথাকে প্ৰায়েই, মায়ে অকলে চম্ভালিব